• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ সমৰ্থন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 27, 2021 5:23 pm
CJI NV Ramana asks women to seek 50% 'Representation' in judiciary
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এনভি ৰমনাই দেওবাৰে ন্যায়পালিকাত মহিলাসকলৰ বাবে ৫০ শতাংশ সংৰক্ষণ আৰু সমগ্ৰ দেশৰ আইন মহাবিদ্যালয়সমূহত একে ধৰণৰ সংৰক্ষণৰ দাবীক সমৰ্থন কৰিছে।

উচ্চতম ন্যায়ালয়ৰ মহিলা অধিবক্তাসকলক সম্বোধন কৰি মুখ্য ন্যায়াধীশ গৰাকীয়ে কয়, “ ন্যায়পালিকা আৰু আইন মহাবিদ্যালয়ত সংৰক্ষণ আপোনালোকৰ অধিকাৰ। আপোনালোকে সেই দাবী কৰাৰ অধিকাৰ আছে।”

“ন্যায়পালিকাত মহিলাসকলৰ বাবে আমাক ৫০ শতাংশ সংৰক্ষণৰ প্ৰয়োজন।এইটো হাজাৰ হাজাৰ বছৰৰ অৱদমনৰ বিষয়। ন্যায়পালিকাৰ নিম্ন স্তৰত ৩০ শতাংশতকৈও কম ন্যায়াধীশ মহিলা আছে। উচ্চ ন্যায়ালয়ত ইয়াৰ পৰিমাণ ১১.৫ শতাংশ। উচ্চতম ন্যায়ালয়ত মাত্ৰ ১১-১২ শতাংশ মহিলা।” তেওঁ কয়।

Apply Now

“দেশৰ ১.৭ নিযুত অধিবক্তাৰ ভিতৰত মাত্ৰ ১৫ শতাংশ মহিলা। ৰাজ্যিক বাৰ পৰিষদত মাত্ৰ দুই শতাংশ নিৰ্বাচিত প্ৰতিনিধি মহিলা। মই এই বিষয়টো উত্থাপন কৰিছিলো যে ইণ্ডিয়া নেচনেল কমিটিৰ বাৰ কাউন্সিলত কিয় এগৰাকীও মহিলা প্ৰতিনিধি নাই” বৈঠকত এইদৰে মন্তব্য কৰে এনভি ৰমনে।

তেওঁ এই বিষয়বোৰ জৰুৰীভাৱে সংশোধন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
দাৰ্শনিক কাৰ্ল মাৰ্ক্সৰ উদ্ধৃতিৰে তেওঁ কয় যে বিশ্বৰ মহিলাসকল একত্ৰিত হোৱা প্ৰয়োজন।মহিলা সকলৰ হেৰুৱাবলৈ একো নাই, কিন্তু পাবলৈ অনেক আছে।

তেওঁ লগতে “মহিলা উকীলসকলে সন্মুখীন হোৱা প্ৰত্যাহ্বান”ৰ ওপৰত আলোকপাত কৰে, যাৰ ভিতৰত আছে অস্বস্তিকৰ কামৰ পৰিৱেশ, মহিলাৰ বাবে ৱাছৰুমৰ দৰে আন্তঃগাঁথনিৰ অভাৱ আৰু কৰ্মৰত মাতৃসকলৰ বাবে শিশুগৃহ।

মুখ্য ন্যায়াধীশৰ মন্তব্যক ন্যায়াধীশ বিভি নাগাৰাথনে সমৰ্থন কৰে আৰু উচ্চ প্ৰসংশা কৰে।

উল্লেখ্য যে বিভি নাগাৰাথন ১ ছেপ্টেম্বৰত শীৰ্ষ আদালতৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰা তিনিগৰাকী মহিলাৰ ভিতৰত অন্যতম আছিল।

২০২৭ চনত ভাৰতৰ প্ৰথম গৰাকী মহিলা মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি পাবলগীয়া ন্যায়াধীশ নাগাৰাথনাই কয় যে ন্যায়পালিকাত মহিলাৰ অংশগ্ৰহণ আগবঢ়োৱাটোৱে আন ক্ষেত্ৰতো লিংগ সমতাক উদগনি দিয়ে।

মহিলাৰ ন্যায়িক নিযুক্তিয়ে লিংগ গতানুগতিকতা সলনি কৰিব পাৰে, যাৰ ফলত পুৰুষ আৰু মহিলাৰ উপযুক্ত ভূমিকাৰ বিষয়ে মনোভাৱ আৰু ধাৰণা সলনি হ’ব পাৰে। ন্যায়িক বিষয়া হিচাপে মহিলাৰ দৃশ্যমানতাই অন্যান্য সিদ্ধান্ত লোৱাৰ স্থিতিত অধিক প্ৰতিনিধিত্বৰ পথ প্ৰশস্ত কৰিব পাৰে বুলি মন্তব্য কৰে নাগাৰাথনাই।

প্ৰচলিত পৰিকাঠামো ভাঙি মহিলাসকলে আগবাঢ়ি যাবলৈ চেষ্টা কৰাৰ সময় আহি পৰিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই নাগাৰাথনাই।

স্মৰ্তব্য যে, এই মাহত দ্বিতীয়বাৰৰ বাবে দেশৰ মুখ্য ন্যায়াধীশে দেশৰ ন্যায়িক ব্যৱস্থাত মহিলাৰ প্ৰতিনিধিত্বৰ বিষয়টো উত্থাপন কৰিছে।

ভাৰতীয় বাৰ কাউন্সিলৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত তেওঁ স্বাধীনতাৰ ৭৫ বছৰৰ পিছত সকলো স্তৰতে মহিলাৰ বাবে কমেও ৫০ শতাংশ প্ৰতিনিধিত্ব থকা প্ৰয়োজন বুলি বক্তব্য আগবঢ়াইছিল।

বিগত ১ ছেপ্টেম্বৰত তিনিগৰাকী মহিলাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছিল, ইয়াক বহুতে “ঐতিহাসিক” মুহূৰ্ত বুলি অভিহিত কৰিছিল।

আৰম্ভণিৰে পৰা খুব কম সংখ্যক মহিলাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে। ১৯৮৯ চনত এম ফাতিমা বীভিৰ পৰা আৰম্ভ কৰি স্বাধীনতাৰ ৭৫ বছৰৰ পাছতো মাত্ৰ আঠগৰাকী মহিলাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।

বৰ্তমান উচ্চতম ন্যায়ালয়ত মহিলা ন্যায়াধীশ হিচাপে কেৱল চাৰিগৰাকী মহিলা আছে। এওঁলোক হৈছে ন্যায়াধীশ ইন্দিৰা বেনাৰ্জী, ন্যায়াধীশ বিভি নাগাৰাথনা, ন্যায়াধীশ বেলা এম ত্ৰিবেদী আৰু ন্যায়াধীশ হিমা কোহলী আছে।

ন্যায়াধীশ নাগাৰাথনা ২০২৭ চনত ভাৰতৰ প্ৰথম গৰাকী মহিলা মুখ্য ন্যায়াধীশ হ’বলৈ সাজু হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

সোণাপুৰৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত পুনৰ দুৰ্ঘটনাগ্ৰস্ত বাহন; আহত কেইবাজনো লোক

September 10, 2026 8:39 pm
বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd