অসম চৰকাৰ আৰু বিটিআৰ পৰিষদে ওদালগুৰি জিলাৰ টংলা জলসিঞ্চন সংমন্ডলৰ কাৰ্যালয় বিলুপ্তকৰণ কৰিবলৈ ওলোৱা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ লগতে টংলা জলসিঞ্চন সংমন্ডলৰ ঠিকাদাৰ সন্থা গৰজি উঠিছে।
এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে আজি টংলা জলসিঞ্চন অতিথিশালাত টংলা জলসিঞ্চন ঠিকাদাৰ সন্থাৰ আহ্বান মৰ্মে অনুষ্ঠিত হয় এখন ৰাজহুৱা সভা।
টংলা জলসিঞ্চন ঠিকাদাৰ সন্থাৰ সভাপতি ড০হৰিৰাম দাসৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি আক্ৰাছু ওদালগুৰি জিলা সমিতি পশ্চিমৰ সভাপতি হেমন্ত বড়া কোচে কয় যে টংলা জলসিঞ্চন সংমন্ডল কাৰ্যালয় কোনো কাৰণেই বিলুপ্তি ঘটাবলৈ দিয়া নহ’ব।
প্ৰয়োজনত পুনৰ কৃষক বিদ্ৰোহৰ উকমুকনি ঘটিব বুলিও সকীয়াই দিয়ে।কৃষক ৰাইজৰ লগতে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা টংলা জলসিঞ্চন সংমন্ডল কায্যালয় বিলুপ্ত কৰিবলৈ লোৱা কায্যত তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।
টংলা জলসিঞ্চন সংমন্ডলৰ কায্যালয় বিলুপ্ত ঘটোৱাৰ নামত কৃষকৰ লগতে ৰাইজক আঘাট হানিব পৰা কাম নকৰে তাৰ প্ৰতিও চৰকাৰৰ লগতে বি টি আৰ কতৃপক্ষক সকীয়াই দিয়ে।
সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ উপ-সভাপতি নিলয় চলিহাই ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি কয় যে যিকোনো মূল্যৰ বিনিময়ত চৰকাৰে গ্ৰহণ কৰা এনে হঠকাৰী সিদ্ধান্ত মনিলোৱা নহব আৰু তীব্ৰ আন্দোলন গঢ়ি তোলাৰ লগতে কৃষক সকলৰ জীৱন- জীৱিকাৰ ওপৰত প্ৰভাৱ পেলাব পৰা কাৰ্যৰ বিৰুদ্ধে মাৰবান্ধি ঠিয় হবলৈ ৰাইজলৈ আহ্বান জনায়।
নিখিল ৰাভা ছাত্র সন্থা টংলা আঞ্চলিক সমিতি, সদৌ অসম ছাত্ৰ সন্থাৰ টংলা আঞ্চলিক সমিতিৰ সভাপতি প্ৰাঞ্জল ডেকা, নিখিল বড়ো ছাত্র সন্থা টংলা আঞ্চলিক সমিতিৰ সভাপতি ৰাজীৱ বড়োয়ে চৰকাৰৰ এই কাৰ্য্যৰ তীব্ৰ প্ৰতিবাদ জনোৱাৰ লগতে অসম চৰকাৰৰ তথা বিটিআৰ চৰকাৰক জনগণৰ বিপৰীতে কাম নকৰিবলৈ আহবান জনায়।
আনহাতে সভাৰ পিছতে জলসিঞ্চন বিভাগৰ ঠিকাদাৰ সন্থাৰ নেতৃত্বত সাতটা ছাত্র সংগঠনে টংলা জলসিঞ্চন সংমণ্ডল কাৰ্যালয় প্ৰাঙ্গনত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।