ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ এজন ব্যৱসায়ীয়ে আগবঢ়াইছে এক বিশেষ সুবিধা। ক’ভিডৰ দুয়োটা পালি প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ বাবে আগবঢ়াইছে এই বিশেষ সুবিধা।
গোলাঘাটৰ এগৰাকী ব্যৱসায়ীয়ে ক’ভিডৰ দুয়োটা পালি প্ৰতিষেধক লোৱা সকলৰ বাবে এক বিশেষ ৰেহাই আগবঢ়াইছে।
মূল্যবৃদ্ধিত জৰ্জৰিত গোলাঘাটবাসীলৈ গোলাঘাটৰ প্ৰগতি উদ্যোগ নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে আগবঢ়াইছে এই আকৰ্ষণীয় অফাৰ।
দুয়োপালি ভেকচিন লোৱা লোকক মিঠাতেলত ৫ টকা আৰু অন্যান্য সা-সামগ্ৰীত ৫% ৰেহাই আগবঢ়াইছে গোলাঘাটৰ এইখন বিশেষ ব্যৱসায়িক প্ৰতিষ্ঠানে।
সম্পূৰ্ণ পৰম্পৰাগত পদ্ধতিৰে স্বাস্থ্যসন্মত কৃষিজাত সামগ্ৰী ৰেহাই মূল্যত গ্ৰাহকৰ বাবে উপলব্ধ কৰি চৰ্চাত গোলাঘাটৰ প্ৰদীপ গাৰোডিয়া।
নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোত চকুৰ সন্মুখতে মিলত সৰিয়হ পেৰি ৰেহাই মূল্যত মিঠাতেল বিক্ৰী কৰিছে ব্যৱসায়ী জনে।
ক’ভিডৰ এই জটিল সন্ধিক্ষণত এইদৰে সহায়ৰ হাত আগবঢ়োৱা গাৰোডিয়াৰ এই পদক্ষেপক শলাগ লৈছে সকলোৱে।