• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বপ্ন ভংগ স্পেইনৰ, উৱেফা নেচনচ্ লীগৰ খিতাপ ফ্ৰাঞ্চৰ শিৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2021 2:48 pm
UEFA Nation's League
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উৱেফা নেচনচ্ লীগত অৱশেষত শেষ হাঁহি মাৰিলে ফ্ৰাঞ্চে। যুৱ খেলুৱৈৰে গঠিত স্পেইনক পৰাস্ত কৰি উৱেফা নেচনচ্ লীগৰ ইতিহাসত চেম্পিয়নৰ নাম খোদিত কৰিলে ফ্ৰাঞ্চে।

ইটালীৰ চান চিৰ’ত অনুষ্ঠিত হোৱা ফাইনেলত আজি বিশ্ব চেম্পিয়ন ফ্ৰাঞ্চে স্পেইনক ২-১ গলৰ ব্যৱধানত পৰাস্ত কৰে।

তীব্ৰ উত্তেজনাপূৰ্ণ খেলখনত অৱশ্যে প্ৰথমেই অগ্ৰগতি লৈছিল স্পেইনে। অধিনায়ক চাৰ্জিঅ’ বাস্কুৱেটছৰ পাছত অয়াৰজাবালে বল নেটলৈ ঠেলি স্পেইনক গলৰ সোৱাদ দিয়ে।

অৱশ্যে স্পেইনৰ এই অগ্ৰগতি দীৰ্ঘস্থায়ী নহ’ল। দুই মিনিট পিছতেই এমবাপেৰ পাছক গললৈ ৰূপান্তৰ কৰি ফ্ৰাঞ্চৰ হৈ সমতা স্থাপন কৰে বেঞ্জিমাই।

Apply Now

ইয়াৰ পাছতো বিপক্ষৰ গলবক্সত আক্ৰমণ-প্ৰতি আক্ৰমণ অব্যাহত ৰাখে উভয় পক্ষই। অৱশেষত খেল শেষ হ’বলৈ দহ মিনিট বাকী থকা অৱস্থাত বিজয়সূচক গল পায় ফ্ৰাঞ্চে।

খেলৰ ৮০ মিনিটত মিডফিল্ডৰ পৰা স্পেইনৰ ডিফেঞ্চক পৰাস্ত কৰি হাৰ্ণাণ্ডেজে উলিয়াই দিয়া পাছত এমবাপেই গল স্ক’ৰ কৰি ফ্ৰাঞ্চক ২-১ ৰ অগ্ৰগতি প্ৰদান কৰে।

অৱশ্যে এমবাপেৰ এই গলটোৱে বিতৰ্কৰো সূচনা কৰে। হাৰ্ণাণ্ডেজৰ ভৰিৰ পৰা বল ওলোৱাৰ মুহূৰ্তত এমবাপে অফচাইডত থকা ধৰা পৰিছিল ৰিপ্লেত। কিন্তু VAR ৰ সিদ্ধান্ত অনুসৰি গল ঘোষণা কৰে ৰেফাৰীয়ে।

ইয়াৰ পাছত অৱশ্যে স্পেইনে গল স্ক’ৰৰ বাবে ফ্ৰাঞ্চৰ গলবক্সত কেইবাবাৰো আক্ৰমণ চলাই যদিও সেই প্ৰচেষ্টাক সাকাৰ ৰূপ দিয়াত বিফল হয়।

নিৰ্ধাৰিত সময়ত ৰেফাৰীৰ হুইচেলৰ শব্দৰ লগে লগে ফ্ৰাঞ্চে ২-১ ব্যৱধানত জয়ৰ শেষ হাঁহি মাৰে।

অৱশ্যে পৰাস্ত হ’লেও খেলখনত স্পেইনৰ প্ৰদৰ্শন আছিল চমকপ্ৰদ। যুৱ খেলুৱৈৰে ভৰপূৰ স্পেইনেই খেলখনত অধিক সময় বল নিজৰ নিয়ন্ত্ৰণত ৰাখিবলৈ সক্ষম হৈছিল।

‘ক্লাছিকেল’ টিকি-টাকাৰে ফ্ৰাঞ্চক খেলখনত চাপত ৰাখিবলৈ সক্ষম হ’লেও অভিজ্ঞতাৰ জোৰত ফ্ৰাঞ্চেই বিজয়ী ট্ৰফী আজুৰি আনে।

সম্পূৰ্ণ টুৰ্নামেণ্টততে নিজৰ চমকপ্ৰদ প্ৰদৰ্শনেৰে স্পেইনক সমুখৰ পৰা নেতৃত্ব দিয়া চাৰ্জিঅ’ বাস্কুৱেটছ্ টুৰ্নামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

আনহাতে বেলজিয়ামক পৰাস্ত কৰি উৱেফা নেচনচ্ লীগত তৃতীয় স্থান দখল কৰে ইটালীয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd