• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

PM Modi address to nation টিকাপ্ৰদানৰ অভিলেখ কেৱল এটা সংখ্যা নহয়, বৰঞ্চ ই নতুন ভাৰতৰ সাম্যৰ্থৰ প্ৰতিচ্ছৱি: প্ৰধানমন্ত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 22, 2021 12:03 pm
PM Modi Adress to the Nation
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

PM Modi address to nationদেশজুৰি অভিলেখসংখ্যক ১০০ কোটি ক’ভিড টিকাপ্ৰদান সম্পন্ন হোৱা উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক সম্বোধন কৰে। ২০ মিনিটজোৰা ভাষণটোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে দেশবাসীক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে টিকাপ্ৰদানৰ এই অভিলেখ কেৱল এটা সংখ্যা নহয়, বৰঞ্চ ই নতুন ভাৰতৰ সাম্যৰ্থৰ প্ৰতিচ্ছৱি আৰু নতুন ইতিহাসৰ সূচনা।

ভাৰতত টিকাকৰণ সম্পৰ্কত সমালোচকসকলে তোলা প্ৰশ্নসমূহৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কেতবোৰ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

Apply Now

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁলোকে ভাৰতৰ টিকাকৰণ কাৰ্যসূচীৰ সফলতাৰ সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিছিল, ভাৰতৰ টিকাকৰণৰ স’তে আন দেশৰ তুলনা কৰিবলৈ ধৰিছিল, বিদেশৰ পৰা বহুমূলীয়া ভেকচিন ক্ৰয়ৰ সন্দৰ্ভতো তেওঁলোকে সন্দেহ কৰিছিল। কিন্তু ১০০ কোটি ভেকচিন প্ৰদানে এই সকলো প্ৰশ্নৰ অৱসান ঘটালে।

তেওঁ কয় যে বৰ্তমান বিশ্বত ভাৰতে আগশাৰীৰ ক’ভিড ভেকচিন উৎপাদনকাৰী দেশ হিচাপে স্বীকৃতি লাভ কৰিছে। তদুপৰি বিশ্বৰ বহুকেইখন আগশাৰীৰ দেশত এতিয়াও ভেকচিনৰ প্ৰতি দ্বিধাগ্ৰস্ততা দেখা গৈছে, কিন্তু ভাৰতৰ জনসাধাৰণে এই দ্বিধাগ্ৰস্ততাৰ প্ৰত্যুত্তৰ দিছে।

ভাৰতৰ ভেকচিনেচন প্ৰগ্ৰেম সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু এয়া সমগ্ৰ বিশ্বৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু বুলি তেওঁ উল্লেখ কৰে।

তদুপৰি মহামাৰীৰ প্ৰথমৰ ফালে তেওঁ আহ্বান জনোৱা তালি, থালি বজোৱা আৰু চাকি জ্বলোৱাৰ ওপৰতো প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে।

তেওঁ কয় যে এই পদক্ষেপসমূহক বহুতে সমালোচনা কৰিছিল, কিন্তু এইসমূহৰ দ্বাৰা দেশৰ একতা আৰু সামূহিক শক্তিৰ জাগৰণ দেখা গ’ল।

ভাষণ প্ৰসংগত তেওঁ ‘সবকা সাথ সবকা বিকাশ’ শ্লোগানো আওঁৰায়। তেওঁ কয় যে বিনামূলীয়াকৈ প্ৰদান কৰা এই ক’ভিড ভেকচিনে সমাজৰ সকলো শ্ৰেণীক সামৰি লৈছে। ভেকচিনেচনৰ ক্ষেত্ৰত ভিআইপি সংস্কৃতিয়ে প্ৰাধান্য পোৱা নাই।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত এতিয়া আশাবাদৰ জোৱাৰ উঠিছে। তেওঁ নিজেও চাৰিওফালে কেৱল আশাবাদেই দেখা পাইছে। এইক্ষেত্ৰত প্ৰধানমন্ত্ৰীয়ে ‘মেড ইন ইণ্ডিয়া’ৰ প্ৰসংগো টানি আনে।

ভাষণৰ শেষৰফালে প্ৰধানমন্ত্ৰীয়ে আগন্তুক দেৱালী উৎসৱৰ শুভকামনা জনোৱাৰ লগতে সতৰ্কও কৰে। তেওঁ কয় যে ১০০ কোটি ভেকচিনেচনৰ সফলতাই এইবাৰৰ দেৱালী দেশবাসীৰ বাবে আনন্দপূৰ্ণ কৰি তুলিব। কিন্তু উৎসৱৰ আনন্দৰ মাজতে সকলোৱে যাতে মাস্ক পৰিধান কৰে।

উল্লেখযোগ্য যে বৰ্তমানলৈকে ভাৰতত তিনিবিধ ভেকচিন ব্যৱহাৰ হৈ আছে। সেয়া হৈছে- ক’ভিশ্বিল্ড, ক’ভাক্সিন আৰু ৰাছিয়াত নিৰ্মিত স্পুটনিক ভি। চলিত বৰ্ষৰ ১৬ জানুৱাৰীত প্ৰথমবাৰ ভাৰতত ক’ভিড ভেকচিন প্ৰদান কৰা হৈছিল। তাৰপাছৰ ২৭৮ দিনতে এই ভেকচিনেচন প্ৰ’গ্ৰেমে ১০০ কোটিৰ সীমা চুবলৈ সক্ষম হয়। বৰ্তমানলৈকে দেশৰ ৩০ শতাংশ লোকে দুয়োপালি ভেকচিন লাভ কৰিছে বুলি তথ্যত প্ৰকাশ পাইছে।

অৱশ্যে ১০০ কোটিৰ ক্লাৱত প্ৰৱেশ কৰা দেশৰ ক্ষেত্ৰত ভাৰত দ্বিতীয় স্থানত আছে। ইয়াৰ পূৰ্বে যোৱা জুন মাহত চীনে ১০০ কোটি লোকক ভেকচিন প্ৰদান কৰিবলৈ সম্যৰ্থ হৈছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

আলহীক দেখুৱাবলৈ গুৱাহাটীৰ পকী পথ ফুটাই গছপুলি ৰোপণ! প্ৰশাসনৰ আজব কাণ্ডক লৈ সৰৱ ছাত্ৰ সমাজ আৰু সচেতন মহল

June 20, 2026 9:33 pm
ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

ফ্ৰুটী খাই ব্ৰত ভাঙিবলৈ গৈ ৩৩ বছৰীয়া যুৱকৰ কৰুণ মৃত্যু

June 20, 2026 9:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am
আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

আপোনাৰ বন্ধুৱে আপোনাক ব্যৱহাৰ কৰিছে নেকি? এইদৰে চিনি পাওক প্ৰকৃত স্বৰূপ

June 21, 2026 6:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd