• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সোনকালে পাবলগীয়া ধন আদায় দিয়াৰ ব্যৱস্থা কৰক মুখ্যমন্ত্ৰীয়ে: নগাঁও কাগজ কল ঠিকাদাৰ সন্থা

জাহ্নৱী বৰুৱা, গুৱাহাটী by জাহ্নৱী বৰুৱা, গুৱাহাটী
October 4, 2021 2:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও কাগজ কল ঠিকাদাৰ সন্থাই সোমবাৰে এক সংবাদমেল যোগে তেওঁলোকে পাবলগীয়া ধন সোনকালে আদায় দিয়াৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে।

সংবাদমেল যোগে নগাঁও কাগজ কল ঠিকাদাৰ সন্থাৰ সভাপতি নাৰায়ণ প্ৰসাদ শৰ্মাই কয়, “হিন্দুস্তান কাগজ নিগমৰ অধীনত মৰিগাঁও জিলাৰ জাগীৰোডত অৱস্থিত নগাঁও কাগজ কল আৰু হাইলাকান্দি জিলাৰ পাঁচগ্ৰামত অৱস্থিত কাছাৰ কাগজ কল- এই দুয়োটা বৃহৎ কাগজ উদ্যোগ যোৱা ৫ (পাঁচ) বছৰে বন্ধ হৈ থকাৰ ফলত ইয়াত নিযুক্ত হৈ থকা বিষয়া-কৰ্মচাৰী, শ্রমিক সকলৰ লগতে এই উদ্যোগত বিভিন্ন সামগ্রী যোগনীয়াৰ, উদ্যোগ মেৰামতিত সেৱা আগবঢ়াই থকা বিভিন্নজন ঠিকাদাৰ আৰু আমাৰ অধীনস্থ বিভিন্নজন শ্রমিক কর্মহীন হৈ পৰাৰ লগতে আমাৰ বিভিন্ন কামৰ বিপৰীতে মিলৰ পৰা পাবলগীয়া ধন নোপোৱাৰ ফলত অভাৱনীয় ভাবে আর্থিক সংকটত পৰো আৰু আমাৰ নিম্নতম ঘৰ-সংসাৰ চলোৱাত ভীষণ অসুবিধাৰ সন্মুখীন হৈছে৷’’

Apply Now

তেওঁ কয়, ‘’অতি দুখৰ বিষয় এই যে, ইতিমধ্যে আমাৰ ৬ জন সতীর্থ ঠিকাদাৰ অর্থৰ অভাৱত উন্নত চিকিৎসা কৰাব নোৱাৰি মৃত্যুমুখত পৰিছে আৰু কেইজনমান দুৰাৰোগ্য ব্যাধিত ভূগি আছে।‘’

ইতিমধ্যে কাগজ কল দুটাৰ বিষয়টো ৰাষ্ট্রীয় কোম্পেনী ল’ ট্ৰিব্যুনালত বিচৰাধীন হৈ আছে আৰু ক’ৰ্টে কাগজ কল দুটাৰ নিলাম ঘোষণা কৰিছে।

‘’এই ঘোষণাত আমি নগাঁও কাগজ কল কন্ট্রেক্টৰ’ছ এছ’চিয়েছনৰ সমূহ সদস্যই আশ্চর্য প্ৰকাশ কৰিছো আৰু আমাৰ ভবিষ্যত অন্ধকাৰ হৈ পৰিছে।‘’ ঠিকাদাৰ সন্থাৰ সভাপতি শৰ্মাই কয়।

অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ চৰকাৰ গঠনৰ সময়ৰ পৰা কাগজ কলৰ বিষয়টো গুৰুত্ব সহকাৰে উদ্যোগ লৈ সকলো কর্মচাৰীকে সন্তুষ্ট কৰি ইতিমধ্যে ৫৭০ কোটি টকাৰ এটি পেকেজ ঘোষণা কৰিছে বুলি উল্লেখ কৰে শৰ্মাই।

তেওঁ কয়, ‘’মুখ্যমন্ত্ৰীৰ এই পদক্ষেপ শ্রমিক-কর্মচাৰীৰ লগতে সকলোৱে শলাগিছে। আমিও তেওঁৰ এই দূৰদৰ্শী আৰু কাৰ্যকৰী সিদ্ধান্তৰ বাবে আন্তৰিক ধন্যবাদ জনাইছো। আশা কৰো তেওঁৰ এই সিদ্ধান্ত আৰু পৰৱর্তী পদক্ষেপ সমূহ কাগজ কলৰ এই দীর্ঘদিনীয়া সমস্যাৰ অন্ত পেলাব।‘’

ঠিকাদাৰ সন্থাৰ সভাপতি শৰ্মাই কয় যে এই কাগজ কলৰ উৎপাদন আৰু বিভিন্ন কর্মৰ লগত এসময়ত জড়িত হৈ থকা তথা কাগজ কলৰ পৰা ধন পাবলগীয়া বিভিন্নজন ব্যক্তি, ঠিকাদাৰে অসমৰ বিভিন্ন জিলাৰ, বিভিন্ন জনগোষ্ঠীৰ বাঁহ খেতিয়কসকল, যোগানকাৰী সকল, আমি সকলোৱে আর্থিকভাবে জুৰুলা হৈ পৰিছো আৰু বেংকৰ ঋণত আমি দেউলীয়া হৈ পৰিছো।

‘’আমি নগাঁও কাগজ কল ঠিকাদাৰ সন্থাই সম্মানীয় সদস্যৰ হৈ অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক কৰযোৰে অনুৰোধ জনাওঁ যে বিষয়া-শ্রমিকসকলৰ দৰে আমাকো তথা আমাৰ লগত জড়িত শ্রমিকৰ দুৰাৱস্থাৰ কথা চিন্তা কৰি আলোচনাৰ মাধ্যমেৰে এক উচিত সিদ্ধান্ত লৈ আমাৰ মিলৰ পৰা পাবলগীয়া ধন আদায় দিয়াৰ ব্যৱস্থা কৰে যেন,’’-সভাপতি শৰ্মাই কয়।

তেওঁ লগতে আশা প্ৰকাশ কৰি কয় যে মুখ্যমন্ত্ৰীৰ এই পদক্ষেপৰ বাবে আমি আশাবাদী আৰু আন্তৰিকভাবে তেওঁ নিশ্চয় আমাৰ ভবিষ্যতৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰি অসমৰ উদ্যোগ জগতৰ এক প্ৰত্যাহ্বানমূলক সমস্যা সমাধান কৰিব।

জাহ্নৱী বৰুৱা, গুৱাহাটী

জাহ্নৱী বৰুৱা, গুৱাহাটী

Stay Connected

  • 117k Fans

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm
ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষকসকলৰ বাবে ডাঙৰ খবৰ, এতিয়াৰে পৰা চৰকাৰী শিক্ষকৰ দৰে তেওঁলোকেও পাব সন্তানৰ যত্নৰ বাবে বিশেষ ছুটি

June 5, 2026 7:03 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd