• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু

নৰ্থ ইষ্ট নাও by নৰ্থ ইষ্ট নাও
October 4, 2021 1:21 pm
Murder Case Against Union Minister's Son In UP Violence
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ লখিমপুৰ খেৰীত প্ৰতিবাদকাৰী কৃষকক গাড়ীৰে মহতীয়াই হত্যা কৰাৰ অভিযোগত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় কুমাৰ মিশ্ৰৰ পুত্ৰৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰা হৈছে।

ৰুজু হোৱা FRIত আন কেইবাজনো লোকৰ নামো সন্নিৱিষ্ট কৰা হৈছে।

উল্লেখ্য যে এই হিংসাত্মক ঘটনাত চাৰিজন কৃষক নিহত হৈছিল। আনহাতে মন্ত্ৰীৰ কনভয়ৰ লগত অহা চাৰিজন ব্যক্তিৰো মৃত্যু হৈছিল।
যোৱা মাহৰ শেষৰ ফালে কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰই কৃষি আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদ সম্পৰ্কে মন্তব্য কৰিছিল যে “এইয়া ১০-১৫ জন লোকৰ প্ৰতিবাদ আৰু তেওঁলোকক নিয়ন্ত্ৰণ কৰিবলৈ মাত্ৰ দুই মিনিট লাগিব”।

মিশ্ৰৰ এই ভাষণৰ বিৰোধ কৰি কৃষকসকলে লখিমপুৰ খেৰি জিলা ভ্ৰমণৰত উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু অজয় মিশ্ৰৰ ভ্ৰমণ অৱৰোধ কৰিবলৈ একত্ৰিত হৈছিল।

Apply Now

প্ৰতিবাদকাৰী কৃষকসকলে মন্ত্ৰীদুজনৰ আগমন বন্ধ কৰিবলৈ হেলিপেড ঘেৰাও কৰাৰ পৰিকল্পনা কৰিছিল। এই প্ৰতিবাদী কাৰ্যসূচী শেষ হোৱাৰ পিছত কৃষকসকল উভতি আহিছিল আৰু সেই মুহূৰ্ততে মন্ত্ৰীপুত্ৰৰ কনভয়ে কৃষকসকলক মহতীয়াই নিছিল। এজন কৃষকৰ ঘটনাস্থলীত মৃত্যু হোৱাৰ পাছত আন তিনিজন কৃষকৰ চিকিৎসালয়ত মৃত্যু হয়। মন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ আক্ৰমণ সংঘটিত কৰা গাড়ীখনত আছিল।” কৃষক সংঘৰ এজন নেতা ডাঃ দৰ্শন পালে কয়।

অৱশ্যে মন্ত্ৰী অজয় মিশ্ৰাই তেওঁৰ পুত্ৰ আশীষ মিশ্ৰ হিংসাৰ সৈতে জড়িত থকাৰ কথা অস্বীকাৰ কৰিছে।

আশীষ মিশ্ৰ ঘটনাটো সংঘটিত হোৱাৰ সময়ত উপ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত উপস্থিত আছিল বুলি তেওঁ মন্তব্য কৰে।

ইফালে হিংসাপীড়িত জিলাখনৰ কিছু অংশত মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰাখিছে উত্তৰ প্ৰদেশ চৰকাৰে। জিলাখনত ইতিমধ্যে ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে সোমবাৰে পুৱতি নিশা টুইটাৰযোগে ঘটনাটোক “দুৰ্ভাগ্যজনক” বুলি আখ্যা দিয়ে আৰু কয় যে জিলা প্ৰশাসনৰ মতে এতিয়ালৈকে আঠজন লোক হতাহত হোৱাৰ খবৰ পোৱা গৈছে।

ভাৰতীয় কিষাণ ইউনিয়নৰ (বিকেইউ) নেতা ৰাকেশ টিকাইটৰ লগতে কেইবাজনো সমৰ্থক আজি পুৱাই হিংসাপীড়িত লখিমপুৰ জিলাত উপস্থিত হয়।

শ্ৰীযুত টিকাইটে ভৱিষ্যতৰ কাৰ্যপন্থা গাওঁবাসী আৰু কৃষকসকলৰ সৈতে হোৱা আলোচনাৰ আধাৰত কৰা হ’ব বুলি জানিবলৈ দিয়ে।

নৰ্থ ইষ্ট নাও

নৰ্থ ইষ্ট নাও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

২০০৮ চনৰ আহমেদাবাদ বিস্ফোৰণ গোচৰ; ৩৮ জনৰ মৃত্যুদণ্ডৰ ৰায় বাহাল ৰাখিলে উচ্চ ন্যায়ালয়ে

July 7, 2026 3:00 pm
ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

ই-২০ৰ পিছত বজাৰলৈ আহিব নেকি ই-২৫ পেট্ৰ’ল? কি ক’লে কেন্দ্ৰই…

July 7, 2026 2:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

আমদাবাদ বিস্ফোৰণ গোচৰত উচ্চ ন্যায়ালয়ৰ কঠোৰ ৰায়, ৩৮ জনৰ মৃত্যুদণ্ড বহাল

July 7, 2026 4:12 pm
মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

মহাৰাষ্ট্ৰত বৰষুণৰ তাণ্ডৱ, ১৬ জনৰ মৃত্যু : পুনেত ৰেড এলাৰ্ট, ভূমিস্খলনৰ বাবে ব্যাহত ৰে’ল আৰু পথ যোগাযোগ

July 7, 2026 3:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd