সমগ্ৰ দেশৰ লগতে অসমতো অপ্ৰতিৰোধ্য গতিত বৃদ্ধি পাইছে কোভিড১৯ৰ সংক্ৰমণ।
ইতিমধ্যে ৰাজ্যত কোভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি নৈশ সান্ধ্য আইন বলৱৎ থকাৰ সমান্তৰালভাৱে সন্ধিয়া ৬ বজাৰ পৰা শ্বপিং মল, দোকান পোহাৰ, বজাৰ আদি বন্ধ থকাৰ লগতে অন্যান্য কোভিড বিধি বলৱৎ হৈ আছে।
কিন্তু কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত নতুন কোভিড নীতি নিৰ্দেশনা জাৰি কৰিবলৈ ৰাজ্য প্ৰশাসন তৎপৰ হৈছে বুলি জানিব পৰা গৈছে।
নতুন কোভিড নীতি নিৰ্দেশনা অনুসৰি বুধবাৰে সন্ধিয়া ৬ বজাৰ পৰা সান্ধ্য নৈশ আইনত বলৱৎ কৰা হ’ব। ইয়াৰ পূৰ্বে সন্ধিয়া ৮ বজাৰ পৰা সান্ধ্য নৈশ আইন বলৱৎ হৈ আহিছিল।
ইয়াৰ ফলত কোনো লোকে সন্ধিয়া ৬ বজাৰ পিছৰ পৰা ঘৰৰ বাহিৰলৈ ওলাব নোৱাৰিব।
ইফালে বিয়লি ২ বজাৰ পৰা দোকান-পোহাৰৰ লগতে শ্বপিং মল আদি ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব। ইয়াৰ পূৰ্বে সন্ধিয়া ৬ বজাত সমগ্ৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰা হৈছিল।
আনহাতে সাধাৰণ কাম কাজত ঘৰৰ বাহিৰলৈ যোৱা লোকসকলে ২ বজাৰ আগতে ঘৰলৈ ওভতি আহিব লাগিব। অৱশ্যে অত্যাৱশকীয় বা জৰুৰী সেৱা আৰু চৰকাৰী বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকল সন্ধিয়া ৬ বজাৰলৈকে ঘৰৰ বাহিৰত থাকিব পাৰিব। অৱশ্যে এই ক্ষেত্ৰত পৰিচয় বা অনুমতি পত্ৰ প্ৰদৰ্শন কৰাতো বাধ্যতামূলক হ’ব।
বিবাহ সভা আদি বন্ধ নকৰিলেও খুব কম সংখ্যক লোকৰ উপস্থিতিতহে এয়া সমাপন কৰিব পাৰিব।
ইফালে জৰুৰী সেৱাত নিয়োজিত লোকৰ বাবে পূৰ্বৰ দৰেই নীতিসমূহেই বলৱৎ হৈ থাকিব বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে এতিয়াৰ পৰা আৰক্ষী প্ৰশাসন আৰু অধিক কঠোৰ হ’ব। ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অনুসৰি শাস্তি প্ৰদান কৰা হ’ব কোভিড প্ৰটক’ল উলংঘা কৰা লোকসকলক।
ইতিমধ্যে নতুন নীতি নিৰ্দেশনা প্ৰস্তুতৰ বাবে ৰাজ্য প্ৰশাসনৰ শীৰ্ষ আমোলাসকল মিলিত হৈছে। এই বৈঠকতে ৰাজ্য প্ৰশাসনে নতুন কোভিড নীতি নিৰ্দেশনাসমূহ প্ৰস্তুত কৰি আছে বুলি জানিব পৰা গৈছে।
সূত্ৰটোৰ মতে অহা বুধবাৰৰ পৰা নতুন কোভিড নীতি নিৰ্দেশনাসমূহ বলৱৎ কৰা হ’ব আৰু কিছু সময়ৰ পিছতে ৰাজ্য চৰকাৰে এই সম্পৰ্কীয় নিৰ্দেশনা জাৰি কৰা হ’ব পাৰে। জনসংযোগ বিভাগৰ সঞ্চালকে আমাৰ সাংবাদিকক জনাইছে এই কথা।
উল্লেখ্য যে কালিৰ দিনটোত ৰাজ্যত ৪ হাজাৰতকৈ অধিক লোক কৰোনাত আক্ৰান্ত হোৱাৰ লগতে কেৱল গুৱাহাটী মহানগৰীত ১৬শৰো অধিক লোক আক্ৰান্ত হৈছে কৰোনাত। কালিৰ দিনটোত ২৯ গৰাকী লোকে মৃত্যুক আঁকোৱালি লৈছে ৰাজ্যত।