• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অহা সপ্তাহৰ পৰা ম্যানমাৰৰ আদালতত বিচাৰ চলিব আং চান চ্যুকীৰ

 এন ই নাও নিউজ by এন ই নাও নিউজ
June 7, 2021 4:33 pm
Suu-Kyi-750x375
297
VIEWS
Share on FacebookShare on Twitter

সম্পূৰ্ণ অগণতান্ত্ৰিক ভাবে ক্ষমতাচ্যুত কৰা ম্যানমাৰৰ গণতন্ত্ৰকামী নেত্ৰী আং চান চ্যুকীৰ বিচাৰ ১৪ জুনৰ পৰা আৰম্ভ হ’ব।

আজি চ্যুকীৰ অধিবক্তাই এই কথা জানিবলৈ দিছে।চ্যুকীৰ বিৰুদ্ধে সামৰিক জুণ্টাই বিগত বৰ্ষত চ্যুকীয়ে ক’ৰ’না বিধি উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলোৱা, নীতি বৰ্হিভূত ভাবে ৱাকি টকী লগত ৰখা আদিৰ লগতে দুৰ্নীতিৰো অভিযোগ আনিছে।

জুণ্টাই ১ ফেব্ৰুৱাৰীত গৃহবন্দী কৰা চ্যুকীক ২৮ মে’ৰ দিনা প্ৰথম বাৰৰ বাবে আদালতত হাজিৰ কৰোৱা হৈছিল। নানান ষড়যন্ত্ৰ কৰি জুণ্টাই চ্যুকীৰ দল নেছনেল লীগ ফৰ ডেম’ক্ৰেচিক ভংগ কৰি দিবলৈ উদ্যত হৈছে বুলিও কথা ওলাইছে।

উল্লেখ্য ২৮ মে’ত দীৰ্ঘদিনৰ মূৰত গহবন্দিত্বৰ পৰা বাহিৰলৈ ওলাই আহি চ্যুকীয়ে দেশৰ জনতাক ধৈৰ্য আৰু সাহসেৰে পৰিস্থিতিৰ মুখামুখি হ’বলৈ আহ্বান জনাইছিল।

ম্যানমাৰত গণতন্ত্ৰৰ অপমৃত্যু ঘটাৰ প্ৰায় ৪ মাহ পিছত ২৮ মে’ত প্ৰথমবাৰৰ বাবে সামৰিক জুণ্টাই গৃহবন্দী কৰা গণতন্ত্ৰকামী নেত্ৰী আং চান চ্যুকীক আদালতত হাজিৰ কৰাইছিল।

চলিত বৰ্ষৰ ১ ফেব্ৰুৱাৰীৰ দিনা ম্যানমাৰত সামৰিক জুণ্টাই সেনা অভ্যুত্থানৰ জৰিয়তে চ্যুকীক ক্ষমতাচ্যুত কৰি শাসনৰ বাঘজৰী নিজৰ হাতলৈ নিছিল।

ইয়াৰ পিছতে বিগত চাৰি মাহ ধৰি চ্যুকীয়ে আকাশ দেখাৰ সৌভাগ্য লভা নাছিল। গৃহবন্দী চ্যুকীক আদালতত হাজিৰ কৰোৱাৰ পিছতে নেত্ৰীগৰাকীয়ে তেওঁৰ অধিবক্তা মিন মিন ছোৰ জৰিয়তে দেশবাসীলৈ এইবুলি বাৰ্তা দিছিল যে যেতিয়ালৈকে মানুহ থাকিব তেতিয়ালৈকে তেওঁৰ নেছনেল লীগ ফৰ ডেম’ক্ৰেচি দলো থাকিব।

কাৰণ এই দলটো গঠন হৈছে মানুহৰ বাবেই।

উল্লেখ্য জুণ্টা প্ৰশাসনে চ্যুকীৰ বিৰুদ্ধে নিৰ্বাচনত জালিয়াতি কৰাৰ অভিযোগৰ লগতে দুৰ্নীতিৰো অভিযোগ আনিছে।

আদালতৰ মজিয়াৰ পৰাই চ্যুকীয়ে দেশবাসীৰ সুস্বাস্থ্যও কামনা কৰিছিল।ইপিনে গৃহবন্দী হৈ থকা নেত্ৰীগৰাকী বৰ্তমান সুস্থ হৈ থকা বুলি তেওঁৰ অধিবক্তাই প্ৰকাশ কৰিছিল।

চ্যুকীৰ মুক্তিৰ দাবীত আজিও ম্যানমাৰত অব্যাহত আছে গণতন্ত্ৰকামী প্ৰতিবাদকাৰীৰ প্ৰতিবাদ।

জুণ্টাই ইতিমধ্যে ৮০০ ৰো অধিক প্ৰতিবাদকাৰীক হত্যা কৰিছে। হাজাৰ হাজাৰ প্ৰতিবাদকাৰীক কাৰাগাৰলৈ নিক্ষেপ কৰিছে। অভিনেতা-অভিনেত্ৰী, মডেল , চিত্ৰ শিল্পীৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

জুণ্টাৰ বিৰুদ্ধাচৰণ কৰাৰ বাবেই বহুতকে মৃত্যুদণ্ড বিহা হৈছে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd