গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো অসমৰ নগাঁও জিলাৰ দুগৰাকী মহিলাক বাংলাদেশলৈ বিতাড়িত কৰা এক স্পৰ্শকাতৰ ঘটনাক কেন্দ্ৰ কৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ হস্তক্ষেপ বিচাৰিছে লোকসভাৰ সাংসদ গৌৰৱ গগৈয়ে। শুকুৰবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰি কংগ্ৰেছ সাংসদগৰাকীয়ে জুন মাহত বাংলাদেশলৈ বিতাড়িত কৰা নগাঁৱৰ জাহানাৰা বেগম আৰু মুমতাজ বেগমক অতিশীঘ্ৰে বিচাৰি উলিয়াই ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে। উচ্চ ন্যায়ালয়ে গোচৰটোৰ পুনৰীক্ষণ বিচাৰি বিদেশী ন্যায়াধিকৰণক নিৰ্দেশ দিয়াৰ মাত্ৰ দুমাহৰ পাছতেই এই বিতাড়নৰ ঘটনা সংঘটিত হৈছিল বুলি পত্ৰখনত উল্লেখ কৰা হৈছে।
পত্ৰখনত উল্লেখ থকা তথ্য অনুসৰি, নগাঁও জিলাৰ বগৰীগুৰি গাঁৱৰ জাহানাৰা বেগম আৰু ধিং গাঁৱৰ মুমতাজ বেগমক ২০১৯ চনত নগাঁৱৰ বিদেশী ন্যায়াধিকৰণে বিদেশী বুলি ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত মহিলা দুগৰাকীয়ে এই ৰায়ৰ বিৰুদ্ধে গৌহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপে। উচ্চ ন্যায়ালয়ে চলিত বৰ্ষৰ এপ্ৰিল মাহত ন্যায়াধিকৰণৰ পূৰ্বৰ ৰায় খাৰিজ কৰে আৰু তথ্য-প্ৰমাণসমূহ সঠিকভাৱে পৰীক্ষা কৰি গোচৰটো পুনৰীক্ষণ কৰিবলৈ ন্যায়াধিকৰণক নিৰ্দেশ দিয়ে। এই নিৰ্দেশৰ ভিত্তিত ক্ৰমে ২৯ আৰু ৩০ মে’ত মহিলা দুগৰাকী বিদেশী ন্যায়াধিকৰণত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকক জিম্মাত লোৱা হয় আৰু উচ্চ ন্যায়ালয়ৰ কাষ চপাৰ কোনো সুযোগ নিদিয়াকৈ ১৩ আৰু ১৪ জুনৰ মধ্যনিশা ভাৰত-বাংলাদেশ সীমান্তৰে বিতাড়িত কৰা হয়।
উচ্চ ন্যায়ালয়ে পুনৰ এই গোচৰৰ শুনানি গ্ৰহণ কৰি যোৱা ৩ ছেপ্টেম্বৰৰ নিৰ্দেশত ন্যায়াধিকৰণৰ ভূমিকাক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। মুমতাজ বেগমৰ ক্ষেত্ৰত ন্যায়াধিকৰণে ইচ্ছাকৃতভাৱে ৰায়ৰ প্ৰতিলিপি প্ৰদানত পলম কৰা বুলি উল্লেখ কৰি ন্যায়ালয়ে ইয়াক আইনৰ অপপ্ৰয়োগ বুলি অভিহিত কৰিছে। তদুপৰি, জিম্মাত থকা অৱস্থাত নগাঁৱৰ জিলা আয়ুক্তই যোৱা ২ জুনত মাত্ৰ ২৪ ঘণ্টাৰ ভিতৰত ভাৰত ত্যাগ কৰিবলৈ দিয়া নিৰ্দেশকো উচ্চ ন্যায়ালয়ে হাস্যকৰ বুলি আখ্যা দিছে। সাংসদ গগৈয়ে পত্ৰখনত প্ৰকাশ কৰা মতে, মহিলা দুগৰাকীক সীমান্ত সুৰক্ষা বলৰ হাতত অৰ্পণ কৰি ১৩৩৯/এমপি নম্বৰ খুঁটাৰ সমীপৰ ২ নং গেটেৰে বাংলাদেশলৈ ঠেলি দিয়া হৈছিল।
গুৱাহাটী উচ্চ ন্যায়ালয়ে এই গোচৰটোত বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়কো এক পক্ষ হিচাপে অন্তৰ্ভুক্ত কৰিছে বুলি সোঁৱৰাই দি সাংসদগৰাকীয়ে মন্ত্ৰী জয়শংকৰক ব্যক্তিগতভাৱে উদ্যোগ ল’বলৈ অনুৰোধ জনাইছে। ঢাকা আৰু চিলেটত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ৰ জৰিয়তে বাংলাদেশ কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰি মহিলা দুগৰাকীক উদ্ধাৰ কৰিবলৈ আৰু তেওঁলোকৰ প্ৰত্যাৱৰ্তনৰ বাবে প্ৰয়োজনীয় ভ্ৰমণ নথি তথা কূটনৈতিক সাহায্য প্ৰদান কৰিবলৈ তেওঁ মন্ত্ৰণালয়ক আহ্বান জনাইছে।
বৰ্তমান সন্ধানহীন হৈ থকা মহিলা দুগৰাকীৰ পৰিয়ালবৰ্গই যোৱা কেইবামাহ ধৰি তীব্ৰ উৎকণ্ঠাৰ মাজত দিন পাৰ কৰিছে বুলি উল্লেখ কৰি গগৈয়ে কয় যে ৰাষ্ট্ৰৰ জিম্মাত থকাৰ পাছত এগৰাকী নাগৰিক এনেদৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিৰুদ্দেশ হৈ যাব নোৱাৰে। এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে পৰিয়াল দুটাক নিয়মীয়াকৈ অৱগত কৰিবলৈও তেওঁ দাবী জনাইছে। এতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে এই স্পৰ্শকাতৰ আৰু মানৱীয় বিষয়টোক লৈ কি কূটনৈতিক পদক্ষেপ গ্ৰহণ কৰে, সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।





