• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাহিত্য অকাডেমি বঁটাপ্ৰাপ্ত বিশিষ্ট লেখিকা তোষপ্ৰভা কলিতাৰ মৃত্যু : ইলোৰা বিজ্ঞান মঞ্চৰ শোক প্রকাশ

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
October 1, 2021 8:57 pm
231
VIEWS
Share on FacebookShare on Twitter

বিশিষ্ট মানৱতাবাদী আৰু প্ৰগতিশীল লেখিকা, শিশু সাহিত্য ৰচনাৰ ক্ষেত্ৰত জীৱনজোৰা সাধনাৰ বাবে ২০১৩ চনত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত তোষপ্ৰভা কলিতাৰ আজি আবেলি প্ৰায় ৫ বজাত গুৱাহাটীৰ দক্ষিণ শৰণীয়া অঞ্চলৰ নিজ বাসগৃহত দেহাৱসান হয়।

মৃত্যুৰ সময়ত বিশিষ্ট লেখিকা গৰাকীৰ বয়স হৈছিল ৮৩ বছৰ।

বৈজ্ঞানিক মানসিকতাৰ জীৱন দৰ্শন সাবটি লোৱা মানৱতাবাদী আৰু মহীয়সী লেখিকা গৰাকীয়ে পূৰ্বতে ষ্ট্রোকত দুবাৰকৈ আক্ৰান্ত হৈ দীৰ্ঘদিন ভুগি আছিল।

তেখেতে দুগৰাকী কন্যা ক্ৰমে পল্লৱী আৰু পূৰবী, দুজন পুত্ৰ ঋতুৰাজ আৰু পৰজ, জোঁৱাই-বোৱাৰী, নাতি-নাতিনী আত্মীয়-স্বজন আৰু বহু গুণমুগ্ধক এৰি গৈছে।

ইলোৰা বিজ্ঞান মঞ্চই তোষপ্ৰভা কলিতাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে আৰু মহীয়সী নাৰী গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে।

মঞ্চই তেখেতৰ শোকস্তব্ধ পৰিয়ালৰ প্ৰতি জ্ঞাপন কৰিছে সমবেদনা।

ইলোৰা বিজ্ঞান মঞ্চৰ প্ৰতিষ্ঠা কালৰ পৰা তোষপ্ৰভা কলিতা আৰু তেখেতৰ জী-জোঁৱাই, পুত্ৰ-বোৱাৰীয়ে মঞ্চৰ সৈতে একাত্মতা প্ৰকাশ কৰে আৰু সমগ্র পৰিয়ালটো মঞ্চৰ অন্ধবিশ্বাসবিৰোধী প্ৰতিটো কামৰ লগত নিবিড়ভাৱে জড়িত।

প্ৰয়াত তোষপ্ৰভা কলিতাই আনকি তেখেতৰ সাহিত্যিক পেঞ্চনৰ সঞ্চিত ধনৰাশিৰ সিংহভাগ (মুঠ তিনি লাখ টকা) ইলোৰা বিজ্ঞান মঞ্চৰ পুঁজিলৈ দান দি যায়।

তেখেতে মানৱ কল্যাণ আৰু চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষতাৰ বাবে মৰণোত্তৰ নেত্ৰদান আৰু দেহদানৰ ইচ্ছাপত্ৰতো স্বাক্ষৰ কৰি ৰাখিছিল। ইতিমধ্যে নেত্ৰদানৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে।

দেহদান সম্পৰ্কে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ লগত যোগাযোগ চলি আছে আৰু পৰিয়ালৰ সদস্যসকলে এই ক্ষেত্ৰত উদ্যোগ লৈছে।

অৱশ্যে এই সম্পৰ্কে বিতং তথ্য এতিয়া জনাব পৰা হোৱা নাই।

কাইলৈ আৰু পৰহিলৈ চৰকাৰী বন্ধ হোৱাৰ বাবে কিছু সমস্যাৰ উদ্ভৱ হৈছে আৰু বিষয়টো অনিশ্চিত হৈ আছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd