বোকাখাতৰ বিশিষ্ট নাগৰিক, অসম প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া শিশুৰাম পেগুৰ শুকুৰবাৰে বিয়লি বোকাখাতস্থিত নিজা বাসগৃহত ৯৩ বছৰ বয়সত মৃত্যু হয়৷
১৯৩০ চনত বোকাখাতৰ ধনশিৰিমুখত জন্ম গ্ৰহণ কৰা শিশুৰাম পেগুৱে প্ৰাথমিক, মাধ্যমিক, উচ্চ শিক্ষা গ্ৰহণ কৰি অসম প্ৰশাসনিক সেৱাৰ এগৰাকী বিষয়া হিচাপে চাকৰিত যোগদান কৰিছিল ৷
সুদীৰ্ঘ ৩৩ বছৰ কাল প্ৰশাসনিক বিষয়া বিচাপে দক্ষতাৰে কাম কৰি শিশুৰাম পেগুৱে ১৯৮৮ চনৰ ৩১ মাৰ্চত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷
চাকৰি জীৱনৰ লগতে সাহিত্যিক হিচাপেও শিশুৰাম পেগু পৰিচিত আছিল ৷ তেওঁ ধনশিৰিমুখৰ কথা, মোৰ জীৱন দৃষ্টি (আত্মজীৱনী), ধনশিৰি গাঁৱৰ ডেকাজন, বিভ্ৰম, ছদ্মনামত লক্ষণ চিকাৰী, পোৰা সোণৰ টুকুৰা আদি কেইবাখনো গ্ৰন্থ ৰচনা কৰি প্ৰকাশ কৰিছিল ৷
মৃত্যুৰ সময়ত শিশুৰাম পেগুয়ে পত্নী আৰু একমাত্ৰ কন্যাৰ সৈতে তিনিজন পুত্ৰক এৰি থৈ যায় ৷
শিশুৰাম পেগুৰ মাজু পুত্ৰ ডাঃ ৰনোজ পেগু সক্ৰিয় ৰাজনীতিৰ সৈতে জড়িত ৷ ডা৹ ৰনোজ পেগু সদ্য ঘোষিত ২০২১ৰ বিধানসভা নিৰ্বাচনত ধেমাজি সমষ্টিৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হৈছে ৷
শিশুৰাম পেগুৰ একমাত্ৰ কন্যা নন্দিতা পেগুৰ জোঁৱাই পৰমানন্দ চাৰিঙিয়াই মিচিং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷