• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেট্ৰ’ল-ডিজেল আৰু ৰন্ধন গেছৰ অত্যাধিক মূল্যবৃদ্ধি অত্যন্ত দুৰ্ভাগ্যজনক: কংগ্রেছ

চৰকাৰ খনৰ জনবিৰোধী নীতিৰ অত্যাধিক মুদ্ৰাস্ফীতি বাঢ়িছে আৰু দেশৰ সৰ্বাধিক যুৱক যুৱতীয়ে সংস্থাপন হেৰুৱাইছে

এন ই নাও নিউজ by এন ই নাও নিউজ
July 11, 2021 8:19 pm
E6AXPcqUcAQt7Gx

ৰাজীৱ ভৱনত কংগ্রেছৰ ৰাষ্ট্রীয় মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ শক্তিসিন গোহিলৰ সংবাদমেল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধিয়ে সেইসকল ৰাইজৰ ওপৰত প্ৰচণ্ড মাধমাৰ সোধাইছে, যিসকল লোকৰ ইতিমধ্যেই পৰিয়ালৰ উপাৰ্জন কমি আহিছে, সংস্থাপন হেৰুওৱাইছে আৰু আৰ্থিক সংকটত ভুগি আছে।

মোডী চৰকাৰৰ ভুল নীতিৰ বাবেই অৰ্থনৈতিক সংকট আৰু পৰিয়ালৰ উপাৰ্জন কমিছে। চৰকাৰ খনৰ জনবিৰোধী নীতিৰ অত্যাধিক মুদ্ৰাস্ফীতি বাঢ়িছে আৰু দেশৰ সৰ্বাধিক যুৱক যুৱতীয়ে সংস্থাপন হেৰুৱাইছে।

Apply Now

আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্রেছৰ ৰাষ্ট্রীয় মুখপাত্ৰ তথা ৰাজ্যসভাৰ সাংসদ শক্তিসিন গোহিলে এক সংবাদমেলত এইদৰে কয়।

তেওঁ কয় যে মুদ্ৰাস্ফীতি, নিবনুৱা সমস্যা, অৰ্থনৈতিক সংকট আৰু কৰোনা মহামাৰীৰ দৰে মোডীয়ে সৃষ্টি কৰা এই দুৰ্যোগৰ কুফল ভুগিবলগীয়া হৈছে দেশৰ ১৪০ কোটি জনতাই। ইন্ধনৰ দৈনিক মূল্যবৃদ্ধিয়ে পৰিয়াল সমূহৰ মাজত যি সমস্যা সৃষ্টি কৰিছে, এই সমস্যাই মানুহৰ জীৱনত জীয়াই থকাৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। ডিজেল, ৰাসায়নিক সাৰ, বীজ, কীটানুনাশক দ্ৰব্য, বিজুলী বিল, কৃষি কৰ্মৰ সঁজুলি আদিৰ অত্যাধিক মূল্যবৃদ্ধিৰ ফলত প্ৰতি হেক্টৰ মাটিত খেতিৰ বাবদ খৰছ প্ৰায় ২০,০০০ টকালৈ বৃদ্ধি হৈছে।

“কোটাক ইনষ্টিটিউচ’নেল চিকউৰীটি ৰিচাৰ্চ”ৰ সমীক্ষা মতে মাৰ্চ,২০২১ ৰ পৰা জুন,২০২১ লৈ ঘৰুৱা দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্য ৪২%লৈ বৃদ্ধি হৈছে (মাত্ৰ তিনি মাহত)।

দেশৰ যোৱা ৭৩ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে ৰাসায়নিক সাৰত ৫% GST, কীটানুনাশক দ্ৰব্যত ১৮% কৰ, ট্ৰেক্টৰ আৰু কৃষি সঁজুলিত ১২% কৰ আৰোপ কৰিছে।

তেওঁ কয়, ‘’ইতিহাসত প্ৰথমবাৰৰ বাবে দেশৰ চাৰিওখন মেট্ৰ’ চহৰ আৰু ২০০ খনতকৈ অধিক চহৰত পেট্ৰ’লৰ মূল্যই ১০০ টকা পাৰ কৰিছে।‘’

সংবাদমেলত তেওঁ মোদী চৰকাৰৰ দিনত দেশৰ অৰ্থনৈতিক ৰেহৰূপৰ কিছু তথ্যও দাঙি ধৰে। সেইবোৰ হ’লঃ-

১ জানুৱাৰী, ২০২১ ৰ পৰা ১০ জুলাই, ২০২১ ৰ ভিতৰত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ৭১ বাৰ বৃদ্ধি হৈছে।

মোডী চৰকাৰে যোৱা ৭ বছৰৰ ভিতৰত ২৫ লাখ কোটিতকৈ অধিক আবকাৰী শুল্ক সংগ্ৰহ কৰিছে।

যোৱা সাত বছৰত পেট্ৰ’লৰ ওপৰত আবকাৰী শুল্ক ২৪৮% আৰু ডিজেলৰ ওপৰত ৮২০% বৃদ্ধি কৰিছে। যোৱা সাত বছৰত প্ৰতি লিটাৰ পেট্ৰ’লত ২৩.৫০ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ২৮.৩৭ টকা আবকাৰী শুল্ক বৃদ্ধি হৈছে।

২০১৪-১৫ ত সৰ্বমুঠ আবকাৰী শুল্ক ৯৯ হাজাৰ কোটিৰ পৰা ২০২০-২১ ত সৰ্বমুঠ আবকাৰী শুল্ক ৪ লাখ ৫৩ হাজাৰ কোটি টকালৈ বৃদ্ধি হৈছে।

প্ৰতি লিটাৰ পেট্ৰ’লত ভাৰত চৰকাৰে ৩২.৯০ টকা সংগ্ৰহ কৰে, য’ত ২০.৫০ টকাই উপকৰ হিচাপে লোৱা হয়। উপকৰ ৰাজ্য চৰকাৰৰ লগত ভাগ কৰা নহয়, যাৰ ফলত ভাৰত চৰকাৰে ৬২% উপকৰ সংগ্ৰহ কৰে আৰু ৰাজ্য চৰকাৰে এটকাও নাপায়। ডিজেলত কেন্দ্ৰ চৰকাৰে প্ৰতি লিটাৰত ৩১.৮০ টকা সংগ্ৰহ কৰে য’ত ২২ টকাই উপকৰ আৰু কেন্দ্ৰ চৰকাৰে ইয়াত ৬৯% সংগ্ৰহ কৰে য’ত ৰাজ্য চৰকাৰক এটকাও নিদিয়ে।

নিজৰ নিজৰ ৰাজ্যত দাম কমোৱাৰ বাবে ৰাজ্য সমূহে VAT কমোৱাক লৈ প্ৰায়েই বিতৰ্কৰ অৱৰ্তত। ২০২০-২১ বৰ্ষৰ প্ৰথম ৯ মাহত সকলো ৰাজ্যই মিলি ১.৩৫ লাখ কোটি টকা VAT সংগ্ৰহ কৰে আৰু যিটো সম্পূৰ্ণ বছৰটিত আনুমানিক ১.৮০ লাখ কোটি পৰ্যন্ত হয়। কেন্দ্ৰই সংগ্ৰহ কৰা আবকাৰী শুল্কৰ লগত তুলনা কৰিলে ৪.৫৩ লাখ কোটি টকাৰ মাত্ৰ ৪১% হয়।

তেওঁ কয়, ‘’পেট্ৰ’ল আৰু ডিজেলৰ অত্যাধিক আবকাৰী শুল্কৰ বৃদ্ধি অত্যন্ত দুৰ্ভাগ্যজনক, কিয়নো ই মধ্যবিত্ত আৰু নিম্ন উপাৰ্জন কাৰী লোক সকলক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আঘাত কৰে।‘’

সেইদৰে, ‘’ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধি কৃষক বিৰোধী কিয়নো কৃষক সকলে ডিজেল ব্যৱহাৰ কৰে আৰু ডিজেলৰ মূল্যবৃদ্ধিয়ে তেওঁলোকৰ ওপৰত মোক্ষম আঘাত কৰে।‘’

তেওঁ লগতে উল্লেখ কৰে যে ২০১৪ চনৰ এপ্ৰিল মাহত প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য ৪১৪ টকা আছিল আৰু এতিয়া ৮৮৩.৫০ টকালৈ বৃদ্ধি হৈছে। যোৱা সাত বছৰত ৰন্ধন গেছৰ মূল্য দুগুণতকৈও বেছি বৃদ্ধি হৈছে। যোৱা ২০২০ৰ নৱেম্বৰ মাহত প্রতিটো চিলিণ্ডাৰৰ মূল্য ৫৯৪ টকা আছিল আৰু আজি ৮৮৩.৫০ টকা হৈছে । যোৱা ৭ মাহত প্ৰতিটো চিলিণ্ডাৰত ২৮৯.৫০ টকাকৈ বৃদ্ধি হৈছে।

দেশত সৰ্বমুঠ ২৯ কোটি লোকে LPG ব্যৱহাৰ কৰে বুলি উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে যে কিমান গৰাকী উজ্বলা গেছ উপভোক্তাই ৮৮৩.৫০ টকাত এটা LPG চিলিণ্ডাৰ কিনিব পাৰে?

তেওঁ কয়, ‘’প্ৰকৃতাৰ্থত ,২০২০ চনত দেশৰ ২৩ কোটি জনতাক পুনৰ দৰিদ্ৰ সীমাৰেখাৰ তললৈ ঠেলি দিয়া হৈছে আৰু ৯৭% লোক দুখীয়া হৈ গৈছে। ২০১৪ চনত যেতিয়া কংগ্রেছে কাৰ্যভাৰ এৰিছিল, তেতিয়ালৈ কংগ্রেছ চৰকাৰখনে দেশৰ জনসাধাৰণক বছৰি ১,৪২,০০০ কোটি টকা ইন্ধনৰ চাবচিডি দিছিল। এইটো অতি গুৰুত্বপূৰ্ণ যে বৰ্তমানৰ চৰকাৰ খনে বুজি উঠা উচিত যে পেট্ৰ’ল, ডিজেল আৰু LPG ৰ মূল্যবৃদ্ধিয়ে কেনেকৈ মানুহৰ ওপৰত মাধমাৰ সোধায়।‘’

আনহাতে, পেট্ৰ’লৰ দাম বৃদ্ধিৰ প্ৰসংগত তেওঁ কয়, ‘’২০১১-১২ ত কেঁচা তেল (crude oil)ৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰতি বেৰেলত ১১২ ডলাৰলৈ বৃদ্ধি হৈছিল। ২০১৪ চনত কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ খনে কাৰ্য্যভাৰ এৰাৰ সময়ত প্ৰতি বেৰেল কেঁচা তেলৰ আন্তৰ্জাতিক বজাৰ মূল্য ১০৫.৫২ ডলাৰ আছিল আৰু তেতিয়া প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য আছিল ৭১.৫১ টকা। আজি ২০২০-২১ত প্ৰতি বেৰেল কেঁচা তেলৰ আন্তৰ্জাতিক বজাৰ মূল্য ৪৪.৮২ ডলাৰ হোৱাৰ পিছতো প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য ১০০ টকাতকৈ অধিক হোৱাটো জনসাধাৰণৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক।‘’

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

শেষ মুহূৰ্তৰ আঘাত! মেৰিনোৰ গ’লত ছিন্নভিন্ন ৰোনাল্ডোৰ বিশ্বকাপৰ সপোন, কোৱাৰ্টাৰ ফাইনেলত স্পেইন

July 7, 2026 8:03 am
সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

সামৰিক বাহিনীৰ প্ৰশিক্ষণৰ পৰা সাধাৰণৰ ফিটনেছ জগতলৈ: স্বাস্থ্যৰক্ষাৰ নৱতম কৌশল হিচাপে জনপ্ৰিয় হৈ পৰিছে ‘ৰাকিং’

July 7, 2026 6:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd