সমগ্ৰ ৰাজ্যতে এতিয়া ভেকচিনৰ নাটনি । অধিকাংশ ঠাইতে ১৮ বছৰৰ পৰা ৪৪ বছৰ বয়সৰ ভেকচিন প্ৰদান ভেকচিনৰ অভাৱত বৰ্তমান বন্ধ হৈ পৰিছে ।
এনে সময়তে এক জটিল সমস্যাই দেখা দিছে । ক’ভিশ্বীল্ড বা ক’ভাক্সিন দুয়োটা ভেকচিনৰে দুটাকৈ ড’জ প্ৰতিজন লোকে ল’ব লাগে যদিও বহু লোকে প্ৰথম ড’জ লৈ দ্বিতীয় ড’জ ল’ব পৰা নাই ।
ক’ভিশ্বীল্ডৰ ক্ষেত্ৰত শেহতীয়াকৈ দেশত প্ৰথম ড’জ লোৱাৰ ১২-১৬ সপ্তাহ পিছত দ্বিতীয় ড’জ লোৱাৰ নিয়ম কৰা হৈছে বাবে সেইক্ষেত্ৰত বিশেষ অসুবিধা হোৱা নাই যদিও ক’ভাক্সিনৰ ক্ষেত্ৰত ৪-৬ সপ্তাহ পিছত দ্বিতীয় ড’জ দিয়া হয় বাবে ক’ভাক্সিন ভেকচিন নথকাত বহুতে দ্বিতীয় ড’জ ল’ব পৰা নাই ।
বঙাইগাওঁ জিলাতো একেই সমস্যাৰ উদ্ভৱ হৈছে । জিলাখনত বহু লোকে ক’ভাক্সিনৰ দ্বিতীয় ড’জ ল’ব পৰা নাই ।
মে’ ৰ প্ৰথম ভাগতে জিলাখনত ১৮-৪৪ বছৰ বয়সৰ যিসকল লোকক ক’ভাক্সিনৰ প্ৰথম ড’জ দিয়া হৈছিল সেইসকলৰো দ্বিতীয় ড’জ লোৱাৰ সময় হৈছে ।
কিন্তু ক’ভাক্সিন কোনো কেন্দ্ৰতে উপলব্ধ হোৱা নাই । লোকসকলে ক’ভাক্সিনৰ দ্বিতীয় ড’জ নিৰ্ধাৰিত সময়ত লাভ কৰিবনে নাই তাকে লৈ সন্দিহান হৈছে ।
ইফালে কেইবাদিনো ধৰি ভেকচিনৰ অভাৱত ১৮-৪৪ বছৰ বয়সৰ লোকক জিলাখনত ভেকচিন দিবলৈ স্বাস্থ্য বিভাগ সমৰ্থ হোৱা নাই । একাংশ ৰাইজৰ অভিযোগ- ৰাজ্যত পৰিকল্পিতভাৱে হোৱা নাই ভেকচিন প্ৰদান প্ৰক্ৰিয়া ।
চৰকাৰৰ অপৰিকল্পিত কামৰ বাবে লোকসকল সমস্যাত পৰা বুলি অভিযোগ কৰিছে ।
প্ৰথম ড’জ লোৱা ব্যক্তিৰ সংখ্যা অনুপাতে চৰকাৰে দ্বিতীয় ড’জ ৰ ভেকচিন মজুত ৰাখিব লাগিছিল বুলি অধিকাংশই মন্তব্য কৰিছে ।
লোকসকলৰ ভেকচিন লোৱা যাতে আধৰুৱা নহয় তাৰ বাবে ব্যৱস্থা ল’বলৈ ৰাইজে দাবী জনাইছে ৷