অসমত জনসংখ্যা নিয়ন্ত্ৰণ আইন বলবৎ কৰিবলৈ দাবী জনাই জনসংখ্যা সমাধান ফাউণ্ডেচনৰ অসম প্ৰান্তৰ নিৰ্দেশমৰ্মে অবিভক্ত বঙাইগাঁও জিলা সমিতিয়ে চিৰাং জিলাৰ উপায়ুক্তৰ ব্যক্তিগত সহায়কৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
উল্লেখ্য যে দেশত দ্ৰুতভাবে বাঢ়ি অহা জনসংখ্যাই বৰ্তমান সময়ত সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো যথেষ্ট সমস্যা সৃষ্টি কৰিছে ।
সেয়েহে আগন্তুক দিনত এই সমস্যাৰ পৰা হাত সাৰিবৰ বাবে দেশত এখন কঠোৰ জনসংখ্যা নিয়ন্ত্ৰণৰ আইনৰ প্ৰয়োজনৰ চিন্তা কৰি জনসংখ্যা সমাধান ফাউণ্ডেচনৰ অবিভক্ত বঙাইগাঁও জিলা সমিতিৰ তৰফৰ পৰা জনসংখ্যা সমাধান ফাউণ্ডেচনৰ মহিলা মৰ্চাৰ সভানেত্ৰী (অবিভক্ত বঙাইগাঁও জিলাৰ) মুক্তিস্নাতা শৰ্মাই জনসংখ্যা সমাধান ফাউণ্ডেচনৰ হৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।
স্মাৰক পত্ৰত জনসংখ্যা সমাধান ফাউণ্ডেচনৰ উত্তৰ পূব ক্ষেত্ৰ আৰু অসম প্ৰান্তই বিগত দিনসমূহত জনসংখ্যা বিস্ফোৰণৰ ভয়াৱহ দিশসমূহ প্ৰচাৰসভা, ৱেবমিনাৰ, চেমিনাৰ আদি বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ দ্বাৰা জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰি আহিছে ৷
জনসংখ্যা নিয়ন্ত্ৰণ আইন বলবৎ কৰিবলৈ জনসংখ্যা সমাধান ফাইণ্ডেচনৰ সদস্যসকলে দেশৰ ১৬২ খন জিলাৰ পৰা বিগত বৰ্ষৰ ১১ জুলাইৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদানৰ জৰিয়তে এই অভিযান চলাই আহিছে বুলিও উল্লেখ কৰিছে ৷