• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home অভিমত

‘গঁড়ৰ আত্মা’ৰ সদগতি! মুখ্যমন্ত্ৰী মহোদয়, খৰ্গ কেইটা সংৰক্ষণ কৰিলে কাৰ কি ক্ষতি হ’লহেঁতেন?

জ্বলি গ'ল ২৪৭৯টা গঁড়ৰ খৰ্গ ,চিতাত জ্বলি যোৱা দ্ৰোন খনৰ মূল্য কাৰ পৰা আদায় কৰা হ'ব?

দুলাল মিশ্ৰ,গুৱাহাটী by দুলাল মিশ্ৰ,গুৱাহাটী
September 22, 2021 3:56 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্ব গঁড় দিৱসৰ দিনাই অসম চৰকাৰৰ উদ্যোগত এক ‘উৎসৱ’ অনুষ্ঠিত কৰা হ’ল।

যি এশিঙীয়া গঁড়ৰ বাবে অসম আজি বিশ্বত পৰিচিত সেই গঁড়ৰেই দুই সহস্ৰাধিক খৰ্গ আজি সম্পূৰ্ণ চৰকাৰী উদ্যোগত জ্বলাই দিয়া হ’ল।

Apply Now

চৰকাৰে ৰাজকোষৰ ধন ব্যয় কৰি গঁড়ৰ খৰ্গ জ্বলোৱা অনুষ্ঠানত ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষতাৰ বিষয়টোক অংগুষ্ঠ প্ৰদৰ্শন কৰি বৈদিক নীতিৰে কৰা হ’ল পূজা-পাঠ।

কেৱল সেয়াই নহয়, ২১ জন পুৰোহিতৰ দ্বাৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বৈদিক পৰম্পৰাৰে মৃত গঁড়ৰ আত্মাৰ সদগতিৰ বাবে পূজা-পাঠ কৰা হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘মুখাগ্নি’ কৰাৰ পিছতে জ্বলাই দিয়া হয় ২৪৭৯টা খৰ্গ। ইয়াৰ মাজতে এটা অঘটনো ঘটি যায়।

মুখ্যমন্ত্ৰীয়ে যি খন দ্ৰোনেৰে গঁড়ৰ খৰ্গ জ্বলাই দিয়া চিতাত অগ্নি সংযোগ কৰিছিল সেই চিতা খনেই ভুল পৰিচালনাৰ বাবে চিতাত পৰি যায় আৰু সম্পূৰ্ণ ৰূপে ভষ্মীভূত হয়।

দিল্লীৰ পৰা অনা সেই দ্ৰোন খনৰ মূল্য কেইবালাখ টকা হ’ব বুলি জানিব পৰা গৈছে।

চিতাত গঁডৰ খৰ্গৰ সৈতে ভুল পৰিচালনাৰ বাবে একেলগে জ্বলি যোৱা দ্ৰোন খনৰ দাম এতিয়া মুখ্যমন্ত্ৰীৰ  নিজৰ পুজিৰ পৰা কটা হ’ব নে সাধাৰণ জনতাৰ পৰা আদায় কৰা হ’ব তাকেলৈয়ো মানুহৰ মাজত প্ৰশ্নৰ উদয় হৈছে।

বিশ্ব গঁড় দিৱসৰ দিনাই এনেদৰে অসমৰ গৌৰৱ এশিঙীয়া গঁড়ৰ খৰ্গ জ্বলাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি চৰকাৰ তথা গেৰুৱা বাহিনীৰ বহুতে আত্ম সন্তুষ্টি লভিছে যদিও এনে কাৰ্যক মুঠেও বিবেচক কাৰ্য বুলি মানি ল’ব বিচৰা নাই বহুতে।

চৰকাৰী কাৰ্যসূচীত পুৰোহিতৰ দ্বাৰা পূজা-পাঠ আদিৰ দৰে ঘটনাক বহুতে ধিক্কাৰ দিয়াৰ লগতে বিশ্ব গঁড় দিৱসৰ দিনাই গঁড়ৰ খৰ্গ খিনি সংৰক্ষণৰ দিহা কৰাৰ পৰিৱৰ্তে জ্বলাই দিয়াৰ কথাটোও বহুতে সহজ ভাবে ল’ব পৰা নাই।

অসমত এতিয়া চোৰাং চিকাৰীৰ দৌৰাত্মৰ বাবে গঁড় সমূহ অস্তিত্বৰ সংকটত ভুগিছে। চৰকাৰে গঁড়ৰ সুৰক্ষা দিয়াত কোনোপধ্যে সফল হোৱা বুলি আজিলৈকে দাবী কৰিব পৰা হোৱা নাই।

গঁড়ৰ খৰ্গৰ চোৰাং বেহাৰ সৈতে আনকি বন বিভাগৰেই কৰ্মচাৰীও জৰিত হৈ থকাৰ কথা একাধিক বাৰ পোহৰলৈ আহিছে।

এনে পৰিস্থিতিত কলৰ সোঁতত এদিন হয়তো অসমৰ এশিঙীয়া গঁড়ৰ কেৱল ছবিতহে জীয়াই থাকিবগৈ।

চৰকাৰে কেইবা দশক ধৰি ৰাজ্যৰ কেইবাটাও কোষাগাৰত সংৰক্ষণ কৰি ৰখা গঁড়ৰ খৰ্গসমূহ জ্বলাই দিয়াৰ সলনি যদি বিজ্ঞানসন্মতভাবে সংৰক্ষণৰ ব্যৱস্থা কৰিলেহেঁতেন তেন্তে সেয়া নতুন পুৰুষৰ লগতে দেশ-বিদেশৰ পৰ্যটকৰ বাবেও এক আকৰ্ষণৰ সমল হ’লহেঁতেন।

ইয়াকে নকৰি চৰকাৰে জব্দ অথবা উদ্ধাৰ কৰা গঁড়ৰ খৰ্গসমূহ চৰকাৰী ধন খৰচ কৰি পূজা-পাঠৰ মাজেৰে জ্বলাই দিয়াৰ কথাটো কোনোপধ্যে সহজভাবে ল’ব পৰা বিষয় নহয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্ৰাগছ জ্বলাই দিয়া কাৰ্যৰ সৈতে গঁড়ৰ খৰ্গ জ্বলাই দিয়া কাৰ্যক ৰিজাব বিচাৰিছে যদিও সেয়াও সমৰ্থন যোগ্য কথা নহয়।

দ্ৰাগছ জ্বলাই নিদি সংগ্ৰহালয়ত সংৰক্ষণ কৰিলে সেয়া নৱপ্ৰজন্মৰ বাবে হঠকাৰী পদক্ষেপ হ’লহেঁতেন যদিও গঁড়ৰ খৰ্গ সংগ্ৰহালয়ত সংৰক্ষণ কৰিলে তাৰ পৰা নৱপ্ৰজন্মকে ধৰি সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃতহে হ’লহেঁতেন।

সেই খৰ্গ কেইটা সংৰক্ষণ কৰিবলৈ অসমত ইমানেই ঠাইৰ অভাৱ হ’ল নে? চৰকাৰে কেৱল চমক সৃষ্টিৰ বাবেই এনেদৰে বহু আপুৰুগীয়া সম্পদ জ্বলাই ধ্বংস কৰাৰ বিষয়টোক বহুতেই সহজ ভাবে ল’ব পৰা নাই।

কিছুদিন পূৰ্বে গঁড়ৰ খৰ্গ পৰীক্ষা কৰোতে খৰ্গৰ ঠাইত বহু কেইটা বাঁহৰ মূঢ়াহে ওলাইছিল।

অৰ্থাৎ আচল খৰ্গ হৰলুকি কৰি তাৰ ঠাইত কোষাগাৰত বাঁহৰ মূঢ়া থৈ দিয়া হৈছিল। চৰকাৰী কৰ্মাচাৰীক বাদ দি এনে কাম কোনেও কৰিব নোৱাৰে।কিন্তু চৰকাৰে গঁড়ৰ খৰ্গ হৰলুকি কৰা তেনে চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে আজিলৈকে কিবা ব্যৱস্থা গ্ৰহণ কৰিছেনে? সেই বিষয়ে চৰকাৰ নিমাত।

আজি জ্বলাই দিয়া গঁড়ৰ খৰ্গসমূহৰ ভিতৰতো যে বাঁহৰ মূঢ়া নাথাকিব তাৰ কি নিশ্চিতি আছে বুলিও সেয়ে বহুতৰে মাজত আলোচনা হোৱা দেখা গৈছে।

নে কোনোৱা বিশেষ চৰকাৰী বিষয়াক ৰক্ষণাবেক্ষণ দিয়াৰ বাবেই বাঁহৰ মূঢ়াকে গঁড়ৰ খৰ্গ বুলি জ্বলাই দিয়া হ’ল? মুখ্যমন্ত্ৰীয়ে পূৰ্বে প্ৰমাণ হোৱা বাঁহৰ মূঢ়াৰ প্ৰসংগটো সন্দৰ্ভত অৱগতনে?

এনেবোৰ প্ৰশ্নই এতিয়া সচেতন মহলৰ মাজত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে। সামাজিক মাধ্যমতো গঁড়ৰ খৰ্গ জ্বলাই দিয়াৰ বাবে চৰকাৰ কটু সমালোচনাৰ সন্মুখীন হোৱা দেখা গৈছে।

গঁড়ৰ খৰ্গৰ ক্ষেত্ৰত মানুহৰ মাজত যিবোৰ অন্ধবিশ্বাসে গা কৰি উঠিছে তাৰ কোনো ভিত্তি নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য সমৰ্থনযোগ যদিও গঁড়ৰ খৰ্গ জ্বলাই দিয়াৰ জৰিয়তে গঁড় হত্যাৰ বিৰুদ্ধে কেনেদৰে সজাগতাৰ সৃষ্টি হ’ব সেয়াহে ভাবিবলগীয়া কথা।

হয়, মুখ্যমন্ত্ৰী কোৱাৰ দৰেই গঁড়ৰ খৰ্গৰ কোনো মূল্য নাই। কিন্তু সেই খৰ্গটোৰ বাবেই দেশ-বিদেশৰ পৰ্যটকে অসমলৈ আহে গঁড় চাবলৈ।

মূল্য নাথাকিল বুলিয়েই সেয়া জ্বলাই দিব লাগিব তাৰো কোনো অৰ্থ নাই। জ্বলাই দিয়া গঁড়ৰ খৰ্গ খিনিৰ অৰ্থনৈতিক মূল্য নাথাকিলেও সামাজিক,শৈক্ষিক আদি মূল্য হয়তো বহু পৰিমাণে আছিল।যি মূল্যক আজি জ্বলাই  ধ্বংস কৰা হ’ল।

দুলাল মিশ্ৰ,গুৱাহাটী

দুলাল মিশ্ৰ,গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

‘বজৰুৱা সংস্কৃতি!’ বদ্ৰীনাথ ধামত ‘ডিজে কনচাৰ্ট’, সৰৱ প্ৰবীণ বিজেপি নেতা মুৰলী মনোহৰ যোশী

September 28, 2026 9:24 am
স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

স্থগিত বেংকৰ ধৰ্মঘট, বৈঠকত সমাধান সূত্ৰ পোৱাৰ পিছতে ঘোষণা ইউনিয়নৰ; গ্ৰাহকৰ বাবে সকাহ

September 28, 2026 8:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত কি ক’লে ককৰোচ জনতা পাৰ্টিৰ আশুতোষ ৰাংকাই?

September 28, 2026 11:43 am
পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

পাকিস্তানৰ পৰা আফগানিস্তানত প্ৰৱেশ কৰিছিল উগ্ৰপন্থী! নুৰিস্তানত ২৮ জনক হত্যা কৰাৰ দাবী তালিবানৰ

September 28, 2026 10:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd