• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Breaking: জামিন আবেদন নাকচ কৰা হৈছে মডেল ৰাজকন্যা বৰুৱাৰ; আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 7, 2021 5:28 pm
Rajkainya new

ৰাজকন্যা বৰুৱা।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

Breaking: Drunk & Hit case ত জামিন আবেদন নাকচ কৰা হৈছে মডেল ৰাজকন্যা বৰুৱাৰ। তেওঁক ১ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰা হৈছে। ৰাজকন্যাৰ ড্ৰাইভিং লাইচেন্স জব্দ কৰাৰো নিৰ্দেশ দিছে আদালতে।

ৰাজকন্যাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০৬/৩০৮/৩২৪ নং ধাৰাত ৰুজু হৈ আছে গোচৰ। কাইলৈ পুনৰ আদালতত হাজিৰ কৰোৱা হব ৰাজকন্যাক। তেওঁৰ বিৰুদ্ধে ধাৰা কেইটা নতুনকৈ সংযোজন কৰিছে আৰক্ষীয়ে।

কালি চুপাৰমাৰ্কেটস্থিত GNRC ত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে মডেল ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰৰ কৰে।

Apply Now

GMCHৰ মেডিকেল বৰ্ডে GNRCৰ SEMI ICU ত ভৰ্তি হৈ থকা ৰাজকন্যা বৰুৱাৰ কোনো অসুস্থতা নাপালে৷ ৰাজকন্যাৰ কোনোধৰণৰ বেমাৰ নথকা বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে।

GNRC কৰ্তৃপক্ষৰ বিৰুদ্ধেও তদন্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো অসুস্থতা নথকাকৈ GNRCৰ ICU ত ৰক্ষণাবেক্ষণ দি থোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।

উল্লেখযোগ্য যে, ১ অক্টোবৰৰ নিশা মডেল ৰাজকন্যা বৰুৱাই দিছপুৰত সংঘটিত কৰা দুৰ্ঘটনাত দুয়োখন ভৰি কটা গ’ল এজন লোকৰ৷ যোচেফ নামৰ লোকজনৰ চিকিৎসকে কাটিব লগা হ’ল বাওঁ ভৰিখন৷ দুৰ্ঘটনাটোত সোঁভৰিখন চিঙি পথত পৰি ৰৈছিল তেওঁৰ৷

ইয়াৰোপৰি, সান্ধ্য আইনৰ মাজতে দিছপুৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়া SI ছাহিৰ আলী আৰু WSI আভাৰাণী গগৈক ৰিজাৰ্ভ ক্ল’জ কৰিছে আৰক্ষী আয়ুক্তালয়ে৷

আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। কিহৰ বাবে লোকনির্মাণ বিভাগত কৰ্মৰত  ৯ জনকৈ শ্ৰমিকক সান্ধ্য আইনৰ মাজত সুৰাৰ ৰাগীত মাতাল হৈ দুৰ্ঘটনা সংঘটিত কৰিব পালে সুন্দৰী ৰাজকণ্যা বৰুৱাই? এই প্ৰশ্নই এতিয়া ছ’চিয়েল মিডিয়াত তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে।

শনিবাৰে গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ৯গৰাকীকৈ শ্ৰমিকক মহতিয়াই নিয়া যুৱতী ৰাজকন্যা বৰুৱাই দেওবাৰে জামিন লাভ কৰিছিল।

উল্লেখ্য যে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। ইয়াৰে তিনিটা ধাৰা হৈছে জামিনযোগ্য। সেইকেইটা হৈছে, ক্ৰমে দ্ৰুত গতিৰে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুত গতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি।

কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩ ধাৰাটো আছিল জামিন অযোগ্য। কৰ্তব্যৰত আৰক্ষী বিষয়া বা চৰকাৰী বিষয়াক কৰ্তব্য সম্পাদনত বাধা প্ৰদান কৰা ক্ষেত্ৰত ৩৫৩ ধাৰা প্ৰযোজ্য হয়।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

বাংলাদেশত হৈ গ’ল প্ৰথম সমকামী বিবাহ! ঢাকেশ্বৰী মন্দিৰত সাতপাক ঘূৰি ইতিহাস ৰচিলে এই প্ৰেমিক যুগলে

July 30, 2026 6:40 pm
নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচনত জয়ী নোহোৱাকৈয়ে ছমাহতকৈ অধিক সময় মন্ত্ৰী! চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে

July 30, 2026 5:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd