Closedown of all cattle markets গোলাঘাট জিলা প্ৰশাসনে জিলাখনৰ বিভিন্ন ঠাইত থকা সকলো সাপ্তাহিক গৰু-ম’হৰ বজাৰ সাময়িকভাৱে বন্ধ ৰখাৰ নিৰ্দেশ দিছে।
জিলাখনত ক’ভিডৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত আৰু চুবুৰীয়া ৰাজ্যত গৰুৰ দেহত কোনো সংক্ৰামক ৰোগৰ প্ৰাদূৰ্ভাৱ ঘটাৰ প্ৰতি লক্ষ্য ৰাখি জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষই দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ ৰ অধীনত এই নিৰ্দেশ জাৰি কৰিছে।
সেই অনুসৰি এনে সাপ্তাহিক বজাৰসমূহত মানুহ আৰু পশুধনৰ স্বাস্থ্যৰক্ষা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বিভিন্ন দিশ চালি জাৰি চাই উপযুক্ত ব্যৱস্থা গ্ৰহণৰ বাবে পৰামৰ্শ প্ৰদান কৰিব পৰাকৈ এখন সমিতি গঠন কৰা হৈছে।
সমিতিখনক ১৫ দিনৰ ভিতৰত ইয়াৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। প্ৰতিবেদন দাখিল নকৰালৈকে এই বজাৰসমূহ সাময়িকভাৱে বন্ধ থাকিব।
জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ অধ্যক্ষতাত গঠিত সমিতিখনত অতিৰিক্ত উপায়ুক্ত, স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক, জিলা পশু চিকিৎসা বিষয়া আৰু ধনশিৰি আৰু বোকাখাত মহকুমাৰ মহকুমাধিপতি অথবা মহকুমাধিপতিৰ প্ৰতিনিধি সদস্য হিচাপে থাকিব।