২০২১ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা বিজয়ীৰ নাম আজি ঘোষণা কৰা হৈছে।
তাঞ্জানিয়াৰ ঔপন্যাসিক আব্দুলৰজাক গুৰ্নাহলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা।
“ঔপনিৱেশিকতাৰ প্ৰভাৱ আৰু সংস্কৃতি আৰু মহাদেশৰ মাজৰ দূৰত্বত থকা শৰণাৰ্থীৰ ভৱিষ্যতৰ আপোচহীন আৰু সহানুভূতিশীল প্ৰৱেশ” (Uncompromising and compassionate penetration of the effects of colonialism and the fate of the refugee in the gulf between cultures and continents) ৰ বাবে ঔপন্যাসিক আব্দুলৰজাক গুৰ্নাহক সাহিত্যৰ নবেল বঁটা প্ৰদান কৰা হৈছে।
জাঞ্জিবাৰ এটা দ্বীপত ডাঙৰ দীঘল হোৱা গুৰ্নাহে ১৯৬০ ৰ দশকত শৰণাৰ্থী হিচাপে ইংলেণ্ডত উপস্থিত হয়।
গুৰ্নাহে ১০ খন উপন্যাসৰ লগতে কেইবাখনো চুটি গল্প প্ৰকাশ কৰিছে।
নোবেল বঁটা ঘোষণাৰ সময়ত নবেল সমিতিৰ অধ্যক্ষ এণ্ডাৰ্ছ অ’লছনে কয় যে গুৰ্নাহৰ প্ৰথম উপন্যাস ‘মেমৰি অফ ডিপাৰচাৰ’ৰ পৰা তেওঁৰ শেহতীয়া উপন্যাস ‘আফটাৰলাইভছ’লৈকে সাংস্কৃতিকভাৱে বৈচিত্ৰ্যপূৰ্ণ পূৱ আফ্ৰিকাৰ প্ৰতি আমাৰ দৃষ্টি মুকলি কৰক আৰু প্ৰচলিত বৰ্ণনাৰ পৰা আঁতৰি যাওক।
উল্লেখ্য যে ১৯৮৬ চনত ৱোলে চয়িঙ্কাৰ পিছত কোনো কৃষ্ণাঙ্গ আফ্ৰিকান লেখকে নোবেল বঁটা লাভ কৰা নাই।৩৫ বছৰৰ মূৰতএই বৰ্ষত গুৰ্নাহৰ জৰিয়তে কোনো কৃষ্ণাঙ্গ লেখকে প্ৰথমবাৰৰ বাবে এই সন্মানীয় বঁটাটো লাভ কৰিছে।
তদুপৰি গুৰ্নাহ হ’ল নোবেল বঁটা লাভ কৰা তাঞ্জানিয়াৰ প্ৰথম লেখক।
ইতিমধ্যে যোৱা তিনিদিনত ক্ৰমে ফিজিঅ’লজী, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানত এই বৰ্ষৰ নোবেল বিজয়ীসকলৰ নাম নোবেল কমিটিয়ে ঘোষণা কৰিছে।