• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অলিম্পিক পদক বিজয়ী মল্ল যুঁজাৰু সুশীল কুমাৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু দিল্লী আৰক্ষীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 6, 2021 2:59 pm
Sushil Kumar
206
VIEWS
Share on FacebookShare on Twitter

এগৰাকী মল্ল যুঁজাৰু হত্যাৰ অভিযোগত অলিম্পিকৰ দুটাকৈ পদক বিজয়ী মল্ল যুঁজাৰু সুশীল কুমাৰৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে হত্যাৰ গোচৰ ৰুজু কৰিছে।

বুধবাৰে দিল্লী আৰক্ষীয়ে প্ৰকাশ কৰিছে যে ২৩ বছৰীয়া সাগৰ নামৰ এগৰাকী মল্ল যুঁজাৰুৰ হত্যাৰ সৈতে জড়িত থকাৰ অভিযোগত সুশীল কুমাৰৰ সৈতে অন্য পাঁচগৰাকীৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

বাতিৰ লিখা পৰলৈকে এগৰাকী অভিযুক্তক আটক কৰাৰ বাহিৰে সুশীল কুমাৰসহ আন কোনো অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাই।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে নিহত ২৩ বছৰীয়া মল্ল যুঁজাৰুগৰাকীৰ আন দুগৰাকী সতীৰ্থও দলৱদ্ধ আক্ৰমণত আহত হৈছে।

মংগলবাৰে নিশা দিল্লী দক্ষিণাঞ্চলৰ ছাত্ৰশাল ষ্টেডিয়ামৰ ভিতৰত এই আক্ৰমণৰ ঘটনাটো সংঘটিত হয়।

মডেল টাউন আৰক্ষীয়ে নিশাই ঘটনাস্থলীৰ পৰা এখন স্ক্ৰপিঅ’সহ পাঁচখন বাহন ৰখাই থোৱা অৱস্থাত জব্দ কৰিছে। স্ক্ৰপিঅ’খনৰ পৰা আৰক্ষীয়ে ডাবুল বেৰেলৰ এটা বন্দুক, পাঁচ জাঁই সজীৱ গুলীসহ দুডাল কঠাৰ লাঠি উদ্ধাৰ কৰিছে।

আহতকেইজনক আৰক্ষীয়ে উদ্ধাৰ কৰি বিজেআৰএমএইছ হাস্পিতালত চিকিৎসাৰ বাবে ভৰ্তি কৰায়।

আৰক্ষীয়ে ২৪ বছৰীয়া প্ৰিন্স দালাল নামৰ এজন যুৱকক ঘটনাৰ সন্দৰ্ভত হাৰিয়ানাৰ ঝাজাৰৰ পৰা আটক কৰিছে। তেওঁৰ পৰাও এটা ডাবুল বেৰেল বন্দুক আৰু সাত জাঁই সজীৱ গুলী উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

বিভিন্ন প্ৰমাণৰ ভিত্তিত আৰক্ষীয়ে হত্যাকাণ্ডটোত জড়িত থকাৰ সন্দেহত দুটাকৈ অলিম্পিক পদক বিজয়ী মল্ল যুঁজাৰু সুশীল কুমাৰসহ অন্য পাঁচগকাৰীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৩, ৩৬৫, ১২০বি ৰ ধাৰাত গোচৰ ৰুজু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

Recent News

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd