• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পূৰ্বৰ আৰোগ্য নিধিৰ সংগৃহীত ধনৰেই হিচাপ নাই! আকৌ সাহায্য বিচাৰি আক্ৰমণৰ সন্মুখীন মুখ্যমন্ত্ৰী ডঃ শৰ্মা

প্ৰাঞ্জল দেউৰী by প্ৰাঞ্জল দেউৰী
May 18, 2021 8:12 pm
CM HSB
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোভিড নিয়ন্ত্ৰণৰ বাবে পুনৰ এবাৰ অসমৰ ৰাইজক দান বৰঙণি আগবঢ়াবলৈ কাতৰভাৱে আহ্বান জনাই সামাজিক মাধ্যমত আক্ৰমণৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।

সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কভিড পৰিস্থিতি অপৰিৱৰ্তনীয় হৈয়ে আছে। সোমবাৰে দিনটোত ৰাজ্যত ৬ হাজাৰো অধিক লোক কোৰানাত আক্ৰান্ত হোৱাৰ বিপৰীতে ৯২ গৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হৈছে।

Apply Now

কোভিডৰ বিৰুদ্ধে যুঁজিবলৈ এইবাৰ আকৌ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ পৰা কাতৰতাৰে দান বৰঙণি বিচাৰি কয়, “এই সংকটৰ মুখামুখি হ’ব পৰাকৈ আমাৰ সামৰ্থ্য বৃদ্ধিৰ বাবে উদাৰ চিত্তে বৰঙনি আগবঢ়াবলৈ মই আপোনালোকক অনুৰোধ জনাব খোজো। আপোনালোকৰ বৰঙনি ব্যৱহাৰ কৰা হ’ব কেৱল মাত্র কভিড-১৯ ৰোগৰ প্ৰতিৰোধ,  প্রতিষেধক ক্ৰয়, অক্সিজেন শয্যাৰ সংযোজন আৰু অন্যান্য যাৱতীয় কামৰ বাবে। চৰকাৰে দাতাসকলৰ নামৰ তালিকা সময়ে সময়ে প্রকাশ কৰি থাকিব আৰু এই বৰঙনিক আয়কৰ ৰেহাইৰ আওতাত সামৰি লোৱা হ’ব।”

এই আহ্বানৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰভাৱে আক্ৰমণ কৰা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত।

উল্লেখ্য যে দেশৰ লগতে ৰাজ্যতো কৰোনাৰ প্ৰথমটো ঢৌৱে আক্ৰমণ কৰাৰ সময়তে কোভিড প্ৰতিৰোধী যুঁজৰ বাবে ২০২০ বৰ্ষত মুখ্যমন্ত্ৰী সাহায্য পুঁজি আৰু আৰোগ্য নিধিলৈ চৰকাৰে দান বৰঙণি আগবঢ়াবলৈ ৰাইজক আহ্বান জনাইছিল আৰু অসমৰ ৰাইজে মুক্তহস্তে দান বৰঙণি আগবঢ়াইছিল।

ৰাইজৰ পৰা সংগৃহীত উক্ত ধন ৰাইজক হিচাপ দিয়াৰ লগতে কেৱল কোভিড প্ৰতিৰোধী যুঁজত ব্যয় কৰা হ’ব বুলিও চৰকাৰে ঘোষণা কৰিছিল। চৰকাৰে সেই ধনেৰে কেবাখনো কোভিড চিকিৎসালয় নিৰ্মাণ কৰাৰ লগতে সেই চিকিৎলায়সমূহক পৰৱৰ্তী সময়ত সাধাৰণ চিকিৎসালয়লৈ উন্নীত কৰা হ’ব বুলিও ঘোষণা কৰিছিল।

ইফালে ৰাজ্যৰ তদানীন্তন স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ দান বৰঙণিৰে সংগৃহীত ধনেৰে নিৰ্মাণ কৰিবলগীয়া কোভিড চিকিৎসালয়ৰ বাবে ভূমিও অধিগ্ৰহণ কৰা বুলি প্ৰচাৰ চলোৱা হৈছিল।

কিন্তু ৰাজ্য কোনো স্থানতেই এখনো কোভিড হাস্পতাল নিৰ্মাণ কৰা দেখা নগ’ল, বৰং বিভিন্ন ঠাইত অস্থায়ীভাৱে নিৰ্মাণ কৰা কোভিড কেয়াৰ চেণ্টাৰসমূহকো ভাঙি পেলোৱাহে দেখা গ’ল।

খানাৰপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ ফিল্ড আৰু সৰুসজাই ষ্টেডিয়ামত নিৰ্মাণ কৰা বৃদাকাৰ কোভিড চেন্টাৰ ভাঙি বিশাল জনসমাগমেৰে ৰাজনৈতিক আৰু চৰকাৰী সভা-সমিতি আয়োজন কৰা হৈছিল। এইদৰে প্ৰথমটো ঢৌত নিৰ্মাণ কৰা সকলো কোভিড আন্তঃগাঁথনি চৰকাৰে নিজেই ধ্বংস কৰি ৰাইজৰ কোটি কোটি ধন অবাবতে নষ্ট কৰাহে দেখা গ’ল। যাৰফলত কৰোনাৰ দ্বিতীয় ঢৌত চৰকাৰে থৰকাছুটি হেৰুওৱাৰ উপক্ৰম ঘটিছে।

চৰকাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজি আৰু আৰোগ্য নিধিত ৰাজহুৱা দান বৰঙণিৰে কিমান ধন সংগৃহীত হ’ল আৰু সেই ধন ক’ত কেনেকৈ ব্যৱহাৰ কৰা হ’ল তাৰ কোনো সঠিক তথ্য অদ্যপি ৰাজহুৱা কৰা নাই। অৱশ্যে এবাৰ ঘোষণা কৰিছিল যদিও সেয়াও বিতং তথ্য নাছিল।

বৰং পিএম সাহায্য পুঁজিক আৰটিআইৰ আওতাৰ বাহিৰত ৰখাৰ সুবিধা গ্ৰহণ কৰি অসম চৰকাৰেও সাহায্য পুঁজি তথা আৰোগ্য নিধিত সংগৃহীত ধনৰ সবিশেষ হিচাপ ৰাজহুৱা কৰাৰ পৰা বিৰত থাকিল।

ইফালে অভিযোগ উত্থাপিত হৈ আহিছে যে কোভিডৰ প্ৰথমটো ঢৌত কোভিড ৰোগীৰ বাবে খাদ্যকে আদি কৰি বিভিন্ন সা-সামগ্ৰী যোগান ধৰা প্ৰতিষ্ঠানসমূহে পাবলগীয়া ধনো চৰকাৰে আদায় দিয়া নাই।

ইফালে যোৱাবাৰ কোভিডকালীন অৱস্থাত দৰিদ্ৰ লোকক যি সামান্য পৰিমাণে চৰকাৰী সাহায্য প্ৰদান কৰা হৈছিল সেয়া কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা সাহায্য পুঁজিৰ পৰাহে দিয়া হৈছিল। কোভিড চিকিৎসাতো কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা অনুদান আৰু সাহায্যহে ব্যয় কৰা হৈছিল।

সেয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পুনৰ ৰাইজৰ পৰা দান-বৰঙণি বিচাৰি কাতৰ আহ্বান জনোৱাৰ লগে লগে সামাজিক মাধ্যমত বিভিন্নজনে হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি লোৱা পৰিলক্ষিত হৈছে। ৰাইজে মুখ্যমন্ত্ৰীক যোৱাবাৰ আগবঢ়োৱা আৰোগ্য নিধিৰ সংগৃহীত ধনসমূহ ক’ত কেনেকৈ ব্যৱহাৰ কৰা হ’ল সেই প্ৰশ্ন কৰি সমগ্ৰ তথ্য ৰাজহুৱা কৰিবলৈ দাবী জনাইছে।

ইফালে কিছু সংখ্যক লোকে আৰোগ্য নিধিৰ ধন নিৰ্বাচনৰ পূৰ্বে হিতাধিকাৰীক বিলাই দি ভোট সংগ্ৰহ কৰা বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

এজনে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি লিখিছে, “সঠিক কাৰণ এটা জনাওকচোন চৰকাৰক কিয় দান দিব লাগে? শপত লৰ দিনা আপুনিয়ে জানো শিৰ ফুলাই কোৱা নাছিল বিত্তৰ চিন্তা নাই বুলি? যোৱাবাৰৰ আৰোগ্য নিধিৰ সমস্ত তথ্য ৰাইজক আগতে দিয়কচোন ক’ত কিমান ব্যয় কৰিলে? নিৰ্বাচনৰ আগে আগে সকলোকে হিতাধিকাৰী সজাই আজে-বাজে আঁচনিৰ নামত প‌ইচা সোপা খৰচ কৰিলে, এতিয়া বিপদৰ সময়ত ভিক্ষা খুজিব লগা হ’ল??”

ইফালে আন এগৰাকীয়ে মুখ্যমন্ত্ৰীক উদ্দেশ্যি “নিৰ্বাচনৰ আগতটো ঢেৰ টকা আছিল। বিধে বিধে আঁচনি প্ৰস্তুত কৰিছিল। আৰু স্কুটিবোৰ কি কাৰণত দিয়া হৈছিল যদি পইচাই নাই?  মাইক্ৰ’ফাইনেন্সৰ টকা কিদৰে চৰকাৰে পৰিশোধ কৰিব বুজাই দিব চোন?” বুলিও প্ৰশ্ন কৰিছে।

“৭০০০ কোটি ৰাজকোষত জমা আছে বুলি কৈছিল যে শপত লোৱাৰ দিনা?? আৰু যোৱাবাৰৰখিনি ক’ত ক’ত খৰচ কৰিলে হিচাপ দিয়ক ৰাজহুৱাভাবে লিখিত আকাৰে। দুমাহৰ আগত হৈ যোৱা নিৰ্বাচনতচোন চাৰিওফালে হেলিকপ্টাৰ দেখিছিলো। সকলো তাতেই খৰচ কৰিলে নেকি??” আন এগৰাকীয়ে মুখ্যমন্ত্ৰীক আক্ৰমণ কৰি এইদৰে মন্তব্য কৰিছে।

আনহাতে কিছু লোকে অভিযোগ কৰিছে যে যোৱাবাৰ আৰোগ্য নিধিত কোটি কোটি টকা সংগ্ৰহ হোৱাৰ পিছতো কোভিড চেণ্টাৰ আন্তঃগাঁথনি আছিল তথৈৱচ। কোভিড চেণ্টাৰসমূহত শৌচালয়ৰ অৱস্থা অতি শোচনীয় আছিল বুলি দাবী কৰাৰ লগতে বৰষুণত চালিৰে বৰষুণৰ পানী সৰি পৰা বুলিও অভিযোগ কৰিছিল।

চৰকাৰ তথা স্বাস্থ্য বিভাগে চৰম দায়িত্বহীনতাৰে মুখ্যমন্ত্ৰী সাহায্য পুঁজি আৰু আৰোগ্য নিধিৰ ধন অপব্যৱহাৰ কৰা আৰু সঠিক ব্যৱহাৰ নকৰাৰ ৰাজহুৱা অভিযোগ উত্থাপন হোৱাৰ পিছতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই অভিযোগৰ প্ৰত্যুত্তৰ কেনেদৰে দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Tags: COVID-19
প্ৰাঞ্জল দেউৰী

প্ৰাঞ্জল দেউৰী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd