• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

স্বপ্ন চূৰ্ণ দিল্লী কেপিটেলছৰ, কলকাতা নাইট ৰাইডাৰ্ছ ফাইনেলত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 14, 2021 7:26 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰথমবাৰৰ বাবে আইপিএল চেম্পিয়ন হোৱাৰ সপোন চূৰ্ণ হৈছে দিল্লী কেপিটেলছৰ। কালি অনুষ্ঠিত হোৱা দ্বিতীয়খন কোৱালিফায়াৰত দিল্লীক পৰাস্ত কৰি ফাইনেলত নিজৰ স্থান সুৰক্ষিত কৰিলে কলকাতা নাইট ৰাইডাৰ্ছে।

শ্বাৰজাহ ক্ৰিকেট ষ্টেডিয়ামত কালি অনুষ্ঠিত কোৱালিফায়াৰত ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰে কলকাতাই।

টছত জয়ী হৈ কলকাতাই প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয় আৰু দিল্লীক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। প্ৰথমে বেটিং কৰা দিল্লী কেপিটেলছে নিজৰ স্বভাৱসিদ্ধ খেল প্ৰদৰ্শন কৰাত ব্যৰ্থ হয়।

অপেনাৰদ্বয় পৃথ্বী শ্ব’ আৰু শিখৰ ধাৱানে প্ৰথম উইকেটত ৩২ ৰান যোগ দিয়ে। ব্যক্তিগত ১৮ ৰানত আউট হয় শ্ব’।

Apply Now

ইয়াৰ পাছত ধাৱান আৰু ষ্টইনিছে দ্বিতীয় উইকেটত ৩৯ ৰান যোগ দিলেও যথেষ্ট মন্থৰ বেটিং কৰাৰ ফলত দিল্লী দল বেকফুটলৈ যাব লগীয়া হয়।

দললৈ সৰ্বাধিক ৩৬ ৰানৰ অৱদান আগবঢ়াই ধাৱানে। ইয়াৰ বাবে অৱশ্যে ৩৯ টা বল খেলিবলগীয়া হয় ধাৱানে। শ্ৰেয়স আয়াৰৰ বেটৰ পৰা আহে ৩০ ৰান। ব্যৰ্থ হয় অধিনায়ক ঋষভ পণ্ট(৬)। শেষলৈ হেটমেয়াৰে খৰতকীয়াকৈ ১০ বলত ১৭ ৰান কৰি দলক এক প্ৰত্যাহ্বানজনক অৱস্থালৈ নিয়ে।

মন্থৰ বেটিঙৰ ফলত দিল্লীয়ে বৃহৎ স্ক’ৰ থিয় কৰোৱাত বিফল হয় আৰু পাঁচ উইকেটত ১৩৬ ৰান সংগ্ৰহ কৰে।

কলকাতাৰ হৈ নিজৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰখা বৰুণ চক্ৰৱৰ্তীয়ে ২ টা উইকেট দখল কৰে। এটাকৈ উইকেট পায় ফাৰ্গুচন আৰু মাভিয়ে।

প্ৰত্যুত্তৰত ১৩৭ ৰানৰ সহজ লক্ষ্য আগত লৈ ইনিংছ আৰম্ভ কৰা কলকাতাক অপেনাৰদ্বয় গিল আৰু আয়াৰে এক সফল আৰম্ভণি দিয়ে। দুয়োৱে প্ৰথম উইকেটত ৯৬ ৰানৰ যুটি বান্ধে। ক্ৰীজত বেছি সময় নিটিকিল নীতিশ ৰানা(১৩)।

ইয়াৰ পাছতেই হঠাতে সলনি হয় খেলৰ ৰেহৰূপ। চমকপ্ৰদ প্ৰত্যাৱৰ্তন ঘটে দিল্লীৰ বলিং আক্ৰমণত। মাত্ৰ ৭ ৰানৰ অন্তৰালত কলকাতাৰ ছয়জন বেটচমেনক পেভিলিয়নৰ পথ দেখুৱাই দিল্লীৰ বলিং শক্তিয়ে। কলকাতাৰ ৪ জন বেটচমেন ক্ৰমে কাৰ্তিক, অধিনায়ক মৰ্গান, ছাকিব আল হাচান আৰু নাৰাইণে ব্যক্তিগত কোনো ৰান সংগ্ৰহ নকৰাকৈয়ে বিদায় লয়।

হঠাৎ ছন্দ পতন ঘটা কলকাতাক মেচখনত জয়ৰ বাবে অন্তিম অভাৰত ৭ ৰানৰ প্ৰয়োজন হয়। প্ৰথম বলত ত্ৰিপাঠীয়ে ১ ৰান সংগ্ৰহ কৰাৰ পিছত দ্বিতীয় বলত কোনো ৰান কৰিবলৈ সক্ষম নহয় ছাকিব।

ইয়াৰ পিছতে অভাৰৰ তৃতীয় আৰু চতুৰ্থ বলত ছাকিব আৰু নাৰাইণক আউট কৰি খেলখনত দিল্লীৰ ভাগ্য উদয় কৰে অশ্বিনে।

এনে অৱস্থাত কলকাতাক জয়ী হ’বৰ বাবে দুটা বলত ছয় ৰানৰ প্ৰয়োজন হয়। অভিজ্ঞ স্পিনাৰ অশ্বিনৰ সমুখত এইয়া প্ৰায় অসম্ভৱ বুলিয়েই ধাৰণা গঢ় লয় দৰ্শকৰ মনত। কিন্তু তেতিয়াও ক্ৰীজত আছিল চিজনত চমকপ্ৰদ ফৰ্মত থকা ৰাহুল ত্ৰিপাঠী।

অভাৰৰ পঞ্চমটো বলত এটা বৃহৎ ছয় কোবাই কলকাতাত অনাকাঙ্ক্ষিত বিজয় আনি দিয়ে ত্ৰিপাঠীয়ে। ইয়াৰ লগে লগে ভংগ হয় দিল্লীৰ ফাইনেলত স্থান লাভৰ আশা।

কলকাতাৰ জয়ত মুখ্য ভূমিকা লোৱা অপেনাৰ ভেংকটেশ আয়াৰ মেচৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হয়।

এতিয়া এই বৰ্ষৰ আইপিএল- ৰ ফাইনেলত ১৫ অক্টোবৰত চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে প্ৰতিদ্বন্দীতা আগবঢ়াব কলকাতাই।

স্মৰ্তব্য যে কলকাতাই সাত বছৰৰ মূৰত আইপিএল- ৰ ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে দলটোৱে ২০১২ আৰু ২০১৪ চনত ফাইনেলত প্ৰৱেশ কৰিছে আৰু দুয়োবাৰেই চেম্পিয়ন হৈছে। ২০১২ চনত চেন্নাইক পৰাস্ত কৰিয়ে দলটো চেম্পিয়ন হৈছিল।

ইয়াৰ পৰিৱৰ্তে আইপিএল- ৰ ইতিহাসত সৰ্বাধিক ৯ বাৰ ফাইনেলত অৱতীৰ্ণ হোৱা চেন্নাই চুপাৰ কিংছে ৩ বাৰ চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd