ৰাজ্যত ক্ৰমবৰ্ধান গতিত কোভিড সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা স্থগিত ৰাখিছে।
সংসদৰ সচিব পংকজ বৰঠাকুৰৰ স্বাক্ষৰিত এক জাননী যোগে এই কথা প্ৰকাশ কৰিছে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে।
উল্লেখ্য যে অহা ১১ মে’ৰ পৰা উচ্চতৰ মাধ্যমিকৰ ২০২১ বৰ্ষৰ চূড়ান্ত পৰীক্ষা আৰম্ভ হোৱাৰ কথা আছিল।
জাননীখনত কোৱা হৈছে যে “সংশ্লিষ্ট সকলো পক্ষকে জনোৱা হৈছে যে কোভিড১৯ৰ এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অহা ১১ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া ২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা পৰৱৰ্তী নিৰ্দেশনা জাৰি নকৰা পৰ্যন্ত স্থগিত ৰখা হৈছে।”
স্মৰ্তব্য যে ইয়াৰ কিছু সময়ৰ পূৰ্বে মাধ্যমিক শিক্ষা সংসদে ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা স্থগিত কৰাৰ কথা ঘোষণা কৰিছিল।
ইতিপূৰ্বে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে যোৱা ৪ মে’ৰ পৰা আৰম্ভ হ’বলগীয়া ২০২১ বৰ্ষৰ উচ্চতমৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ পৰীক্ষাও কোভিড১৯ৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত ৰাখিছিল।
যোৱা ২৮ এপ্ৰিলত জাৰি কৰা এক জাননী যোগে সেই ঘোষণা কৰিছিল সংসদৰ সচিব পংকজ বৰঠাকুৰে।