• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজি সংযুক্ত কিষাণ মৰ্চাৰ ভাৰত বন্ধৰ আহ্বান,স্তব্ধ হ’ব সমগ্ৰ দেশ

ৰাষ্ট্ৰীয় ৰাজধানীত বৃদ্ধি নিৰাপত্তা ব্যৱস্থা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2021 1:48 pm
NATIONALTOP STORIES Farmer Unions Call For Bharat Bandh
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰুদ্ধে কৃষক সংগঠনসমূহে আহ্বান কৰা ভাৰত বন্ধৰ পৰিপ্ৰেক্ষিতত দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ৰাজধানীৰ সীমান্ত অঞ্চলসমূহত নিৰাপত্তা বৃদ্ধি কৰিছে।

কৃষক আন্দোলনৰ নেতৃত্ব দিয়া ৪০ টাতকৈও অধিক কৃষক সংস্থাযুক্ত সংযুক্ত কিষাণ মৰ্চা নামৰ সংস্থাটোৱে ইয়াৰ পূৰ্বে ৰাইজক বন্ধত যোগদান কৰিবলৈ আহ্বান জনাইছিল।

কিষাণ মৰ্চাই এক বিবৃতিত কয়, “এই ঐতিহাসিক সংগ্ৰাম ১০ মাহ সম্পূৰ্ণ হোৱাৰ লগে লগে এছকেএমে সোমবাৰে কৃষক বিৰোধী মোদী চৰকাৰৰ বিৰুদ্ধে ভাৰত বন্ধ হিচাপে পালন কৰিবলৈ আহ্বান জনাইছে।”

Apply Now

“ কৃষাণ মৰ্চাই প্ৰতিজন ভাৰতীয়ক এই দেশব্যাপী আন্দোলনত যোগদান কৰিবলৈ আৰু ভাৰত বন্ধক এক সফলতা প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। বিশেষকৈ আমি শ্ৰমিক, ব্যৱসায়ী, পৰিবহনকাৰী, ব্যৱসায়ী, শিক্ষাৰ্থী, যুৱ আৰু মহিলা আৰু সকলো সামাজিক আন্দোলনৰ সংগঠনক সোমবাৰে কৃষকসকলৰ সৈতে একাত্মতা বঢ়াবলৈ অনুৰোধ জনাইছো।”- বিবৃতিটোত এইদৰে কোৱা হৈছে।

সোমবাৰে পুৱা ৬ বজাৰ পৰা আবেলি ৪ বজালৈ বন্ধ পালন কৰা হ’ব। এই সময়ছোৱাত সকলো চৰকাৰী আৰু ব্যক্তিগত কাৰ্যালয়, শৈক্ষিক আৰু অন্যান্য প্ৰতিষ্ঠান, দোকান, উদ্যোগ আৰু বাণিজ্যিক প্ৰতিষ্ঠানৰ লগতে সমগ্ৰ দেশতে ৰাজহুৱা অনুষ্ঠান আৰু ব্যক্তিগত অনুষ্ঠান সমুহ বন্ধ থাকিব।

অৱশ্যে বন্ধৰ সময়ছোৱাত চিকিৎসালয়, দৰৱৰ দোকান, সাহায্য আৰু উদ্ধাৰমূলক কাম আৰু ব্যক্তিগত জৰুৰীকালীন অৱস্থাত উপস্থিত থকা লোকসকলকে ধৰি সকলো জৰুৰীকালীন প্ৰতিষ্ঠান আৰু অত্যাৱশ্যকীয় সেৱাক ৰেহাই দিয়া হ’ব।

এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই জনোৱা মতে বন্ধৰ সময়ত এক শৃংখলাবদ্ধ পৰিস্থিতি বজাই ৰাখিবলৈ আৰু বন্ধৰ সময়ত ৰাষ্ট্ৰীয় ৰাজধানীত যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিহত কৰিবলৈ পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।

ইতিমধ্যে আৰক্ষীৰ টহল তীব্ৰতৰ কৰা হৈছে। বিশেষকৈ সীমান্ত অঞ্চলৰ ওপৰেৰে অতিৰিক্ত কৰ্মচাৰী মোতায়েন কৰা হৈছে আৰু ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ কৰা প্ৰতিখন বাহনৰ পুংখানুপুংখ পৰীক্ষা কৰা হৈছে।

নতুন দিল্লীৰ আৰক্ষী উপায়ুক্ত দীপক যাদৱে কয়, “ভাৰত বন্ধৰ প্ৰতি লক্ষ্য ৰাখি সতৰ্কতামূলক ব্যৱস্থা হিচাপে পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা কৰা হৈছে। সীমান্ত অঞ্চলত পহৰাদাৰী শক্তিশালী কৰা হৈছে আৰু ইণ্ডিয়া গেট আৰু বিজয় চককে ধৰি সকলো গুৰুত্বপূৰ্ণ স্থানত পৰ্যাপ্ত নিয়োজন আছে।”

বিষয়াজনে লগতে কয় যে চহৰখনৰ সীমাত থকা তিনিটা প্ৰতিবাদস্থলীৰ পৰা কোনো প্ৰতিবাদকাৰীক দিল্লীত প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হোৱা নাই।

স্মৰ্তব্য যে, যোৱা বছৰৰ নৱেম্বৰৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ কৃষকসকলে বিশেষকৈ পঞ্জাৱ, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশৰ কৃষকসকলে কেন্দ্ৰীয় চৰকাৰে প্ৰৱৰ্ত্তন কৰা তিনিখন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ দাবীত দিল্লীৰ সীমাত প্ৰতিবাদ কৰি আহিছে।

কিন্তু চৰকাৰে তিনিওখন আইনক মুখ্য কৃষি সংস্কাৰ হিচাপে প্ৰক্ষেপ কৰি আহিছে আৰু প্ৰতিবাদকাৰী কৃষকসকলৰ দাবীলৈ কোনো ভ্ৰুক্ষেপ কৰা নাই। দুয়ো পক্ষৰ মাজত ১০ টাতকৈও অধিক পৰ্যায়ৰ আলোচনা হৈছে যদিও কৃষি আইন বাতিল নকৰা পৰ্যন্ত কৃষক সকলে প্ৰতিবাদ অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd