Chennai wins 4th IPL title বিজয়া দশমীৰ দিনটোতে মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বাধীন চেন্নাই ছুপাৰ কিংছে কলকাতা নাইট ৰাইডাৰ্ছক ২৭ৰাণত পৰাজিত কৰি চতুৰ্থবাৰৰ বাবে আইপিলৰ চেম্পিয়নৰ খিতাপ দখল কৰে।
নিজৰ ১৯৩ৰাণৰ লক্ষ্য অনুসৰণ কৰি কলকাতা নাইট ৰাইডাৰ্ছৰ অপেনাৰ শুভমন গীল আৰু ভেংকটেশ আয়াৰে আৰম্ভণিটো ভালেই কৰিছিল। প্ৰথম উইকেটৰ যুটীত তেওঁলোকে ৯১ৰাণ যোগ দিয়ে।
অৱশ্যে শূন্য ৰাণতে বেংকটেশ আয়াৰৰ কেচ পেলাই দিছিল মহেন্দ্ৰ সিং ধোনীয়ে।
ইয়াৰ পাছতে বাওঁহতীয়া বেটাৰগৰাকীয়ে মাত্ৰ ৩২ টা বল খেলি ৫টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৫০ৰাণ কৰে। আনগৰাকী অপেনাৰ শুভমন গীলে ৪৩টা বলত কৰে ৫১ৰাণ।
কিন্তু দুয়োগৰাকী অপেনাৰক বাদ দি আন কোনো এগৰাকী কলকাতাৰ বেটাৰে ক্ৰীজত অধিক সময় তিষ্ঠিব নোৱাৰিলে।
বাকী কলকাতাৰ হৈ শিৱম মাভিয়ে ২০ৰাণ কৰাৰ বাহিৰে মৰ্গান, ৰানা, ছাকিবৰ দৰে বেটাৰে দুটা অংকৰ ঘৰো স্পৰ্শ কৰিব নোৱাৰিলে।
চেন্নাইৰ ১৯৩ৰাৰ প্ৰত্যুত্তৰত কলকাতাই তেওঁলোকৰ নিৰ্দিষ্ট ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৬৫ৰাণতে ইনিংছ সামৰে। ফলত ২৭ৰাণত চেন্নাইৰ হাতত পৰাজিত হয় মৰ্গানৰ কলকাতা।
ইপিনে, চেন্নাইৰ বলাৰসকলে সুন্দৰ বলিং প্ৰদৰ্শন আগবঢ়ায়। শাৰ্দুলে তিনিটা আৰু হেজলউড তথা জাডেজাই দুটাকৈ উইকেট দখল কৰে। দীপক চাহাৰে লাভ কৰে এটা উইকেট।
ইয়াৰ পূৰ্বে টছত জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছিল কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক ইয়ান মৰ্গানে। আনহাতে, মহেন্দ্ৰ সিং ধোনীয়ে আন্তৰ্জাতিক ক্ৰিকেটত ৩০০খন মেচত অধিনায়কত্ব কৰাৰ কৃতিত্ব গঢ়ে।
Fantastic FOUR! 🏆 🏆 🏆 🏆
The @msdhoni-led @ChennaiIPL beat #KKR by 27 runs in the #VIVOIPL #Final & clinch their 4⃣th IPL title. 👏 👏 #CSKvKKR
A round of applause for @KKRiders, who are the runners-up of the season. 👍 👍
Scorecard 👉 https://t.co/JOEYUSwYSt pic.twitter.com/PQGanwi3H3
— IndianPremierLeague (@IPL) October 15, 2021
চেন্নাইৰ অপেনিং যুটী ঋতুৰাজ গাইকোৱাড আৰু ডুপ্লেছিছে প্ৰথম উইকেটৰ যুটীত ৬১ৰাণ কৰে। নাৰিনৰ বলত ঋতুৰাজ আউট হোৱাৰ পাছত উত্থাপাই ডুপ্লেছিছক যোগ্য সংগ দিয়ে যদিও ব্যক্তিগত ৩১ৰাণ কৰি উত্থাপা আউট হয়।
ইপিনে, ডুপ্লেছিছে তেওঁৰ ৫৯টা বলৰ ইনিংছটোত ৭টা চাৰি আৰু ৩টা ছয়ৰ সহায়ত ৮৬ৰাণ কৰে। সেইদৰে, মঈন আলীয়ে ৩৭ৰাণ কৰি অপৰাজিত হৈ থাকে। এইদৰে চেন্নাইয়ে নিৰ্দিষ্ট ২০ অভাৰত তিনিটা উইকেট হেৰুৱাই ১৯২ৰাণ কৰে।
কলকাতাৰ হৈ নাৰিনে দুটা আৰু শিৱম মাভিয়ে এটা উইকেট দখল কৰে।