• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত অভিনৱ প্ৰতিবাদ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 11, 2021 9:16 pm
Protest Against Fuel Price Hike in Guwahati
180
VIEWS
Share on FacebookShare on Twitter

মহানগৰীৰ ৰাজপথত আজি দেখা গ’ল এক অভিনৱ প্ৰতিবাদ।

অসম বিজেপিৰ সভাপতি তথা বিধায়ক ভবেশ কলিতাই অত্যাধিক ইন্ধনৰ মূল্য বৃদ্ধিৰ পৰা হাত সাৰিবলৈ ৰাইজক দিয়া বিশেষ ‘পৰামৰ্শ’-কে সাৰোগত কৰি গুৱাহাটীৰ ৰাজপথত আজি এক প্ৰতীকী প্ৰতিবাদত নামে কিছুসংখ্যক লোক।

প্ৰতিবাদত ভাগ লোৱা যুৱক-যুৱতীৰ এটা দলে দুজনৰ পৰিৱৰ্তে তিনিজন আৰোহীৰে বাইক চলোৱা দেখা গ’ল। সমদলৰ সময়ত বাইক আৰোহীসকলে বিজেপি সভাপতিগৰাকীক ‘ভবেশ কলিতাক ধন্যবাদ’ বুলিও উপহাস কৰে।

আনহাতে বিভিন্নজনে কলিতাই দিয়া মন্তব্যক গৰিহণা দি অভিযোগ কৰে যে শাসকীয় দলৰ মানৱ জীৱনৰ প্ৰতি কোনো সন্মান নাই। “তেওঁলোকৰ মানৱ জীৱনৰ প্ৰতি সন্মানৰ অভাৱ। সেয়েহে তেওঁলোকে এনে পৰামৰ্শ দিব পাৰে।” এজন প্ৰতিবাদকাৰীয়ে সংবাদ মাধ্যমক কয়।

উল্লেখ্য যে দেওবাৰে ৰাজ্যিক বিজেপিৰ সভাপতিজনে মন্তব্য কৰিছিল যে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ পৰা ৰক্ষা পাবলৈ মানুহে বাইকত ৩ জনে যাত্ৰা কৰিব লাগে আৰু ইন্ধন ব্যয় পৰিহাৰ কৰিবলৈ চাইকেল ব্যৱহাৰ কৰিব লাগে। তেওঁৰ বক্তব্যই ৰাজ্যখনৰ জনসাধাৰণৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে।

দেওবাৰে গুৱাহাটীত পেট্ৰ’লৰ মূল্য ১০০ টকাৰ সীমা অতিক্ৰম কৰে। অসমৰ আন কেইবাখনো জিলাত ইতিমধ্যে পেট্ৰ’লৰ মূল্যই শতিকৰ সীমা অতিক্ৰম কৰিছে। তদুপৰি, শনিবাৰে ডিজেলৰ মূল্যও ৩৭ পইচা বৃদ্ধি কৰা হয়।

শেহতীয়াকৈ সমগ্ৰ ভাৰতত এই সপ্তাহত দশমবাৰৰ বাবে ইন্ধনৰ মূল্য বৃদ্ধি হৈছে। আনহাতে ২৪ ছেপ্টেম্বৰৰ পৰা ইতিমধ্যে মূল্য ১৩ বাৰ বৃদ্ধি কৰা হৈছে।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd