• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ট্ৰাইবেল বেল্ট আৰু ব্লকত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা প্ৰদানৰ দাবী

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
July 11, 2021 7:06 am
nnn
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰৰ কেবিনেট বৈঠকে বিটিআৰৰ ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহত ২০০৩ চনৰ পৰা বসবাস কৰা গোৰ্খা,টাই আহোম, মৰান, মটক আৰু চুতীয়া জনগোষ্ঠীৰ লোকসকলক সংৰক্ষিত শ্ৰেণী হিচাপে স্বীকৃতি প্ৰদান কৰাৰ সিদ্ধান্তক সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আদৰণি জনাইছে ৷

অৱশ্যে লগতে অসমৰ অন্যতম খিলঞ্জীয়া তথা ইতিহাস প্ৰসিদ্ধ কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকৰ প্ৰতি অন্যায় কৰা হৈছে বুলিও সংগঠনটোৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰিছে ৷

Apply Now

বঙাইগাঁও চহৰৰ বৰপাৰাস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সংবাদ মেলত সংগঠনটোৰ সভাপতি অৰুণ কুমাৰ ৰায়ে কয় যে বিগত ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত  ষষ্ঠ অনুসূচীৰ অধীনত বিটিচি গঠন তথা জনজাতীয় বেল্ট আৰু ব্লক প্ৰৱৰ্তনৰ হাজাৰ হাজাৰ বছৰৰ পূৰ্বৰ পৰাই অৰ্থাৎ বুৰঞ্জীয়ে ঢুকি নোপোৱা দিনৰ পৰাই কোচ ৰাজবংশী জনগোষ্ঠীৰ ভূমিপুত্ৰ লোকসকলে এই অঞ্চলত স্থায়ীভাৱে বসবাস কৰি আহিছে ৷

আনকি কোচ ৰজাই ৰাজত্ব কৰাৰ প্ৰমাণ হিচাপে ৰাজপ্ৰাসাদো আছে ৷ সেই হিচাপত কোচ ৰাজবংশী জনগোষ্ঠীক অগ্ৰাধিকাৰ ভিত্তিত সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা দিব লাগিছিল ৷ কিন্তু কেৱল অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী লোকসকলহে সংৰক্ষিত শ্ৰেণীৰ ৷ বিটিআৰৰ অধীনৰ কোকৰাঝাৰ আৰু চিৰাং জিলা অবিভক্ত গোৱালপাৰা জিলাৰ ভিতৰত পৰে যদিও বাক্সা আৰু ওদালগুৰি জিলা নপৰে ৷

সেয়ে সেই জিলাত বসবাস কৰি থকা কোচ ৰাজবংশীসকল সংৰক্ষিত শ্ৰেণীৰ অন্তৰ্ভুক্ত হ’ব নে নহ’ব আমাৰ সন্দেহ হৈছে ৷ যাৰ কাৰণে আমি আক্ৰাছুৱে অসম চৰকাৰক এই বিষয়টো স্পষ্ট কৰিবলৈ দাবী জনাইছো ৷

লগতে সমগ্ৰ বিটিআৰ অঞ্চলৰ লগতে অসমৰ সকলোবোৰ ট্ৰাইবেল বেল্ট আৰু ব্লকত কোচ ৰাজবংশী জনগোষ্ঠীৰ লোকক সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা প্ৰদান কৰি অহা ১২ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া বিধান সভাৰ বাজেট অধিৱেশনত বিধেয়ক গৃহীত কৰি ন্যায় প্ৰদান কৰিবলৈকো আক্ৰাছুৱে অসম চৰকাৰক দাবী জনায় ৷

আনহাতে কোচ ৰাজবংশীসকলে দীৰ্ঘদিন ধৰি জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য পুনৰ গঠনৰ দাবীত আন্দোলন কৰি আহিছে যদিও  আজিলৈকে এই সমস্যাৰ সমাধান নোহোৱা বুলি উল্লেখ কৰি সভাপতি ৰায়ে কয় যে আন্দোলনৰ ফলশ্ৰুতিত শেহতীয়াভাৱে চৰকাৰে একেবাৰে সৰু কেএচি নামেৰে পৰিষদ এখন দিছে ৷ আমি তাক গ্ৰহণ কৰিছো ৷

কিন্তু আমাৰ যি ঐতিহাসিক কমতাপুৰ ৰাজ্য গঠনৰ দাবী সেই সন্দৰ্ভত ভাৰত চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ দুবৰছমান পূৰ্বে এই সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনা হৈছিল যদিও তাৰ পিছত বিষয়টো তেনেকৈয়ে থাকিল ৷ এইক্ষেত্ৰত অতিশীঘ্ৰে আলোচনা অনুষ্ঠিত কৰি সমস্যাটোৰ বাস্তৱ সন্মত সমাধানৰ ব্যৱস্থা কৰিবলৈকো চৰকাৰক দাবী জনায় ৷ সেইদৰে জনজাতিকৰণৰ সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ কৰি কয় যে জনজাতিকৰণৰ বিষয়টো সমাধান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা পূৰ্বৰ চৰকাৰৰ স্বাস্থ্য ,শিক্ষা তথা বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ২০১৯ চনত এখন মন্ত্ৰীগোট গঠন কৰি দিছিল৷

এই মন্ত্ৰীগোটক জনজাতিকৰণৰ সমগ্ৰ দিশটো চালি জাৰি চাই ছয়মাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিবলৈ দিছিল ৷ কিন্তু মন্ত্ৰীগোটে বৰ্তমানলৈকে জনজাতিকৰণ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদনেই প্ৰেৰণ নকৰিলে ৷ যাৰ বাবে জনজাতিকৰণৰ বিষয়টো আজিকোপতি সমাধান নহ’ল ৷ সেয়ে আক্ৰাছু নেতাগৰাকীয়ে মন্ত্ৰীগোটৰ অধ্যক্ষ ডঃ হিমন্ত বিশ্ব শৰ্মা যিহেতু বৰ্মান ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সেয়ে সংসদৰ আগন্তুক গ্ৰীষ্মকালীন অধিবেশনৰ ভিতৰতেই জনজাতিকৰণ সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰি দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবী জনায় ৷

অন্যথা আক্ৰাছুৱে আগন্তক দিনত অধিক শক্তিশালী ৰূপত তীব্ৰ গণ আন্দোলন গঢ়ি তুলিবলৈ প্ৰস্তুত থকা বুলিও হুংকাৰ দিয়ে ৷ সংবাদ মেলত অহা ১৭ জুলাইৰ পুৱা ১১ বজাত বঙাইগাঁওস্থিত আক্ৰাছুৰ মুখ্য কাৰ্যালয়ত আক্ৰাছু ,কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আহ্বান কৰা বুলি উল্লেখ কৰি উক্ত কাৰ্যনিৰ্বাহক সভাত প্ৰতিখন জিলা সমিতিৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু কাৰ্যনিৰ্বাহক সদস্যসকলক উপস্থিত থাকিবলৈ সভাপতি অৰুণ কুমাৰ ৰায়ে আহ্বান জনায় ৷

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd