চিৰাং জিলাৰ বড়ো বজাৰ শিক্ষাখণ্ডৰ অন্তৰ্গত পশ্চিম আমগুৰি প্ৰাৰ্থমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দশৰথ বসুমতাৰীৰ ৩০ ছেপ্টেম্বৰৰ নিশা প্ৰায় ৮ বজাত হৃদত ৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৷
মৃত্যুৰ সময়ত তেওঁৰ বয়স ৩৬ বছৰ আছিল ৷ উল্লেখ্য যে দশৰথ বসুমতাৰী বিগত ১৮ বছৰ কাল ধৰি বিনা বেতনে শিক্ষকতা কৰি আহিছিল৷
মৃত্যুৰ সময়ত শিক্ষকগৰাকীয়ে পত্নী৷আৰু এটি চাৰি বছৰীয়া পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায় ৷
ইপিনে দুৰ্ভগীয়া শিক্ষকগৰাকীৰ মৃত্যুৰ খবৰ পাই শুকুৰবাৰে সদৌ বিটিচি অপ্ৰাদেশীকৃত শিক্ষক সন্থাৰ এটি সঁজাতি দলে প্ৰয়াত শিক্ষকগৰাকীৰ বাসভৱনত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালটোক গভীৰ সমবেদনা জ্ঞাপন কৰে ৷
ইপিনে সন্থাৰ সভাপতি উমেশ চন্দ্ৰ মণ্ডলে এক প্ৰেছ বিবৃতিত আক্ষেপ প্ৰকাশ কৰি কয় যে বিটিআৰ চুক্তিৰ ৬:৩ নং দফাৰ অধীনত অপ্ৰাদেশীকৃত বিদ্যালয়সমূহ আজিলৈকে প্ৰাদেশীকৰণ নকৰিলে ৷
ফলত বিনা পাৰিশ্ৰমিকেৰে ১৮ বছৰ শিক্ষকতা কৰি চিকিৎসাৰ অভাৱত অকালতে মৃত্যুক সাৱটি ললে শিক্ষকগৰাকীয়ে ৷
সেয়ে চৰকাৰৰ হেমাহিৰ ফলতে শিক্ষকগৰাকীৰ মৃত্যু হোৱা বুলি অভিযোগ কৰি দুৰ্ভগীয়া শিক্ষকগৰাকীৰ পৰিয়াললৈ ২০ লাখ টকা আৰ্থিক সাহাৰ্য প্ৰদানৰ বাবে বিটিআৰ চৰকাৰলৈ সন্থাই দাবী জনায় ৷