• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰবীণ শিক্ষাবিদ বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাৰ মৃত্যু

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
September 7, 2021 7:35 pm
ssi
204
VIEWS
Share on FacebookShare on Twitter

শিৱসাগৰ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন অধ্যাপক বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাৰ হৃদ ৰোগত আক্ৰান্ত স্থানীয় প্ৰগতি নাৰ্চিং হোমত চিকিৎসাধীন অৱস্থাতে  মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ।

প্ৰয়াত বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাই ২০০০ চনৰ ৩১ ডিচেম্বৰত  শিৱসাগৰ মহাবিদ্যালয়ৰ পৰা ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰিছিল।

অৱসৰ গ্ৰহণৰ পিছতে তেওঁ শিৱসাগৰৰ এখন ব্যক্তিগত মহাবিদ্যালয়ত অধ্যাপক হিচাপে কাম কৰিছিল। ইয়াৰোপৰি তেওঁ শিৱসাগৰ যুৱ দ’লৰ প্ৰাক্তন সভাপতি আৰু সম্পাদকৰ দায়িত্ব  পালন কৰাৰ লগতে শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি, শ্ৰী শ্ৰী শংকৰদেৱ সমাজৰ কাৰ্যকৰী সভাপতি হিচাপে অতি নিষ্ঠাৰে দায়িত্ব পালন কৰি আহিছিল। ইয়োৰোপৰি তেওঁ অসম সাহিত্য সভাৰ সদস্য হোৱাৰ লগতে আন বহু দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল।

আজি পুৱা তেওঁৰ নশ্বৰ দেহত বিভিন্ন দল সংগঠনৰ লগতে ব্যক্তিবিশেষে শেষ শ্ৰদ্ধা নিবেদন কৰে। শ্ৰী শ্ৰী শংকৰ সমাজৰ হৈ অনিল দত্তই, যুৱ দ’লৰ হৈ কাৰ্তিক চন্দ্ৰ দত্তই, শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সৌমাৰজ্যোতি মহন্তৰ লগতে ৰাজহংস ক্লাৱৰ হৈ বিপুল চিলা ওজা আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্ৰকাশ কটকীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ইয়াৰ পিছতেই তেওঁৰ নশ্বৰ দেহ শংকৰ সমাজৰ নামঘৰ যুৱদ’লত সমুহীয়াভাৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত শিৱসাগৰ মহাবিদ্যালয়লৈ নিয়া হয় আৰু মহাবিদ্যালয়ৰ তৰফৰ পৰা শেষ শ্ৰদ্ধা জনায়।

শেষত তেওঁ নশ্বৰ দেহ অজস্ৰ গুণমুগ্ধৰ উপস্থিতিত  থানামুখৰ শান্তিবন শ্মশানত শেষকৃত কৰা হয়।

মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু দুগৰাকী কন্যাৰ লগতে বহু আত্মীয়ক ইহ সংসাৰত এৰি থৈ গৈছে।

উল্লেখ্য যে ১ জানুৱাৰী ১৯৪২ চনত টিয়কত জন্ম গ্ৰহণ কৰা বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাই টীয়ক হাইস্কুল, যোৰহাটৰ জেবি কলেজ আৰু গুৱাহাটী বিশ্ব বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰিছিল।

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছতেই বীৰেন্দ্ৰ চন্দ্ৰ বৰুৱাই টিয়ক হাইস্কুলত শিক্ষাকতা কৰে। তাৰপিছত কম সময়ৰ বাবে অসম চৰকাৰৰ অৰ্থনীতি আৰু পৰিসংখ্যা বিভাগত inspector of statistics হিচাপে কাম কৰে।

স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ জাঁজী কলেজত প্ৰতিষ্ঠাপক কালৰে পৰা শিক্ষক হিচাপে কাম কৰে। ১৯৬৫ চনৰ ২৬ অক্টোবৰৰ পৰা শিৱসাগৰ মহাবিদ্যালয়ত ইংৰাজী বিভাগৰ প্ৰবক্তা হিচাপে যোগদান কৰি ২০০০ চনৰ ৩১ ডিচেম্বৰত অৱসৰ গ্ৰহণ কৰিছিল।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd