NORTHEAST NOW (Assamese)
Popular Stories

ৰাজপৰিয়ালৰ সকলো সুখ বৈভৱ ত্যাগ কৰি এজন সাধাৰণ কেৰাণীৰ সৈতে বিয়াত বহিব জাপানৰ ৰাজকুমাৰীয়ে

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী October 2, 2021 5:47 pm

মুখত সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰা এগৰাকী ৰাজকুমাৰীয়ে সাধাৰণ কেৰাণীৰ চাকৰি কৰা এজন যুৱকৰ সৈতে বিয়াত বহিবলৈ ওলোৱাৰ কথাই এতিয়া বিশ্ব জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

জাপানৰ ৰাজকুমাৰী ম্যাকো।

ম্যাকোই এতিয়া ৰাজ পৰিয়ালৰ প্ৰৱল বিৰোধিতাৰ মাজতো এজন সাধাৰণ যুকৰ সৈতে বিয়া হ’বলৈ ওলাইছে।

জাপানৰ এটা কোম্পানীত সাধাৰণ কেৰাণীৰ চাকৰি কৰা যুৱক কোমুৰোৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল ম্যাকোৰ।

সেই প্ৰেমত বাধা হিচাবে থিয় দি আহিছে ৰাজকুমাৰী ম্যাকোৰ পৰিয়াল।

২০১২ চনত ইণ্টাৰনেছনেল ক্ৰিশ্চিয়ান বিশ্ববিদ্যালয়ত পঢ়াৰ সময়ৰে পৰা সাধাৰণ যুৱক কোমুৰোৰ সৈতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈছিল ৰাজকুমাৰী ম্যাকোৰ।

পৰিয়ালৰ বাধাৰ পিছতো ৰাজকুমাৰী ম্যাকোই ২৬ অক্টোৱৰত কোমুৰোৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ব।

জাপানৰ ৰাজপৰিয়ালৰ ইম্পেৰিয়েল হাউচহোল্ড এজেন্সিয়েও এই খবৰ নিশ্চিত কৰিছে।

দৰাচলতে ২০১৮ চনতে ৰাজকুমাৰী ম্যাকোৰ সৈতে কমুৰোৰ বিয়া হোৱাৰ কথা আছিল যদিও পৰিয়ালৰ বাধাৰ বাবে তেওঁলোকে বিবাহপাশত আৱদ্ধ হ’ব পৰা নাছিল।

এইবাৰ সকলো বাধা ওফৰাই দুয়ো বিবাহপাশত আৱদ্ধ হ’বলৈ সংকল্পৱদ্ধ হৈছে।

বিয়াৰ পিছতে ম্যাকো আৰু কমুৰো গুচি যাব আমেৰিকালৈ।

পৰিকল্পনা অনুসৰি আমেৰিকাই কমুৰোই এটা সাধাৰণ চাকৰি বিচাৰি ল’ব।

পৰিয়ালৰ অসন্মতিত বিয়াত বহিবলৈ ওলোৱাৰ বাবে ম্যাকোই ৰাজ পৰিয়ালৰ সকলো সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হ’ব।

কাৰণ জাপানৰ ৰাজপৰিয়ালৰ নিয়ম অনুসৰি কোনো সদস্যই পৰিয়ালৰ অসন্মতিত বিয়া হ’লে সম্পত্তিৰ অধিকাৰ হেৰুৱায়।

কিন্তু সঁচা প্ৰেমৰ বাবেই ৰাজকুমাৰী ম্যাকোই সকলো সুখ-ভোগ ত্যাগ কৰিবলৈ প্ৰস্তুত হৈছে।