• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ড° নৰেন কলিতালৈ অসম সাহিত্য সভাৰ প্ৰজ্ঞাভূষণ সন্মান

তিলকচন্দ্ৰ মজুমদাৰক প্ৰদান কৰা হয় উত্তৰ আমেৰিকা শাখা সাহিত্য সভা ড° মাইলছ বন্সন বঁটা

মুৰলী বৰুৱা, নগাঁও by মুৰলী বৰুৱা, নগাঁও
October 15, 2021 9:42 am
141
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ কমলাদেৱী তোদী স্মৃতি ভৱনত লক্ষ্মীনাথ বেজবৰুৱা ওপজাদিনৰ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় অনুষ্ঠানত অসম সাহিত্য সভাৰ কেইবাটাও বঁটা- সন্মান প্ৰদান কৰা হয় ।

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱাই আঁত ধৰা সন্মান প্ৰদান অনুষ্ঠানত বিশিষ্ট গৱেষক পণ্ডিত ড° নৰেন কলিতাক অসম সাহিত্য সভাৰ ২০১৮-২০ বৰ্ষৰ বিশেষ সন্মান হিচাপে *”প্ৰজ্ঞাভূষণ”* সন্মান প্ৰদান কৰে সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদবচন্দ্ৰ শৰ্মাই ।

এই বঁটাত আছে গামোচা, চেলেং, গ্ৰন্থৰ টোপোলা, স্মাৰক আৰু মানপত্ৰ । অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত অসম সাহিত্য সভাৰ *উত্তৰ আমেৰিকা শাখা সাহিত্য সভা ড° মাইলছ বন্সন বঁটা,২০২০* প্ৰদান কৰা হয় শংকৰী সংস্কৃতিৰ বিশিষ্ট পণ্ডিত তিলকচন্দ্ৰ মজুমদাৰক ।

বঁটা প্ৰদান কৰে সভাপতি ড° কুলধৰ শইকীয়া, প্ৰধান সম্পাদক যাদবচন্দ্ৰ শৰ্মা , নগাঁও জিলা সাহিত্য সভাৰ সভাপতি পৰাণকুমাৰ বৰুৱাই । এই বঁটাত আছে গামোচা ,চেলেং, গ্ৰন্থৰ টোপোলা, স্মাৰক, মানপত্ৰ আৰু দহ হাজাৰ টকাৰ এখন চেক।

অনুষ্ঠানত গোলাঘাট জিলাৰ সাহিত্য সভাৰ বিষয়ববীয়া তথা সাংবাদিক দিগন্তকুমাৰ ভূঞা, কামৰূপ জিলা সাহিত্য সভাৰ সভাপতি নৃপেন্দ্ৰকুমাৰ ভাগৱতীক ২০১৮-২০ বৰ্ষৰ শ্ৰেষ্ঠ সংগঠকৰ বঁটা প্ৰদান কৰা হয় ।

লগতে হোজাই শাখা সাহিত্য সভা, ৰহাৰ সূৰ্যৱতী শাখা সাহিত্য সভা আৰু চিপাঝাৰ শাখা সাহিত্য সভাক ২০১৮-২০ বৰ্ষৰ শ্ৰেষ্ঠ শাখাৰ বঁটা প্ৰদান কৰা হয় ।

উল্লেখযোগ্য যে এই বঁটাসমূহ আছিল ২০১৮-২০ কাৰ্যকালৰ বঁটা । অসম সাহিত্য সভাৰ শুৱালকুছি অধিৱেশনত এই বঁটাকেইটি ঘোষণা কৰা হৈছিল যদিও কোভিডৰ জটিল পৰিস্থিতিৰ কাৰণে প্ৰদান কৰিব পৰা নাছিল অসম সাহিত্য সভাই ।

অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়া আৰু প্ৰধান সম্পাদক যাদবচন্দ্ৰ শৰ্মাই এই বঁটা কেইটি প্ৰদান কৰে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd