• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰতৰত্ন গোপীনাথ বৰদলৈ বিমানবন্দৰ আদানি গ্ৰুপলৈ হস্তান্তৰ কৰিবলৈ দিয়া নহ’ব: অসম জাতীয় পৰিষদ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 5, 2021 7:02 am
LGBI-AJP

ফাইল ফটো: নৰ্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষৰ কেইবাটাও বিমানবন্দৰৰ লগতে অসমবাসী ৰাইজৰ আৱেগ বিজড়িত থকা স্বাধীনতা সংগ্রামী, অসমৰ প্ৰথম মুখ্যমন্ত্রী তথা মহাত্মা গান্ধীৰ ঘনিষ্ঠ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নামেৰে নামাংকিত বৰঝাৰ বিমান বন্দৰটি পুঁজিপতি গোষ্ঠী আদানি গোটৰ হাতত গতাই দিয়াৰ বাবে লোৱা একপক্ষীয় আৰু স্বেচ্ছাচাৰী সিদ্ধান্তৰ পুনৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদ দলে৷

দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ শুকুৰবাৰে ভাৰতীয় বিমান প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যবাহী সঞ্চালকৰ হাতত অর্পন কৰি দলৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি সঞ্জীৱ বৰা নেতৃত্বাধীন এটা প্ৰতিনিধি দলে কয় যে যোৱা সপ্তাহতে আদানি গ্ৰুপে লক্ষ্ণৌ বিমান বন্দৰখন চমজি লোৱাৰ লগে লগেই বিমান বন্দৰৰ পাৰ্কিঙৰ পৰা আৰম্ভ কৰি সকলো ধৰণৰ মাচুল দহগুণ বৃদ্ধি কৰিছে৷ বৰঝাৰৰ বিমান বন্দৰখনৰ দায়িত্ব লোৱাৰ পিছতো তেওঁলোকে নিশ্চয় এনে পদক্ষেপ হাতত লব৷

স্মাৰকপত্ৰখনত দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে কেন্দ্ৰীয় চৰকাৰে বৰঝাৰ বিমান বন্দৰ ব্যক্তিগত কোম্পানীক হস্তান্তৰ কৰা হঠকাৰী কাৰ্য্যৰ প্ৰতিবাদ জনাই যোৱা ইং ৮ আগষ্ট তাৰিখে জাতীয় পৰিষদে বৰঝাৰ বিমানবন্দৰৰ সন্মুখত এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰিছিল আৰু বিমানবন্দৰৰ কাৰ্য্যবাহী সঞ্চালকক এখন স্মাৰক পত্রও প্ৰদান কৰিছিল।

দলটোৰ মতে, অসমবাসী ৰাইজৰ আৱেগ জড়িত হৈ থকা গোপীনাথ বৰদলৈৰ নামেৰে নামাংকিত বিমান বন্দৰটিৰ সৈতে অসমীয়া ৰাইজৰ সন্মান আৰু স্বাভিমান জড়িত হৈ আছে। গতিকে ভাৰতৰত্নৰে সন্মানিত গোপীনাথ বৰদলৈ দেৱক পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে অসন্মান কৰা কাৰ্য্য কোনোধৰণে মানি ল’ব নোৱাৰি।

আনহাতে, লক্ষ্ণৌ, বেংগালুৰু আদিকে ধৰি গুৱাহাটী বিমান বন্দৰ আগন্তুক ৫০ বছৰৰ বাবে আদানি গ্রুপক গতাই দিব বিচৰা হৈছে। আদানি গ্রুপে ইতিমধ্যে দেশৰ অন্য পাঁচটাকৈ বিমান বন্দৰ তেওঁলোকৰ নিয়ন্ত্রণলৈ নিছে। তদুপৰি, আদানি গ্ৰুপে ইতিমধ্যে  পাৰ্কিং আদিকে ধৰি বিমান বন্দৰৰ বিভিন্ন মাচুল দহগুন বৃদ্ধি কৰিছে। তেওঁলোকৰ এই হঠকাৰী কাৰ্য্যই মহামাৰীৰ কবলত পৰি বিত্তীয় সংকটে জুৰুলা কৰা যাত্ৰীসকলক আৰু অধিক সংকটৰ মুখলৈ ঠেলি দিছে।

ভূঞাই স্মাৰকপত্ৰখনত কয়, “আমি সংশ্লিষ্ট সকলো পক্ষক সতৰ্ক কৰি দিব বিচাৰিছো যে গুৱাহাটী বিমানবন্দৰ ব্যক্তিগত কৰণৰ পৰা বিৰত থাকক। অসমবাসীৰ অধিকাৰ আৰু স্বাভিমানক পদদলিত কৰিব বিচৰা কাৰ্য্য আৰু যাত্রী সকলক লুট কৰিব বিচৰা প্ৰচেষ্টা সফল হ’বলৈ দিয়া নহ’ব। ব্যক্তিগত কৰণৰ পৰা বিৰত নাথাকিলে গণতান্ত্রিক ভাৱে প্ৰৱল প্ৰতিৰোধ গঢ়ি তোলা হ’ব।‘’

‘’আমি আমাৰ এই বাৰ্তাটিৰ যোগেদি স্পষ্ট কৰিব বিচাৰিছো যে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ৰ উচ্চ পদস্থ বিষয়া বৰ্গ আৰু ভাৰতীয় বিমান প্ৰাধিকৰণে এই বিষয়ে আৰু অধিক সাহস প্ৰদৰ্শনেৰে বৰকঝাৰৰ বিমান বন্দৰটি আদানি গ্ৰুপক হস্তান্তৰ কৰাৰ পৰা বিৰত থাকক,“-স্মাৰকপত্ৰখনত কোৱা হয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

পিৰাভি আৰু তাৰিখ-এটি তুলনামূলক অৱলোকন

September 18, 2025 4:47 pm
নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

নিৰ্বাচনী শপতনামাতো ফাঁকি! নিৰ্বাচন আয়োগৰ আগত সম্পত্তিৰ তথ্য লুকুৱাই ‎দুৰ্যোগৰ সন্মুখীন প্ৰমোদ বড়ো

September 18, 2025 4:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

দীপিকাৰ কেৰিয়াৰত আন এক ডাঙৰ আঘাত! ‘কল্কি ২৮৯৮’ৰ ছিকুৱেলৰ পৰা বাদ পৰিল অভিনেত্ৰী

September 18, 2025 5:38 pm
জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

জন্ম-কাশ্মীৰ : হুৰিয়াৎ সন্মিলনৰ প্ৰাক্তন অধ্যক্ষ আব্দুল ঘনী বাটৰ মৃত্যু

September 18, 2025 5:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd