• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাভা জাতীয় যুৱ পৰিষদৰ বিষয়ববীয়াক আক্ৰমণ, পুনৰ উত্তপ্ত হোৱাৰ দিশে ৰাভা হাছং পৰিষদ

নীলমণি শৰ্মা by নীলমণি শৰ্মা
September 9, 2021 1:03 pm
dudh
124
VIEWS
Share on FacebookShare on Twitter

ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদীয় এলেকাত যোৱা ৬ চেপ্তেম্বৰত “ৰাভা জাতীয় যুৱ পৰিষদ” নামৰ এটা জাতীয় সংগঠনে নতুনকৈ জন্ম লাভ কৰাৰ পিচতেই নতুন সংগঠনটোৰ সম্পাদকৰ লগতে আন তিনিগৰাকী বিষয়ববীয়াক দুৰ্বৃত্তই আক্ৰমণ কৰাত পুনৰ উত্তপ্ত হোৱাৰ দিশে আগবাঢ়িছে ৰাভা হাছং পৰিষদীয় এলেকা৷

জানিব পৰা মতে, যোৱা নিশা পৃথকে পৃথকে তিনিটাকৈ আক্ৰমণৰ ঘটনা সংঘটিত হয় দুধনৈত ৷

প্ৰথমটো আক্ৰমণ সংঘটিত হয় সন্ধিয়া প্ৰায় সাত বজাত৷ বিজেপিৰ কুশধোৱা জিলা পৰিষদৰ সদস্য তথা ৰাভা হাছং ষষ্ঠ অনুসূচী দাবী সমিতিৰ প্ৰাক্তন সভাপতি কুশধ্বজ ৰংখই দুধনৈ চহৰৰ পৰা নিজ বাসগৃহলৈ মটৰ চাইকেলেৰে গৈ থকা সময়তে এখন মাৰুতি ৱাগনাৰ বাহনত অহা দুৰ্বৃত্তৰ এটা দলে বাট আগচি ধৰি তেওঁক প্ৰহাৰ কৰে ৷

এই আক্ৰমণত কুশধ্বজ ৰংখ গুৰুতৰ ভাবে আহত হৈ চিকিৎসাধীন হব লগা হয়৷ তাৰ ঠিক কিছুসময় পিচতে দুখন ব’লেৰো বাহনত অহা দুৰ্বৃত্তৰ আন এটা দলে কুশধ্বজ ৰংখৰ খবৰ লবৰ বাবে দুধনৈ অভিমুখে আহি থকা গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা নতুনকৈ জন্ম লাভ কৰা সংগঠনটোৰ সম্পাদক প্ৰফুল্ল ৰংখৰ বাহনখনক কৃষ্ণাই শালপাৰাৰ পৰা পিছ লৈ দুধনৈৰ হৰি মন্দিৰৰ কাষত পিছপিনৰ পৰা খুন্দিয়াই অচল কৰি দিয়ে।

লগতে দুৰ্বৃত্তৰ দলটোৱে লোৰ ৰদ, লাঠি, শিল আদিৰে আক্ৰমণ চলায়৷ দুৰ্বৃত্তৰ আক্ৰমণত গোৱালপাৰা আৰছুৰ প্ৰাক্তন সভাপতি গৰাকীৰ বাহনখন চুৰ্ণবিচুৰ্ণ হৈ পৰাৰ উপৰিও প্ৰফুল্ল ৰংখকো প্ৰহাৰ কৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে৷

এই দুগৰাকী ব্যক্তিক আক্ৰমণ কৰাৰ উপৰিও নিকাচৰণ ৰাভা আৰু ৰূপম ৰাভাকো দুৰ্বৃত্তই আক্ৰমণৰ লক্ষ্য কৰি লয়৷ এই সম্পৰ্কত নতুনকৈ গঠন হোৱা “ৰাভা জাতীয় যুৱ পৰিষদে” দুধনৈ পৰিদৰ্শন বঙলাত অনুষ্ঠিত কৰা এক সংবাদমেলত সংগঠনটোৰ সম্পাদক প্ৰফুল্ল ৰংখই এই আক্ৰমণৰ ঘটনাৰ আঁৰত ৰাভা হাছং পৰিষদৰ চিফ টংকেশ্বৰ ৰাভাৰ হাত আছে বুলি অভিযোগৰ আঙুলি টোৱায়৷

হাছং চিফ টংকেশ্বৰ ৰাভাৰ নিৰ্দেশতেই একাংশ আৰছুৰ সদস্যই এই আক্ৰমনৰ ঘটনা সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে৷

ৰাভা হাছঙৰ বহু সমস্যা সমাধানৰ লগতে ৰাভা জাতিৰ উত্তোৰত্তৰ উন্নতি কামনা কৰি জাতীয় স্বাৰ্থত নতুনকৈ গঠন হোৱা সংগঠনটোৰ প্ৰতি কিয় শংকিত হৈ পৰিছে বুলিও প্ৰশ্ন কৰে সংগঠনটোৱে৷ ইতিমধ্যে দুধনৈ আৰক্ষী থানাত এই ঘটনা সম্পৰ্কত সুকীয়া সুকীয়াকৈ তিনিখন এজাহাৰ দাখিল কৰিছে৷

এই এজাহাৰৰ ভিত্তিত দুধনৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে৷ সংবাদ মেলত নতুনকৈ গঠন হোৱা সংগঠনটোৰ উপদেষ্টা কুশধ্বজ ৰংখ, সভাপতি প্ৰফুল্ল ৰাভা, বিষয়ববীয়া নিকাচৰণ ৰাভা, অশোক ৰাভাৰ লগতে আন কেবাগৰাকী বিষয়ববীয়া উপস্থিত থাকে৷

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd