অসম-মিজোৰামৰ মাজত সংঘাত চলি থকা সংঘাতে আজি নতুন মোৰ লৈছে।
ক্ৰমাৎ উত্তপ্ত হৈ পৰা সীমান্তত পুনৰ শান্তি প্ৰতিষ্ঠা হোৱাৰ সম্ভাৱনাই দেখা দিছে। আজি মিজোৰাম চৰকাৰে এই বুলি ঘোষণা কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে যি এজাহাৰ দাখিল কৰা হৈছিল সেয়া প্ৰত্যাহাৰ কৰিবলৈ মিজোৰাম চৰকাৰ সাজু আছে।
মিজোৰামৰ মুখ্য সচিব লালনুনমাৱিয়া চুংৱাগোই আজি এই কথা সদৰী কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নাম এজাহাৰত সন্নিবিষ্ট কৰাৰ ক্ষেত্ৰত মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ কোনো অনুমোদন নাছিল।
মুখ্যমন্ত্ৰীৰ অনুমোদন অবিহনেই হিমন্ত বিশ্ব শৰ্মাৰ নাম এজাৰত সোমাই পৰা বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে তেওঁ এজাহাৰ দাখিল কৰা আৰক্ষী বিষয়াৰ সৈতে কথা পাতিব আৰু যদি কোনো আইনী বাধা নাথাকে তেন্তে এজাহাৰৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ নামটো প্ৰত্যাহাৰ কৰা হ’ব।।
তেওঁ অৱশ্য এজাহাৰত নাম থকা অসমৰ আন ছগৰাকী আৰক্ষী বিষয়াৰ নাম এজাহাৰৰ পৰা প্ৰত্যাহাৰৰ প্ৰসংগত একো উল্লেখ নকৰিলে। উল্লেখ্য
মিজোৰামৰ ভেইৰেংটে আৰক্ষী থানাৰ পৰিদৰ্শক এইচ লালচাওইমাওৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, অসম আৰক্ষীৰ মহা পৰিদৰ্শক অনুৰাগ আগৰৱালা, আৰক্ষী উপ মহাপৰিদৰ্শ দেৱজ্যোতি মুখাৰ্জী, কাছাৰৰ উপায়ুক্ত কীৰ্তি জালি, কাছাৰৰ (প্ৰাক্তন) আৰক্ষী অধীক্ষক বৈভৱ চন্দ্ৰকান্ত নিম্বলকাৰ, বন বিষয়া ছানিদেউ চৌধুৰী, ধলাই আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চাহাবুদ্দিন আৰু অসম আৰক্ষীৰ অচিনাক্ত ২০০ আৰক্ষীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।
মিজোৰামৰ ভেইৰেংটে জিলাত প্ৰৱেশ কৰাৰ অভিযোগ তুলি কোভিড প্ৰট’কল ভংগ কৰা আৰু মিজোৰাম কন্টেইনমেন্ট এণ্ড প্ৰিভেনশ্যন অফ কোভিড-১৯ এক্ট ২০২০ৰ লগতে ভাৰতীয় দণ্ডবিধিৰ অধীনত এজাহাৰখন দাখিল কৰা হৈছিল।
মুখ্যমন্ত্ৰীগৰাকী আৰু লগতে অন্যান্য বিষয়াসকলক অহা ১ আগষ্টত অৰ্থাৎ আজি আৰক্ষী থানাখনত হাজিৰ হ’বলৈ কোৱা হৈছিল।
ইপিনে অসম আৰু মিজোৰামে আলোচনাৰ মাজেৰে আন্ত:ৰাজ্যিক সীমা সমস্যা সমাধান কৰিবলৈ সন্মত হৈছে।
দেওবাৰে মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই এই কথা জানিবলৈ দিছে।
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ মাজত হোৱা টেলিফোনিক বাৰ্তালাপৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
‘’কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এক টেলিফোনিক আলোচনাৰ পাছত আমি মিজোৰাম-অসম সীমান্তৰ বিষয়টো সৌহাৰ্দ্যপূৰ্ণভাৱে সন্তোষজনক আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ সনন্মত হও,’’-মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই কয়।
জোৰামথাংগাই লগতে মিজোৰামৰ জনসাধাৰণক ছচিয়েল মিডিয়াত ‘স্পৰ্শকাতৰ মেচেজ’ প’ষ্ট নকৰিবলৈকো আহ্বান জনাইছে।
‘’… পৰিস্থিতিৰ কোনো সম্ভাৱ্য উত্তেজনা প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি, মই মিজোৰামৰ জনসাধাৰণক তেওঁলোকৰ ছচিয়েল মিডিয়া প্লেটফৰ্মত স্পৰ্শকাতৰ মেচেজ প’ষ্ট কৰাটো পৰিহাৰ কৰিবলৈ অনুৰোধ জনাইছো,’’- মুখ্যমন্ত্ৰী জোৰামথাংগাই কয়।