• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঘোচখোৰ বিষয়াক কাৰাগাৰলৈ নিক্ষেপ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 28, 2021 6:07 pm
Officials making money illegally must be jailed: SC
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হয় ঘোচ খোৱা বন্ধ কৰক, নহয় ঘোচ খাই কাৰাগাৰলৈ যাওক। এই সতৰ্ক বাণীৰে উচ্চতম ন্যায়ালয়ে পুনৰ চৰ্চালৈ আহিছে।

উচ্চতম ন্যায়ালয়ে এইবাৰ সতৰ্ক কৰি দিলে দেশৰ ঘোচখোৰ, দুৰ্নীতিপৰায়ণ শীৰ্ষ আৰক্ষী বিষয়াসকলক।

ইটোৰ পিছত সিটো ঐতিহাসিক ৰায় তথা মন্তব্য প্ৰদানেৰে দেশৰ উচ্চতম ন্যায়ালয়ে যেন পূৰ্বৰ হেৰুওৱা গৰিমা আৰু আস্থা পুনৰ অৰ্জন সক্ষম হৈ উঠিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিজেপি চৰকাৰৰ গণবিৰোধী নীতি আৰু চৈৰতন্ত্ৰৰ বিৰুদ্ধে অৱস্থান গ্ৰহণৰ সাহস দেখুওৱাই এক দৃষ্টান্ত দেখুওৱালৈও যেন সাজু হৈ উঠিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে তথা ন্যায়পালিকাই।

Apply Now

উল্লেখ্য যে দেশৰ প্ৰাক্তন ন্যায়াধীশদ্বয় ক্ৰমে ৰঞ্জন গগৈ আৰু এছ এ বুব্দেৰ দিনত উচ্চতম ন্যায়ালয়ে শাসকীয় পক্ষ লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

আনকি এছ এ বুব্দে-এ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈ থকাৰ সময়তো আৰএছএছৰ সৈতে ঘণিষ্ঠ সম্পৰ্ক ৰক্ষা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছিল।

সেয়ে দেশৰ জনগণে উচ্চতম ন্যায়ালয়ৰ ওপৰত ক্ষীণ আস্থা ৰাখিলেও নিৰপেক্ষতাৰ ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিবলৈ আৰম্ভ কৰিছিল।

তেনে সময়তে এন ভি ৰামানাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈ দেশৰ ন্যায়পালিকাৰ ওপৰত দেশৰ জনগণৰ আস্থা পুনৰ জাগ্ৰত কৰিবলৈ চেষ্টা কৰি আহিছে।

ইতিমধ্যে মুখ্য ন্যায়াধীশ এন ভি ৰামানা কেবাটাও গুৰুত্বপূৰ্ণ ঘোষণাৰ লগতে মন্তব্য কৰি ন্যায়পালিকাৰ স্বতন্ত্ৰতা ৰক্ষাৰ পৰিচয় দিছে।

সেই ধাৰা অব্যাহত ৰাখি মুখ্য ন্যায়াধীশগৰাকীয়ে পুনৰ আন এক উজ্বল দৃষ্টান্তৰে দেশবাসীৰ মনত আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে।

যি সময়ত দেশৰ প্ৰতিখন ৰাজ্যৰে শীৰ্ষ আৰক্ষী বিষয়াৰ বিৰুদ্ধে দুৰ্নীতি, উপঢৌকন, ধন দাবী, ঘোচ লৈ নামী-বেনামী সম্পত্তি আহৰণৰ বিভিন্ন ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে, যাৰবাবে সাধাৰণ জনতাৰ আৰক্ষীৰ ওপৰত আস্থা নোহোৱা হৈ আহিছে সেই সময়তে মুখ্য ন্যায়াধীশ ৰামানাই মন্তব্য কৰিছে যে দেশৰ ঘোচখোৰ শীৰ্ষ আৰক্ষী বিষয়াসকলক কাৰাগাৰলৈ নিক্ষেপ কৰিব লাগে।

সোমবাৰে উচ্চতম ন্যায়ালয়ৰ এক গোচৰৰ শুনানিৰ সময়ত মুখ্য ন্যায়াধীশ ৰামানাই কয় যে অবৈধভাৱে ধন উপাৰ্জন কৰা আৰক্ষী বিষয়াসকলক সুৰক্ষা দিয়াৰ পৰিৱৰ্তে কাৰাগাৰলৈ নিক্ষেপ কৰিব লাগে।

লগতে পঢ়ক: মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণৰ সমৰ্থন উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ

উল্লেখ্য যে ছত্তিশগড়ৰ এগৰাকী প্ৰাক্তন শীৰ্ষ আৰক্ষী বিষয়া আইপিএছ গুৰজিন্দৰ পাল সিঙৰ বিৰুদ্ধে দেশদ্ৰোহ আৰু বেনামিভাৱে ১০ কোটি টকাৰো অধিক সম্পত্তি সংগ্ৰহৰ অভিযোগৰ গোচৰ উচ্চতম ন্যায়ালয়ত বিচাৰাধীন হৈ আছে।

ছত্তীশগড় আৰক্ষীৰ দুনীৰ্তি বিৰোধী ব্যুৰ’ আৰু অপৰাধ শাখাই ইতিমধ্যে গুজৰিন্দৰ পাল সিঙৰ সম্পত্তি ৰেইড মাৰি নিলম্বন কৰিছে।

অপৰাধ শাখাই চৰকাৰ আৰু জনপ্ৰতিনিধিসকলৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত থকা বুলি দাবী কৰি সিঙৰ বিৰুদ্ধে যোৱা জুলাইত দেশদ্ৰোহ অভিযোগত গোচৰ ৰুজু কৰা কৰিছিল।

উচ্চতম ন্যায়ালয়ে নিলম্বিত আইপিএছ বিষয়া গুজৰিন্দৰ পাল সিঙক এই দেশদ্ৰোহ গোচৰত অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰি সকাহ প্ৰদান কৰিলেও বেনামী সম্পত্তি সংগ্ৰহৰ ক্ষেত্ৰত কঠোৰ হোৱা পৰিলক্ষিত হয়। ইয়াৰ পূৰ্বেও উচ্চতম ন্যায়ালয়ে আইপিএছ বিষয়া সিঙক দেশদ্ৰোহৰ গোচৰত দুবাৰকৈ সকাহ প্ৰদান কৰিছিল।

বেনোমী সম্পত্তি আহৰণৰ ক্ষেত্ৰত কঠোৰ হৈ মুখ্য ন্যায়াধীশ ৰামানাই কয় যে আবেদনকাৰীয়ে প্ৰতিটো ক্ষেত্ৰতে সুৰক্ষা অথবা নিৰাপত্তা বিচাৰিব নোৱাৰিব।

চৰকাৰৰ সৈতে ঘণিষ্ঠ হোৱাৰ বাবেই আইপিএছ বিষয়া গুজৰিন্দৰ সিঙে বেনামী সম্পত্তি সংগ্ৰহ কৰা বুলি উল্লেখ কৰি তেওঁক উদ্দেশ্যি মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে যদি চৰকাৰৰ ঘণিষ্ঠ হোৱাৰ বাবে আপুনি এইদৰে বেনামী সম্পত্তি আহৰণ কৰিছে তেনে আপুনি এইবোৰ এদিন পৰিশোধ কৰিবই লাগিব।

নিলম্বিত আইপিএছ গুজৰিন্দৰ পাল সিঙৰ অধিবক্তাই ন্যায়ালয়ত সিঙৰ সুৰক্ষাৰ বাবে কৰাৰ আবেদনৰ প্ৰত্যুত্তৰ মুখ্য ন্যায়াধীশগৰাকীয়ে স্পষ্টভাৱে কয় এনে বিষয়াসকলক সুৰক্ষা দিয়াৰ কোনো প্ৰয়োজন নাই। তেওঁলোকক কাৰাগাৰলৈ নিক্ষেপ কৰিবই লাগিব।

উল্লেখ্য যে দেশদ্ৰোহৰ গোচৰত আৰক্ষী বিষয়াজনে সকাহ পালেও দুৰ্নীতি, ঘোচখোৰ বা বেনামী সম্পত্তি আহৰণৰ বাবে কাৰাৰুদ্ধ হ’বও পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

বিৰোধীৰ অন্তৰ্দ্বন্দ্বক লৈ উদ্বিগ্ন বিশিষ্ট নাগৰিক সমাজ; বিজেপিৰ অপশাসনৰ বিৰুদ্ধে ঐক্যবদ্ধ সংগ্ৰামৰ আহ্বান

September 10, 2026 8:14 pm
ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

ব্ৰিকছ সন্মিলনৰ বাবে ভাৰতলৈ নাহে বাংলাদেশৰ প্ৰধানমন্ত্ৰী তাৰিক ৰহমান! কি ক’লে ঢাকাই?

September 10, 2026 6:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd