• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৱাহাটীত টীয়কৰ যুৱক ৰূপমৰ ৰহস্যজনক মৃত্যু; জালুকবাৰী আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ আত্মীয়ৰ

নিৰ্মলেন্দু পাঠক ,টীয়ক by নিৰ্মলেন্দু পাঠক ,টীয়ক
October 1, 2021 10:58 am
Rupam merder case
219
VIEWS
Share on FacebookShare on Twitter

টীয়কৰ লাহদৈগড় আৰক্ষী চকীৰ অন্তৰ্গত পুৰণি মেলেঙৰ ৰূপম দাস নামৰ এজন যুৱকৰ গুৱাহাটীত কৰ্মৰত অৱস্থাত হোৱা মৃত্যুক যেন সহজভাৱে ল’ব পৰা নাই পৰিয়ালটিয়ে।

জানিব পৰা মতে ৰূপম দাস যোৱা মাৰ্চ মাহত ঘৰৰ পৰা ওলাই গৈছিল গুৱাহাটীৰ জালুকবাৰীস্থিত শংকৰদেৱ হাউছিং ছচাইটিত কাম কৰিবলৈ।

কিন্তু যোৱা ২৯ এপ্ৰিলত  যুৱকজনৰ ৰহস্যজনকভাৱে মৃত্যু হয় কৰ্মৰত অৱস্থাত।

২৯ এপ্ৰিলত মৃত্যু হোৱা ৰূপম দাসে ছয় মহলাৰ ওপৰৰ জপিয়াই আত্মহত্যা কৰা বুলি ৩০ এপ্ৰিলৰ বিয়লিহে খবৰ পাইছিল পৰিয়ালৰ লোকে।

সেই অনুসৰি ৩০ এপ্ৰিলৰ নিশাই জালুকবাৰী আৰক্ষী চকীত উপস্থিত হৈ পৰিয়ালে ৰূপম দাসৰ মৃতদেহ চমজি লয় যদিও তেওঁৰ মৃত্যুক সহজভাৱে ল’ব নোৱাৰি আৰক্ষীক এজাহাৰ দাখিল কৰে।

কিন্তু পুজিপতি গোষ্ঠীৰ পক্ষত থাকি আৰক্ষীয়ে এয়া আত্মহত্যা বুলি কৈয়ে ৰহস্যজনকভাৱে পৰিয়ালৰ এজাহাৰ ল’বলৈও অমান্তি হয়।

আনকি কৰ্মৰত হাউছিং ছ’চাইটিৰ কোন স্থানত মৃত্যু হৈছিল বা পৰিয়ালক সমবেদনা দিয়াৰ পৰিৱৰ্তে চিনি নোপোৱা বুলিহে ভাও ধৰে।

উল্লেখ্য যে ছয় মহলাৰ ওপৰৰ পৰা জপিয়াই আত্মহত্যা কৰা বুলি কোৱা ৰূপম দাসৰ শৰীৰত নাছিল কোনো আঘাতৰ চিন।

ইপিনে মৰণোত্তৰ পৰীক্ষাতো ৰূপম দাসৰ মুৰত পাছফালে আঘাত কৰাৰ পৰিণতিত মৃত্যু হোৱা বুলি স্পষ্ট হৈছে।

বৃদ্ধ পিতৃৰ লগতে ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ উৎস ৰূপম দাসক হেৰুৱাই দিকবিদিক হেৰুৱাইছে পৰিয়ালৰ  লোকে।

জালুকবাৰী থানালৈ তাঁতবাতি কৰিও কোনো সঁহাৰি নাপালে পৰিয়ালটোৱে। আজিও ৰহস্য হৈয়ে থাকিল ৰূপম দাসৰ মৃত্যু।

শোকত ভাগি পৰা ৰূপমৰ পৰিয়ালে জালুকবাৰী আৰক্ষীৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলি কয় যে দুখীয়া হোৱাৰ বাবেই আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰিলে।

যিহেতু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিজা সমষ্টিৰ আৰক্ষী আৰু বৰ্তমান তেওঁৰে চৰকাৰ সেয়ে উক্ত ঘটনাৰ উচিত তদন্ত কৰি পৰিয়ালটিক ন্যায় প্ৰদানৰ বাবে দাবী জনাইছে আত্মীয়ই।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd