• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নগাঁৱৰ ৰাজপথৰ কাষত দীৰ্ঘদিনে জমা হোৱা লেতেৰা-দুৰ্গন্ধময় জাৱৰে জনজীৱনলৈ কঢ়িয়াইছে তীব্ৰ ভাবুকি

ক’ভিড সৃষ্ট পৰিৱেশৰ মাজতে স্বচ্ছতাৰ দিশক লৈ আওকাণীয়া মনোভাৱ নগাঁও প্ৰশাসন-পৌৰসভাৰ

মুৰলী বৰুৱা by মুৰলী বৰুৱা
May 24, 2021 1:19 pm
IMG-20210524-WA0009

ফটো: নর্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কৰ’না মহামাৰীয়ে দেশজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰাৰ সময়ত কৰ’না সংক্ৰমণ ৰোধৰ ক্ষেত্ৰত স্বচ্ছতাৰ দিশটোৰ প্ৰতি সৰ্ব্বাধিক গুৰুত্ব আৰোপ কৰাৰ সময়তে কিন্তু নগাঁৱৰ কেইবাঠাইতো বৃহৎ বৃহৎ দুৰ্গন্ধময় জাৱৰৰ দ’মে নগাঁওবাসীৰ লগতে উক্ত অঞ্চল সমূহেৰে যাতায়তৰ সময়ত বহু অসুবিধাৰ সন্মুখীন হব লগাত পৰিছে জনসাধাৰণ ৷

কিয়নো আজি কেইবা সপ্তাহ ধৰি এই জাৱৰৰ দ’ম সমূহৰ পৰা পৌৰ সভাৰ জাৱৰ নিয়া গাড়ীয়ে এই জাৱৰ বোৰ কঢ়িয়াই নি পৌৰ সভাৰ নিদিষ্ট ডাম্পীং এৰিয়া সমূহত নেপেলোৱাৰ বাবেই  দীৰ্ঘদিনে এনেদৰে ৰ’দ বৰষুণৰ ফলত গেলি পচি এক দুৰ্গন্ধময় পৰিবেশৰ সৃষ্টি কৰি উক্ত পথ সমূহেৰে যাতায়ত কৰা  সকল ভীষণ অসুবিধাৰ সন্মুখীন হৈছে।

Apply Now

এইক্ষেত্ৰত নগাঁও পৌৰসভাৰ দায়িত্বপ্ৰাপ্ত কাৰ্যাবাহী বিষয়া-অভিযন্তাই কোনো তাৎক্ষণিক পদক্ষেপ লোৱা দেখিবলৈ পোবা নাই নগাঁওবাসীয়ে ৷

জানিব পৰা মতে, নিৰ্বাচনৰ ঠিক তিনিমাহ আগে আগে নগাঁৱৰ প্ৰতিটো ৱাৰ্ডত বসবাস কৰা তথা পৌৰ কৰ আদায় দিয়া প্ৰতিটো পৰিয়ালক দুটাকৈ মিনি ডাষ্টবিন প্ৰদান কৰা হৈছিল ৷ এটা শুকান জাৱৰ পেলাবৰ বাবে আৰু আনটো তিতা বা ভিজা জাৱৰ পেলাবৰ বাবে ৷ এনেদৰে প্ৰায় ৩২ হেজাৰটা পৰিয়ালক এই ডাষ্টবিন প্ৰদান কৰা হৈছিল নগাঁও পৌৰসভাৰ তৰফৰ পৰা৷

প্ৰতিদিনে পুৱা সাত-আঠ বজাৰ ভিতৰত এই ডাষ্টবিনসমূহ পৰিয়ালসমূহৰ ঘৰৰ পৰা কঢ়িয়াই নিবলৈ বুলি একোজন শ্ৰমিকক নিয়োগ কৰা হৈছিল লগতে তেওঁলোকক একোখনকৈ ট্ৰ’য় চাইকেলো প্ৰদান কৰা হৈছিল যাতে পৰিয়াল সমূহৰ ঘৰত জমা হোৱা মিনি ডাষ্টবিনৰ পৰা তেওঁলোকে জাৱৰ সমূহ সংগ্ৰহ কৰি পৌৰসভাৰ নিদিষ্ট বাহনত জমা কৰিব পাৰে ৷

ইয়াৰ বিনিময়ত প্ৰতিটো পৰিয়ালে দুটা মিনি ডাষ্টবিনৰ বিনিময়ত পৌৰসভাৰ এজেন্ট সকলক প্ৰদান কৰিব লাগে মাহে ষাঠি টকাকৈ মাননি ৷ অৱশ্যে এইসকল শ্ৰমিকক প্ৰতিমাহে তিনিহেজাৰকৈ টকা পাৰিশ্ৰমিক হিচাপে আগবঢ়োৱাৰ দায়িত্বত আছে নগাঁও পৌৰসভাৰ অন্তৰ্গত একাংশ আত্মসহায়ক গোট ৷

কিছুদিন এনেকৈ সুকলমে শ্ৰমিক সকলে পুৱাই পুৱাই গৃহস্থৰ ঘৰৰ পদুলিৰ কৰা জাৱৰসমূহ কঢ়িয়াই নিছিল আৰু পৰিয়াল সমূহে দুই-তিনি মাহ মাহে ষাঠি টকাকৈ তেওঁলোকক প্ৰদান কৰিছিল  মাননি ৷

যদিও আজি কেইবামাহ ধৰি কেইবাটাও ৱাৰ্ডত এই শ্ৰমিক সকলে জাৱৰসমূহ কঢ়িয়াই নিবলৈ নহাত আৱাসিক অঞ্চলৰ লোক সকলে এতিয়া যধেমধে নিজৰ ঘৰৰ অলাগতিয়াল জাৱৰ সমূহ পথৰ দাঁতিত থকা পৌৰসভাৰ বৃহৎ বৃহৎ ডাষ্টবিনত পেলায় যদিও সেই ডাষ্টবিনসমূহত জাৱৰৰ দ’মে বৰ্তমান ওখ ওখ পাহাৰ সদৃশ হৈ পৰাৰ লগতে দীৰ্ঘদিন তেনেকৈয়ে পৰি থাকি ৰ’দে বৰষুণে পচি দুৰ্গন্ধময় পৰিৱেশৰ সুচনা কৰি জনজীৱনলৈ ভয়ংকৰ বিপদ মাতি আনিছে ৷

উশাহ নিশাহত পথৰ কাষেৰে পাৰহৈ যোবা পথচাৰী সকলে সেই গেলা দুৰ্গন্ধময় পৰিৱেশত নাকত ৰুমাল দিও কোনো ধৰণৰ সুফল নোপোৱা লেখিয়া অৱস্থা হৈছে ৷ আনহাতে, এই গেলা- দুৰ্গন্ধময় জাৱৰৰ দ’মৰ পৰা বতাহত উৰি আহা দুৰ্গন্ধময় লেতেৰা পলিথিন-খোৱা খাদ্য আদিবোৰ পথচাৰীৰ গালে মুখে পৰাও ঘটনা সংঘটিত হৈছে ৷

চহৰৰ মৰিকলং চিভিল গেটৰ কাষৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ প’ষ্ট ম’ৰ্টেম কৰা গৃহৰ সন্মুখত, লক্ষীনগৰ চাৰিআলি, হয়বৰগাও হাইস্কুলৰ  সন্মুখত দীৰ্ঘদিনৰ পৰা জমা হৈ থকা জাৱৰৰ দ’মটোৰ উপৰি নেহৰুবালীৰ সন্মুখত তথা নগাঁও সাংস্কৃতিক প্ৰকল্পৰ সন্মুখত আজি দীৰ্ঘদিনে জমা হৈ থকা বৃহৎ জাৱৰৰ দ’মটোৱে জনজীৱনলৈ ভয়ংকৰ বিপদ মাতি আনিছে ৷

ইয়াৰ উপৰি চহৰৰ পানীগাওঁ চাৰিআলি শংকৰ মিশ্যন আইটিআই ৰোড, কৃষ্ণা হল চাৰি, ইটাচালি চাৰিআলি, খ্ৰীষ্টিয়ানপট্টি, হৰিজন কলনি আদিতো দীৰ্ঘদিনৰ পৰা জমা হোৱা লেতেৰা দুৰ্গন্ধময় জাৱৰৰ দ’ম সমূহে ৰাইজৰ জীৱন যাত্ৰাত ব্যাঘাত জনাইছে ৷

ইফালে এই গেলা-দুৰ্গন্ধময় জাৱৰৰ দ’ম সমূহত চহৰৰ একাংশ চৰণীয়া  গৰুৱে জাৱৰৰ দ’মৰ পৰা পলিথিন জাতীয় লেতেৰা দুৰ্গন্ধময় সামগ্ৰী আদি বোৰ খাদ্য হিচাপে গ্ৰহণ কৰা কাৰ্য্যই সমাজ সচেতন লোক সকলৰ লগতে পৰিৱেশ কৰ্মী সকলকো হতচকিত কৰিছে ৷

এইবোৰ খাই বা পাগুলি  মুকলি চৰণীয়া গৰু বোৰো যে এটা সময়ত কোনো জটিল ৰোগত আক্ৰান্ত নহব তাক একেষাৰে নুই কৰিব নোবাৰি ৷ এইক্ষেত্ৰত নগাঁও জিলাৰ উপায়ুক্ত কবিতা পদ্মনাভন আৰু নগাঁও পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া-অভিযন্তাক শীঘ্ৰে উচিত ব্যৱস্থা লবলৈ নগাঁওবাসী সচেতন ৰাইজৰ লগতে পৰিৱেশকৰ্মী সকলে দাৱী জনাইছে ৷

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

ফুটবলত ক্ৰিকেটৰ প্ৰযুক্তি! ‘স্নিক’মিটাৰ’ৰ সহায়ত বিশ্বকাপত চুইডেনক গ’ল প্ৰদান ৰেফাৰীৰ

June 16, 2026 7:22 am
ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

দিল্লীত প্ৰৱেশত বাধা বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ উপদেষ্টাক! ঢাকাৰ ভাৰতীয় দূতক তলব

June 16, 2026 9:09 am
অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

অঘটনৰ আৰম্ভণি! শিশু কেপ ভাৰ্ডেৰ ‘বুঢ়া’ গ’লৰক্ষকে কৰিলে বিমুখ; ইয়ামালক নমাইও ব্যৰ্থ স্পেইন

June 16, 2026 8:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd