• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডাঃ নৱনীল বৰুৱাই কি ক’লে দিছপুৰ আৰক্ষীৰ জেৰাত, ৰাজকন্যাই কিয় দিছিল আত্মহত্যাৰ ভাবুকি?

ডাঃ বৰুৱাক চলোৱা জেৰাৰ সৱিশেষ তথ্যলৈ আদালতত আবেদন জনাব আৰক্ষীয়ে

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 8, 2021 3:34 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জিএনআৰচিৰ জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাৰ বিৰুদ্ধে GNRCত মডেল ৰাজকন্যা বৰুৱাক SEMI ICU প্ৰদান কৰি আৰক্ষীৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠাৰ পিছতে আৰক্ষীয়ে চিকিৎসকগৰাকীলৈ চমন জাৰি কৰিছিল।

চমন লাভ কৰাৰ পিছতে আজি দিছপুৰ থানাত উপস্থিত হয় ডাঃ নৱনীল বৰৱাই।

Apply Now

নৱনীল বৰুৱাই কয়, “মই কাকো নিৰাপত্তা দিয়া নাই। মই একো ভুল কৰা নাই।পূৰ্বে মোৰ কোনো চিনাকী নাছিল ৰাজকন্যাৰ স’তে।”

বৰ্তমান থানাত জেৰা চলি আছে চিকিৎসকগৰাকীৰ। আৰক্ষীৰ জেৰাত নৱনীল বৰুৱাই কয় যে ৰাজকন্যা বৰুৱাক আইচিএউত ভৰ্তি কৰোৱাৰ বাবে তেওঁক তীব্ৰ হেঁচা দিছিল স্বয়ং ৰাজকন্যা বৰুৱাই।

আইচিএউত ভৰ্তি নকৰিলে ৰাজকন্যাই আত্মহত্যা কৰিব বুলিও ভাবুকি দিছিল বুলি চিকিৎসকগৰাকীয়ে আৰক্ষীৰ আগত প্ৰকাশ কৰে। এই কথাৰ প্ৰমাণ তেওঁৰ হোৱাটএপ মেছেজতে আছে বুলিও চিকিৎসকগৰাকীৰ প্ৰকাশ কৰে।

থানা চৌহদতে চিকিৎসকগৰাকীয়ে ৰাজকন্যাৰ সৈতে পূৰ্বে চিনাকী নাছিল বুলি সাংবাদিকৰ আগত বাৰে বাৰে প্ৰকাশ কৰে।

ইপিনে ডাঃ বৰুৱাক চলোৱা জেৰাৰ সৱিশেষ তথ্যলৈ আদালতত আবেদন জনাব আৰক্ষীয়ে। এই আবেদন আজিয়েই জনোৱাৰ সম্ভাৱনা আছে। আদালতে সেউজসংকেত দিলেই গ্ৰেপ্তাৰ কৰা হ’ব ডাঃ নৱনীল বৰুৱাক।

বাতৰি লিখা পৰলৈকে থানাত ডাঃনৱনীল বৰুৱাৰ জেৰা চলি আছে।

ইপিনে আজি বিয়লি পুনৰ ৰাজকন্যাক আদালতত হাজিৰ কৰোৱা হৈছে।

লক্ষ্যণীয় কথাটো হ’ল জেৰা চলি থকাৰ মাজতে আজি জিএনআৰচিত ভৰ্তি কৰোৱা কেইবাগৰাকী ৰোগীৰ পৰিয়ালে থানা চৌহদত উপস্থিত হৈ চিকিৎসালয় খনে সংঘটিত কৰি অহা নানান অনিয়মকলৈ সৰৱ হৈ পৰা পৰিলক্ষিত হয়।

আজি ডাঃবৰুৱাৰ উপৰি আৰক্ষীয়ে জিএনআৰচিৰ আন কেইবাজনো বিষয়াকো জেৰা চলায়।

প্ৰায় ৭ ঘণ্টা ধৰি দিছপুৰ থানাত জেৰা চলাই থকা হৈছে জ্যেষ্ঠ চিকিৎসক নৱনীল বৰুৱাক।

সংবাদমাধ্যমৰ আগত বৰুৱাৰ পুনৰ মন্তব্য “ৰাজকন্যাৰ ক্ষেত্ৰত আমি যি কৰিছো মেডিকেল এঠিক্স অনুসৰি কৰিছো।বাকী পিছত জনাই আছো।”

অৱশ্যে, পুৱাৰ ভাগত মন্তব্য কিছু সুকীয়া আছিল নৱনীল বৰুৱাৰ।

থানাত উপস্থিত হৈয়ে ৰাজকন্যাক তেওঁ ICU ত ৰখা নাই বুলি মন্তব্য কৰে নৱনীল বৰুৱাই ।

নৱনীল বৰুৱাই কয় “মই কাকো নিৰাপত্তা দিয়া নাই
মই একো ভুল কৰা নাই ।পূৰ্বে মোৰ কোনো চিনাকী নাছিল ৰাজকন্যাৰ স’তে।”

ইপিনে, আৰক্ষীৰ হাতত নৱনীল বৰুৱা আৰু ৰাজকন্যা বৰুৱাৰ whatsapp ৰ কথোপকথন আহি পৰিছেহি। য’ত ৰাজকন্যা বৰুৱাই চিকিৎসালয়ৰ ICU ত ভৰ্তি নকৰিলে আত্মহত্যাৰ ভাবুকি দিছিল নৱনীল বৰুৱাক।

বৰুৱাৰ বিৰুদ্ধে GNRC ত মডেল ৰাজকন্যা বৰুৱাক SEMI ICU প্ৰদান কৰি আৰক্ষীৰ পৰা ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ।

উল্লেখ্য বুধবাৰে চুপাৰমাৰ্কেটস্থিত GNRC ত উপস্থিত হৈ দিছপুৰ আৰক্ষীয়ে মডেল ৰাজকন্যা বৰুৱাক গ্ৰেপ্তাৰৰ কৰিছিল।

GMCHৰ মেডিকেল ব’ৰ্ডে GNRCৰ SEMI ICUত ভৰ্তি হৈ থকা ৰাজকন্যা বৰুৱাৰ কোনো অসুস্থতা নাপালে৷ ৰাজকন্যাৰ কোনোধৰণৰ বেমাৰ নথকা বুলি প্ৰতিবেদনত উল্লেখ কৰে ব’ৰ্ডে।

GNRC কৰ্তৃপক্ষৰ বিৰুদ্ধেও তদন্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। কিয়নো অসুস্থতা নথকাকৈ GNRCৰ ICU ত ৰাজকন্যাক ৰক্ষণাবেক্ষণ দি থোৱাৰ গুৰুতৰ অভিযোগ উঠিছে।

উল্লেখযোগ্য যে, ১ অক্টোবৰৰ নিশা মডেল ৰাজকন্যা বৰুৱাই দিছপুৰত সংঘটিত কৰা দূৰ্ঘটনাত দুয়োখন ভৰি কটা গল এজন লোকৰ৷ যোচেফ নামৰ লোকজনৰ চিকিৎসকে কাটিব লগা হ’ল বাওঁ ভৰিখন৷ দূৰ্ঘটনাটোত সোঁভৰিখন চিঙি পথত পৰি ৰৈছিল তেওঁৰ৷

ইয়াৰোপৰি, সান্ধ্য আইনৰ মাজতে দিছপুৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া দুই আৰক্ষী বিষয়া SI ছাহিৰ আলী আৰু WSI আভাৰাণী গগৈক ৰিজাৰ্ভ ক্ল’জ কৰিছে আৰক্ষী আয়ুক্তালয়ৰ৷

আৰক্ষী বিষয়া দুগৰাকীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। কিহৰ বাবে লোকনির্মাণ বিভাগত কৰ্মৰত  ৯ জনকৈ শ্ৰমিকক সান্ধ্য আইনৰ মাজত সুৰাৰ ৰাগীত মাতাল হৈ দুৰ্ঘটনা সংঘটিত কৰিব পালে সুন্দৰী ৰাজকন্যা বৰুৱাই? এই প্ৰশ্নই এতিয়া ছ’চিয়েল মেডিয়াত তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে।

শনিবাৰে গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ন গৰাকীকৈ শ্ৰমিকক মহতীয়াই নিয়া যুৱতী ৰাজকন্যা বৰুৱাই দেওবাৰে জামিন লাভ কৰিছিল।

উল্লেখ্য যে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। ইয়াৰে তিনিটা ধাৰা হৈছে জামিনযোগ্য। সেইকেইটা হৈছে, ক্ৰমে দ্ৰুত গতিৰে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুত গতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি।

কিন্তু ভাৰতীয় দণ্ডবিধি আইনৰ ৩৫৩ ধাৰাটো আছিল জামিন অযোগ্য। কৰ্তব্যৰত আৰক্ষী বিষয়া বা চৰকাৰী বিষয়াক কৰ্তব্য সম্পাদনত বাধা প্ৰদান কৰা ক্ষেত্ৰত ৩৫৩ ধাৰা প্ৰযোজ্য হয় ।

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

শিৱসাগৰত অ’এনজিচিৰ গেছ নিৰ্গমনক লৈ নিৰাপত্তাজনিত উদ্বেগ: পুৰণি পাইপলাইনক জগৰীয়া কৰিলে কৰ্তৃপক্ষই

June 15, 2026 4:03 pm
স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

স্বামীৰ অত্যাচাৰত অতিষ্ঠ! ডিঙিত শিকলি বন্ধা অৱস্থাতে আৰক্ষী থানাত উপস্থিত ভুক্তভোগী মহিলা

June 15, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কৰাৰ নামত কোটি টকীয়া প্ৰৱঞ্চনা : ৰাজস্থানৰ পৰা দুজনক গ্ৰেপ্তাৰ কৰিলে আহমেদাবাদ আৰক্ষীয়ে

June 15, 2026 4:40 pm
মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

মুম্বাইৰ সমীপত জনপ্ৰিয় টেলিভিছন অভিনেত্ৰী সঞ্চিতা উগালেৰ কৰুণ মৃত্যু, ২২ বছৰ বয়সতে বাচি ল’লে চৰম পথ

June 15, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd