• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 3, 2026 7:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ বান গৰাখহনীয়াক জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰি স্থায়ী সমাধান, উজনি অসমৰ জলপ্ৰলয়ৰ কাৰণ উদঘাটনৰ বাবে বিশেষজ্ঞ কমিটি গঠন আৰু বান সাহায‍্য বৃদ্ধিৰ দাবীত ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচন( ডি ৱাই এফ আই)ৰ অসম ৰাজ‍্যিক কমিটিয়ে আজি নতুন দিল্লীৰ ভাই বীৰসিংহ মাৰ্গত অৱস্থিত এ কে জি ভৱনৰ সম্মুখত এক প্ৰতিবাদী কাৰ্যসূচী সংঘটিত কৰে। দিনৰ ১১ বজাত অসমৰ পৰা যোৱা প্ৰায় শতাধিক সভ্য-সমৰ্থকে হাতে হাতে বেনাৰ, পতাকা আৰু প্লেকাৰ্ডলৈ অসমৰ বানপানী সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি ইয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰক, অসমৰ ৰাইজৰ হাহাকাৰ, শুই আছে চৰকাৰ এই চৰকাৰ নিপাত যাওঁক, বানপানীৰ সমস্যা সমাধান নকৰালৈকে এই যুঁজ চলিছে চলিব, উজনি অসমৰ বানপানীৰ কাৰক উদঘাটনৰ বাবে বিশেষজ্ঞ কমিটি গঠন কৰক, বানাক্ৰান্ত ৰাইজক সাহায্যৰ পৰিমাণ বৃদ্ধি কৰক, বান সাহায্যৰ নামত ভেকোঁভাওনা বন্ধ কৰক আদি শ্লোগানেৰে ভাই বীৰসিংহ মাৰ্গ চৌহদ মুখৰিত কৰি তোলে। ৰাজ‍্যিক সম্পাদক নিৰংকুশ নাথৰ লগতে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিৰ উপ-সভাপতি ৰুস্তম আলী, সম্পাদকমণ্ডলীৰ সদস্য আব্দুল বাচেদ, শুভংকৰ ঘোষ, হৰ্ষজিৎ দাস, জিতু হাজৰিকা, ভাস্বতী গোস্বামী, ৰাজ্যিক সদস্য গোবিন প্ৰজা, পংকজ ৰয় আদি।

 আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা লোকক উদ্দেশ্যি ভাষণ প্ৰসংগত ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সম্পাদক নিৰংকুশ নাথে কয় যে দীৰ্ঘকাল ধৰি অসমৰ বান-গৰাখহনীয়াক জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰি ইয়াৰ স্থায়ী সমাধান বাবে যথোপযুক্ত পদক্ষেপ চৰকাৰসমূহে গ্ৰহণ নকৰিলে। বিজেপি দলেও নিৰ্বাচনৰ সময়ত বান মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও ২০১৪ চনৰ পৰা ১২ বছৰ ধৰি কেন্দ্ৰত নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে বিষয়টো উপেক্ষা কৰি আছে। ২০১৪ চনৰ পৰা ২০২৪ চনলৈ অসমত বানৰ ক্ষতিৰ পৰিমাণ হৈছে ৩৭,০০০ কোটি টকা। ৰাজ্য চৰকাৰে যোৱা সময়ত ২২,২৭০ কোটি টকা খুজিছিল যদিও কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিছে মাত্র ৬,০০০ কোটি টকা। অসমৰ ৩৯.৫ শতাংশ অঞ্চল বানপ্ৰৱণ, যি ৰাষ্ট্ৰীয় গড়তকৈ চাৰিগুণ বেছি। তাৰোপৰি ১৯৫০ চনৰ পৰা এতিয়ালৈ ৪,২৭০ বৰ্গ কিলোমিটাৰ এলেকাৰ মাটি গৰাখহনীয়াৰ কবলত নিঃশেষ হৈছে। এই সমস্যাৰ এক স্থায়ী সমাধানৰ প্ৰয়োজন আৰু ইয়াক জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাটোৱেই হ’ব ইয়াৰ প্ৰথম পদক্ষেপ। কাৰণ অসমৰ বান সমস‍্যাৰ সৈতে যুক্ত হৈ আছে ওচৰ-চুবুৰীয়া ৰাজ‍্যসমূহকে ধৰি প্ৰতিবেশী ৰাষ্ট্ৰসমূহ। ব্ৰহ্মপুত্ৰৰ উপনৈ সমূহৰ উৎস অৰুণাচল, নাগালেণ্ড আদি ৰাজ‍্যসমূহ আৰু চীন, ভূটান, ম‍্যানমাৰ, বাংলাদেশ আদি ৰাজ‍্য। স্বাভাৱিকতে ই এক জাতীয় সমস‍্যাৰ মৰ্যাদা লাভ কৰে আৰু ইয়াৰ সমাধানৰ মূল দায়িত্ব কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিব লাগিব। ২০০৪ চনত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ সীমাবদ্ধতাসমূহ উপলব্ধি কৰি প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে প্ৰথমবাৰৰ বাবে উত্তৰ-পূব পানী ব্যৱস্থাপনা কৰ্তৃপক্ষ (North-East Water Management Authority – NEWMA) গঠনৰ প্ৰস্তাৱ আগবঢ়াইছিল।NEWMA-ৰ দৰে এটা প্ৰাধিকৰণৰ ধাৰণা কৰা হৈছিল এই উদ্দেশ্যে, যাতে  পৃথকে পৃথকে ৰাজ্যসমূহে বিষয়টো মোকাবিলা কৰাৰ সলনি যৌথভাৱে পৰিকল্পনা প্ৰস্তুত কৰি কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ বিত্তীয় দায়িত্ব লৈ সুনিৰ্দিষ্ট পুঁজি, স্পষ্ট সময়সীমা আৰু দায়িত্বসহকাৰে এটা একক কেন্দ্ৰীকৃত কৰ্তৃপক্ষই তাক ৰূপায়ণ কৰিব পাৰে। এনে এটা সংস্থাই উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ মাজত সমন্বয় সাধন কৰাৰ লগতে আন্তৰ্জাতিক পৰ্যায়ৰ সীমাৰ সিপাৰৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰাত ভাৰতৰ ক্ষমতা শক্তিশালী কৰি তুলিব পাৰে। ডি ৱাই এফ আয়ে এনে এক সংস্থা গঠন কৰাৰ দাবী জনাইছে বুলি উল্লেখ কৰে।

Apply Now

 তদুপৰি তেওঁ কয়- নাগালেণ্ড, অৰুণাচল আৰু ভূটানত নিৰ্মিত বান্ধসমূহৰ পৰা পানী এৰি দিলে হঠাৎ বানৰ সৃষ্টি হয়। এই বান্ধসমূহে নৈ এখনৰ নামনি অংশত পৰিব পৰা প্ৰভাৱ সম্পৰ্কে সঠিক মূল‍্যায়নৰ প্ৰয়োজন। অৰুণাচল প্ৰদেশ আৰু তাৰ উজনি অঞ্চলসমূহৰ সংবেদনশীল তথা ভূমিকম্প-প্ৰৱণ পূব হিমালয়ত ১৩০ টাৰো অধিক অনুমোদিত জলবিদ্যুৎ প্ৰকল্পৰ ক্ৰমবৰ্ধমান সম্প্ৰসাৰণ মূলতঃ কোনো সামগ্ৰিক আৰু যৌথ নামনি-প্ৰভাৱ মূল্যাংকন (cumulative downstream impact assessment) নোহোৱাকৈয়ে কাৰ্যকৰী কৰা হৈছে। সমালোচক আৰু স্থানীয় গোটসমূহে এই অনিয়ন্ত্ৰিত তথা সমন্বয়হীন জলাশয় পৰিচালনাক প্ৰবল বাৰিষাৰ সময়ছোৱাত সম্ভাব্য “পানী-বোমা” (water bombs) বুলি প্ৰায়ে অভিহিত কৰে। মূল‍্যায়ন নোহোৱা পৰ্যন্ত এই বান্ধসমূহৰ কাম বন্ধ কৰাৰ ডি ৱাই এফ আইয়ে দাবী জনাইছে বুলি কয়।

লগতে তেওঁ উল্লেখ কৰে যে শিৱসাগৰ জিলাৰ জিলা দুৰ্যোগ ব্যৱস্থাপনা পৰিকল্পনা, অসম চৰকাৰৰ জল সম্পদ বিভাগৰ নদী অৱবাহিকা ব্যৱস্থাপনা প্ৰতিবেদন আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ জলবিজ্ঞান মূল্যায়ন অধ্যয়ন অনুসৰি দীৰ্ঘসময়ৰে পৰা ভূ-প্ৰকৃতিৰ ঢালৰ পৰিৱৰ্তনৰ বাবে নাজিৰা আৰু শিৱসাগৰৰ নামনি অংশ অত্যন্ত সংবেদনশীল বিশেষকৈ আকস্মিক ধল, নৈৰ উজনি অংশত চলা কাৰ্যকলাপৰ ফলত বৈ অহা গেদ জমা হোৱা আৰু প্ৰাকৃতিক জলনিৰ্গমন পথ তথা জলাশয়বোৰ বন্ধ বা বাধাগ্ৰস্ত হ’লে সৃষ্টি হোৱা বানপানীৰ প্ৰতি। শেহতীয়া জলপ্ৰলয়ৰ কাৰণৰ কোনো বাখ‍্যা এতিয়ালৈ ৰাজ‍্য চৰকাৰে আনুষ্ঠানিকভাৱে আগবঢ়োৱা নাই যদিও স্থানীয় মানুহৰ লগতে সংবাদ মাধ্যমত এই কথা সম্মুখলৈ আহিছে যে দীৰ্ঘকাল ধৰি অবৈধ কয়লা, বালি আৰু শিল খননৰ, শিল খনন এই বানৰ অন্যতম কাৰণ। এনে কাম এটা অসাধু চক্ৰই  চলাই আছে যদিও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখন  নিৰ্বিকাৰ। মুখ্যমন্ত্ৰীয়ে কেৱল ম্যানমাৰ, নাগালেণ্ড আৰু অসমত সেই সময়ত হৈ থকা বৰষুণকে মূলত উজনিৰ বানৰ বাবে জগৰীয়া কৰি দায় সাৰিব বিচাৰিছে। বৰষুণ এই বানৰ অন্যতম কাৰণ বুলি বাৰে বাৰে উল্লেখ কৰা হৈছে যদিও মন কৰিবলগীয়া বিষয়টো হৈছে যে জুলাইৰ শেষলৈ ৰাজ্যখনত পূৰ্বৰ তুলনাত ৩০ শতাংশ কমকৈ বৰষুণ হৈছে। এনে প্ৰেক্ষাপটত কেন্দ্ৰীয় চৰকাৰে অভিযন্তা, ভূ-বিজ্ঞানী, পৰিৱেশবিদ আদিকলৈ এক বিশেষজ্ঞ কমিটি গঠন কৰি সময়নিৰ্ধাৰিত প্ৰতিবেদন প্ৰকাশ কৰা উচিত আৰু তাৰ ভিত্তিত ভৱিষ‍্যতে হ’ব পৰা দুৰ্যোগৰ পৰা যাতে ৰক্ষা পৰিব পাৰে তাৰো পৰিকল্পনা তুলি ধৰাৰ দৰকাৰ বুলি অভিহিত কৰে।

 লগতে তেওঁ কয়- শেহতীয়া উজনিৰ জলপ্ৰলয়ৰ আৰম্ভণিৰে পৰা অসমৰ জনসাধাৰণ বানপীড়িত ৰাইজৰ কাষত সমস্ত শক্তিৰে থিয় দিছে। ডি ৱাই এফ আয়েও নিজৰ সামৰ্থ অনুশৰি প্ৰায় ১৫ লাখ টকাৰ সাহায‍্য আগবঢ়াইছে। অসমৰ বিভিন্ন অংশৰ ৰাইজৰ উদ‍্যোগৰ বিপৰীতে চৰকাৰখনৰ ভূমিকা অতি দুৰ্বল আৰু নিন্দনীয়া। প্ৰকৃতাৰ্থত এই গোটেই সময়চোৱাত চৰকাৰখন ৰাইজৰ কাষত নাছিল। বান হোৱাৰ দুমাহৰ পিছতো চৰকাৰখনে সজোৰে আগুৱাই অহা নাই। ‍পুনৰ জীৱন-জীৱিকা আগুৱাই নিবৰ বাবে কোনো পৰিকল্পনা নাই। আনকি ৰাজ্য চৰকাৰে প্ৰদান কৰা তাৎক্ষণিক ১৫,০০০ টকাৰ সাহায্যৰ পৰা এতিয়াও বহু লোক বঞ্চিত হৈ আছে। এয়া ধিক্কাৰজনক যে

নিৰ্বাচনৰ সময়ত বাৰে বাৰে অসমলৈ ঢাপলি মেলা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ ৰাইজে বানৰ সময়ত দেখা নাপালে। কেৱল SDRF-ৰ কেন্দ্রীয় অংশৰ পৰা আগতীয়া ধন ৰাসি হিচাপে ৩৭৯ কোটি টকা মুকলি কৰি দিছে, কিন্তু এতিয়ালৈ NDRF-ৰ পুঁজি মুকলি কৰা হোৱা নাই। Inter-Ministerial Central Team-এ চাৰ্ভেৰ প্ৰতিবেদন দাখিল কৰিছে যদিও এতিয়ালৈ অনুদান মুকলি কৰা নহ’ল। ডি ৱাই এফ আইৰ নেতৃত্বই বান বিধস্ত এলেকা সমূহ পৰিদৰ্শন কৰি লক্ষ্য কৰিছে যে বানপীড়িত সকলে নিজৰ জীৱন পুনৰ আৰম্ভ কৰিব পৰা নাই। জীৱন-জীৱিকা পুনৰ আৰম্ভ কৰাৰ বাবে চৰকাৰে ১ লাখ টকাৰ এককালীন সাহায্য, সম্পূৰ্ণৰূপে ধ্বংস হোৱা ঘৰৰ পৰিয়ালক ১০ লাখ টকা আৰু বেয়াকৈ ক্ষতিগ্রস্ত ঘৰৰ বাবে ৫ লাখ টকা নিৰ্ধাৰণ কৰক। শস্য হানি, গৰু, ছাগলী, গাহৰি আদি পশুধনৰ মৃত্যুৰ বাবে ক্ষতিপূৰণ বৃদ্ধি কৰাৰ লগতে নিহতৰ পৰিয়াললৈ অন্ততঃ ২০ লাখ টকাৰ সাহায্য প্ৰদান কৰক। কামৰ অভাৱত শ্ৰমজীৱী মানুহ চলিব নোৱাৰাৰ এক অৱস্থা বানপীড়িত জিলাসমূহত চলি আছে। এনে প্ৰেক্ষাপটত বান বিধস্ত গাঁওসমূহ পুনৰ গঢ়ি তোলাৰ বাবে চৰকাৰে জি ৰাম জি-ৰ অধিনত ২০০ দিনৰ কাম নিশ্চিত কৰা উচিত বুলি মন্তব্য কৰে ৰাজ্যিক সম্পাদকগৰাকীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

নেচলেৰ ডেইৰী হোৱাইটনাৰ অস্বাস্থ্যকৰ আৰু মানদণ্ডহীন! বিক্ৰী নিষিদ্ধ কৰিলে এফএছএছএআইয়ে

October 3, 2026 6:09 pm
অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

অসমৰ ‘সম নাগৰিক সংহিতা’ বিধেয়কত স্বাক্ষৰ কৰিলে ৰাষ্ট্ৰপতিয়ে : শীঘ্ৰেই কাৰ্যকৰী হ’ব এই আইন

October 3, 2026 6:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

অসমৰ বান সমস‍্যাক ৰাষ্ট্ৰীয় জাতীয় সমস‍্যা হিচাপে গণ‍্য কৰাৰ দাবীত দিল্লীত ডি ৱাই এফ আইৰ প্ৰতিবাদী কাৰ্যসূচী

October 3, 2026 7:16 pm
উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতো বাংলাদেশলৈ বিতাড়ন! নগাঁৱৰ দুগৰাকী মহিলাক ঘূৰাই অনাৰ দাবীত সৰৱ সাংসদ গৌৰৱ গগৈ

October 3, 2026 7:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd