• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বাধীনতাৰ অমৃত মহোৎসৱ : বঙাইগাঁও লোক নিৰ্মাণ ক্ষেত্ৰীয় পথ সংমণ্ডলৰ আলোচনা চক্ৰ

পেলনীয়া প্লাষ্টিক ব্যৱহাৰ কৰি পথ নিৰ্মাণৰ পোষকতা অভিযন্তা-বিশেষজ্ঞৰ

প্ৰণৱ কুমাৰ ডেকা by প্ৰণৱ কুমাৰ ডেকা
August 12, 2021 8:55 am
aza
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে দেশজুৰি উদযাপন কৰা হৈছে ‘স্বাধীনতাৰ অমৃত মহোৎসৱ শীৰ্ষক কাৰ্যসূচী ।

ৰাষ্ট্ৰীয় গ্ৰাম্য আন্তঃগাঁঠনি উন্নয়ন সন্থাৰ নিৰ্দেশমৰ্মে উদযাপন কৰা এই ‘স্বাধীনতাৰ অমৃত মহোৎসৱ’ৰ কাৰ্যসূচীৰ অধীনত বঙাইগাঁও জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলে বীৰঝৰা পাব্লিক লাইব্ৰেৰীত ‘ প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ নিৰ্মাণত নতুন প্ৰযুক্তিৰ ব্যৱহাৰ, বঙাইগাঁও জিলাৰ গ্ৰাম্য অঞ্চলৰ বিকাশত প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ আঁচনিৰ ( PMGSY) ভূমিকা’ শীৰ্ষক এখন আলোচনা চক্ৰৰ আয়োজন কৰে।

Apply Now

এই আলোচনা চক্ৰৰ মূল উদ্দোশ্য হ’ল প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ অঁচনিৰ সবিশেষ ৰাইজক অৱগত কৰা আৰু এই সন্দৰ্ভত সজাগ কৰা ৷ আনহাতে এই আঁচনিৰ মূখ্য উদ্দেশ্য আছিল যে পাঁচ শতাধিক জনসংখ্যা থকা গাঁৱত সকলো সময়তে ব্যৱহাৰযোগ্য পথ নিৰ্মাণ কৰি মূল পথৰ সৈতে সংযোগ কৰা ৷

আলোচনা  চক্ৰখনৰ আৰম্ভণীতে কনিষ্ঠ অভিযন্তা জ্যোতিৰ্ময় চক্ৰৱৰ্তীয়ে প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ আঁচনিৰ অধীনত পথ নিৰ্মাণত নতুন প্ৰযুক্তি সম্পৰ্কত এক ই-উপস্থাপন( Power Point Presentation) দাঙি ধৰে। তেওঁ কয় যে লাহে লাহে শিল,বালি আদি কমি অহা বাবে পথ নিৰ্মাণত আৱৰ্জনা প্লাষ্টিক, পেভাৰ ব্লক আদি ব্যৱহাৰ কৰিবলৈ লোৱা হৈছে। এই নতুন প্ৰযুক্তিৰ পথ নিৰ্মাণত খৰচো কম আৰু সময়ো কম লাগে।তদুপৰি মেৰামতিও কম কৰিলেই হয় ৷

পৰিৱেশ অনুকুল হয়, প্ৰদূষণ কমে আৰু বিটুমিন কম লাগে। আনহাতে আলোচনা চক্ৰত গ্ৰাম্য পথ বিভাগৰ অধীক্ষক অভিযন্তা পদ্মানন্দ চৌধুৰীয়ে পথ নিৰ্মাণত পেলনীয়া প্লাষ্টিক ব্যৱহাৰ প্ৰযুক্তি (Waste Plastic Technology) সন্দৰ্ভত আৰু কাৰ্যবাহী অভিযন্তা দ্বীপেন মেধিয়ে গ্ৰাম্য পথ নিৰ্মাণত চেল  ফিল্ড কংক্ৰিট পেভমেণ্ট (Cell Filled Concrete Pavement) ৰ বিষয়ে বক্তব্যত উল্লেখ কৰে। এই আধুনিক প্ৰযুক্তিৰ দ্বাৰা নিৰ্মাণ কৰা পথ সহজে নষ্ট নহয়, মেৰামতিৰ প্ৰয়োজন নাই আৰু পথত পানী জমা নহয়।

চহৰ বা ৰাষ্ট্ৰীয় বা ৰাজ্যিক ঘাইপথ সংযোগী প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ নিৰ্মাণ হ’লে সৰ্বসাধাৰণ লোকৰ চহৰলৈ যোৱাৰ সুবিধা হয়, ছাত্ৰ-ছাত্ৰী স্কুল-কলেজলৈ যোৱাত সুবিধা হয়, গাঁৱৰ ৰাইজৰ প্ৰয়োজন সাপেক্ষে হাস্পতাললৈ যোৱাৰ সুবিধা হয়, কৃষিভিত্তিক উদ্যোগ গঢ়ি উঠে বুলিও উল্লেখ কৰে।

মুঠতে গ্ৰাম্য পথৰ নিৰ্মাণে ৰাজ্য তথা দেশৰ উন্নয়নত অৰিহণা যোগায়, সাধাৰণ ৰাইজৰ জীৱিকা নিৰ্বাহৰ মান উন্নত হয়। উল্লেখ্য যে প্ৰথমতে বিগত ২০০০ চনৰ ২৫ ডিচেম্বৰত যেতিয়া প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ আঁচনি আৰম্ভ কৰা হৈছিল তেতিয়া অকল পথ নিৰ্মাণৰ কামহে অন্তৰ্ভুক্ত আছিল ৷

কিন্তু পৰৱৰ্তী পৰ্যায়ত গ্ৰাম্য পথৰ লগতে পকী দলং নিৰ্মাণৰ কামো অন্তৰ্ভুক্ত কৰা হয় এই আঁচনিৰ  আলোচনা চক্ৰত  বঙাইগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া নাদিৰা জেচমিন, জিলা পৰিষদৰ সভাপতি বিজয় সিংহ, সমাজকৰ্মী নীৰেন দাস, বঙাইগাঁও জিলা ক্ষেত্ৰীয় পথ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা অসীম কুমাৰ নাগ আদি ব্যক্তিসকলেও অংশগ্ৰহণ কৰে ৷

আলোচনা চক্ৰখনত বঙাইগাঁও জিলা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ খণ্ড উন্নয়ন বিষয়া, জিলা পৰিষদৰ সদস্য,আঞ্চলিক পঞ্চায়তৰ সদস্য,গাঁও-পঞ্চায়তৰ সভাপতি,সদস্য আদিও উপস্থিত থাকে।

প্ৰণৱ কুমাৰ ডেকা

প্ৰণৱ কুমাৰ ডেকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd