কমনৱেল্থ গেমছত নিজৰ সৰ্বোচ্চ উজাৰি দিবলৈ সাজু হৈ উঠিছে মণিপুৰৰ মহিলা ভাৰোত্তোলক চায়খম মীৰাবাঈ চানু । অহা মাহত অনুষ্ঠিত হ’বলগীয়া এই বহু প্ৰত্যাশিত প্ৰতিযোগিতাখনত চানুৱে ৪৮ কিলোগ্ৰাম শাখাত প্ৰতিদ্বণ্ডিতা আগবঢ়াব। উল্লেখ্য যে এই শাখাত মণিপুৰৰ খেলুৱৈগৰাকীয়ে পদক অৰ্জন কৰাৰ সম্ভাৱণা প্ৰকট হৈ উঠিছে।
মনকৰিবলগীয়া যে মীৰাবাঈ চানুৱে ২০১৪ চনত গ্লাছগ’ত অনুষ্ঠিত কমনৱেল্থ গেমছত ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰি চানুৱে যোৱা বছৰ নৱেম্বৰ মাহত আমেৰিকাত অনুষ্ঠিত বিশ্ব চেম্পিয়নশ্বীপত আকৰ্ষণীয় প্ৰদৰ্শন কৰি সোণৰ পদক অৰ্জন কৰিছিল। আনহাতে বিশ্ব চেম্পিয়নশ্বীপত অংশগ্ৰহণ কৰাৰ পূৰ্বে তেওঁ অষ্ট্ৰেলিয়াত অনুষ্ঠিত কমনৱেল্থ চেম্পিয়নশ্বীপতো সোণৰ পদক লাভ কৰিছিল।
‘এছিয়ান গেমছ আৰু বিশ্ব চেম্পিয়নশ্বীপ প্ৰতিযোগিতাতকৈ কমনৱেল্থ গেমছ অতিকৈ সহজ প্ৰতিযোগিতা। গ’ল্ড ক’ষ্টত হ’বলগীয়া এই প্ৰতিযোগিতাত মই সোণৰ পদক আজুৰি আনিম। মোৰ বাবে সোণৰ পদক অৰ্জন কৰাটো একো টান কথা নহয়’, এনেদৰে গভীৰ আত্মবিশ্বাসেৰে অষ্ট্ৰেলিয়াৰ পৰা মন্তব্য কৰে। বৰ্তমান অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত মীৰাবাঈ চানু আৰু আন সতীৰ্থসকল ব্যস্ত আছে প্ৰশিক্ষণ গ্ৰহণ কৰাত।
উল্লেখযোগ্য যে ৪৮ কিলোগ্ৰাম শাখাত কমনৱেল্থ গেমছৰ ৰেকৰ্ড হ’ল ১৭৫ কিলোগ্ৰাম। ২০১০ চনৰ দিল্লী কমনৱেল্থ গেমছত এই ৰেকৰ্ডৰ অধিকাৰী হ’বলৈ সক্ষম হৈছিল নাইজেৰিয়াৰ অগষ্টিনা নোৱাওকল’। গ’ল্ড ক’ষ্টত ৪৮ কিলোগ্ৰাম শাখাত ভাৰতৰ মীৰাবাঈ চানুক তীব্ৰ প্ৰত্যাহ্বান জনাব কানাডাৰ আমাণ্ডা ব্ৰাড’কে। তেওঁৰ ব্যক্তিগত সৰ্বোচ্চ প্ৰদৰ্শন হৈছে ১৭৩ কিলোগ্ৰাম।
‘প্ৰতিযোগিতাখনত অংশ লোৱা কোনো প্ৰতিযোগীয়ে ১৮০ কিলোগ্ৰাম ওজন দাঙিবলৈ সক্ষম হোৱা নাই। মই সম্পূৰ্ণ সহজভাবে নলও। মই ১৯০ কিলোগ্ৰাম দাঙিবলৈ চেষ্টা কৰিম কিন্তু ২০০ বা ১৯৫ কিলোগ্ৰামৰ ওপৰত চেষ্টা নকৰো’, বুলিও মীৰাবাঈয়ে স্পষ্টৰূপত উল্লেখ কৰে।
‘এই বছৰৰ শেষৰ ফালে এছিয়ান গেমছ অনুষ্ঠিত হ’ব, আৰু ইয়াৰ পূৰ্বে মই আঘাত হ’ব নিবিচাৰো। মোৰ মুখ্য উদ্দেশ্য হৈছে এছিয়ান গেমছত উন্নত মানৰ প্ৰদৰ্শন দাঙি ধৰি সোণৰ পদক অৰ্জন কৰা। বিশ্বৰ বহু আগশাৰীৰ খেলুৱৈয়ে এছিয়ান গেমছত অংশ ল’ব আৰু সেই প্ৰতিযোগীসকলৰ লগত প্ৰতিদ্বণ্ডিতা কৰাটোৱে মোৰ প্ৰধান লক্ষ্য। আৰু এই অভিজ্ঞতাই মোক ২০২০ টকিঅ’ অলিম্পিকত সহায় কৰিব’ এনেদৰে কয় চানুৱে।
উল্লেখ্য যে মীৰাবাঈ চানুৱে ২০১৮ কমনৱেল্থ গেমছত ৫ এপ্ৰিলৰ দিনা নিজৰ প্ৰদৰ্শন আগবঢ়াব। যদিহে উক্ত দিনা সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয় তেন্তে প্ৰতিযোগিতাখনত ভাৰতৰ হৈ প্ৰথন পদক অৰ্জন কৰা চানুৱে হ’ব প্ৰথম খেলুৱৈ।
‘টকিঅ’ অলিম্পিকত সোণৰ পদক অৰ্জন কৰায়েই মোৰ প্ৰধান উদ্দেশ্য। সেই সপোন লৈয়ে মই জীয়াই আছো’, শেষত চানুৱে এইদৰে উল্লেখ কৰে।