• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“গ্ল’ৱেল টিচাৰ এৱাৰ্ড” ২০২১ৰ বাবে নিৰ্বাচিত টীয়কৰ যুৱ শিক্ষক পৰাগ শইকীয়া

নিৰ্মলেন্দু পাঠক by নিৰ্মলেন্দু পাঠক
September 7, 2021 5:34 pm
tpp
149
VIEWS
Share on FacebookShare on Twitter

যোৰহাট জিলাৰ টীয়কৰ বনাই উচ্চ-মাধ্যমিক বিদ্যালয়ৰ যুৱ শিক্ষক পৰাগ শইকীয়াই আন্তঃ ৰাষ্ট্ৰীয় শৈক্ষিক ক্ষেত্ৰত অসম তথা ভাৰতবৰ্ষৰ নাম জিলিকাই, ২০২১ বৰ্ষৰ গ্ল’ৱেল টিচাৰ এৱাৰ্ডৰ বাবে নিৰ্বাচিত হৈছে।

যোৱা ১২ আগষ্টত ডুবাইৰ পৰা আয়োজন কৰা ভাৰ্চুৱেল প্ৰেজেন্টেচনত পৰাগ শইকীয়াই আন্ত:ৰাষ্ট্ৰীয় বিচাৰকমণ্ডলীৰ সন্মুখত প্ৰতিটো তথ্যৰ পুংখানুপুংখ বিশ্লেষণ আগবঢ়াই “গ্ল’বেল টিচাৰ এৱাৰ্ড” অৰ্জন কৰিবলৈ সক্ষম হৈছে।

অহা ১০ অক্টোৱৰত ভাৰ্চুৱেল মাধ্যমত বিশ্বৰ ১১০ খন ৰাষ্ট্ৰৰ নিৰ্বাচিত শিক্ষক সকলক এই বটাঁ প্ৰদান কৰা হ’ব৷

উল্লেখযোগ্য যে ২০১৭ বৰ্ষত সম্পূৰ্ণ নিজা প্ৰচেষ্টাৰে বনাই উ:মা: বিদ্যালয়ত স্মাৰ্ট ক্লাছ গঢ়াৰ লগতে ২০২০ বৰ্ষত ক’ভিড-১৯ মহামাৰীৰ ফলত দেশজুৰি শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ সময়ছোৱাত শিক্ষাৰ্থীসকলৰ শৈক্ষিক ধাৰাবাহিকতা ৰক্ষাৰ বাবে লোৱা বিশেষ প্ৰচেষ্টা হাতত লৈছিল।

সমান্তৰালকৈ ক’ভিড-১৯ সম্পৰ্কত জনসজাগতা সৃষ্টি আৰু শিক্ষাৰ্থীসকলৰ সৃষ্টিমূলক দক্ষতা বৃদ্ধিৰ বাবে লকডাউনৰ সময়ছোৱাত “খোজ” নামৰ শৈক্ষিক অনলাইন আলোচনী প্ৰকাশৰ ব্যৱস্থা কৰিছিল যুৱ শিক্ষক পৰাগ শইকীয়াই।

ইয়াৰ উপৰি ২০২১ বৰ্ষৰ ক’ৰোণাৰ দ্বিতীয় ঢৌ আগমণৰ সময়তে জনসজাগতা বৃদ্ধিৰ বাবে ছাত্ৰ- ছাত্ৰীক লৈ আৰম্ভ কৰা ৰাজহুৱা জনসজাগতা পোষ্টাৰিং কাৰ্যসূচী,  বিদ্যালয়বন্ধৰ সময়চোৱাত শিক্ষাৰ্থীসকলক প্ৰকৃতি সংৰক্ষণ আৰু শিক্ষাগুৰুৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ ব্যৱহাৰিক শিক্ষাদানৰ বাবে আৰম্ভ কৰা ” গুৰুদক্ষিণা: গুৰুৰ বাবে এজোপা গছ”  শীৰ্ষক ব্যতিক্ৰমী কাৰ্যসূচী  গ্আৰহণ কৰিছিল।

ৰ সম্পূৰ্ণৰূপে তথ্য- প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে ধাৰাবাহিক ভাবে কৰি অহা অনলাইন শিক্ষাদান আৰু মূল্যায়ন প্ৰচেষ্টাৰ বাবে শিক্ষকগৰাকীক এই বটাঁৰ বাবে নিৰ্বাচিত হৈছে বুলি জানিব পৰা গৈছে।

যোৰহাট টীয়কৰ গ্ৰামাঞ্চল বনাইৰ “বনাই উচ্চ- মাধ্যমিক বিদ্যালয়ৰ” যুৱ শিক্ষক পৰাগ শইকীয়াৰ এই সফলতাত বিদ্যালয় খনৰ শিক্ষাৰ্থী,শিক্ষক, অভিভাৱক, শুভাকাংক্ষীসকল উৎফুল্লিত হৈ পৰা দেখা গৈছে।

যোৰহাট জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শক দেৱজ্যোতি গগৈ, সমগ্ৰ শিক্ষা অভিযান যোৰহাটৰ বিষয়াসকল, পূব যোৰহাট শিক্ষাখণ্ডৰ বিষয়া কৰ্মচাৰীৰ লগতে টীয়কৰ বিভিন্ন দল সংগঠন, শিক্ষানুৰাগী ব্যক্তিয়ে অভিনন্দন জনাইছে৷

Recent News

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক হত্যাকাৰী আখ্যা ৰাইজৰ দলৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

বলবম যাত্ৰাক লৈ কবিতা লিখাই হল কাল : প্ৰগতিশীল শিক্ষক-কবি ৰাজনীশ গংগৱাৰৰ বিৰুদ্ধে এজাহাৰ আৰক্ষীৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

অসমত চৰকাৰী উদ্যোগত চলি থকা উচ্ছেদৰ বিৰোধিতা অসম নাগৰিক সমাজৰ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

‘‘বাতৰিটো ভালকৈ বজাব” : পত্নীক হত্যা কৰি থানাত আত্মসমৰ্পণ কৰা স্বামীৰ অনুৰোধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd