• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Model code of conduct :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ গুৰুতৰ অভিযোগ

প্ৰত্যেক নিৰ্বাচনী প্ৰচাৰত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে মুখ্যমন্ত্ৰীয়ে নিজেই!

কল্পজ্যোতি শইকীয়া, গুৱাহাটী by কল্পজ্যোতি শইকীয়া, গুৱাহাটী
October 23, 2021 4:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

থাওৰা আৰু মৰিয়নি সমষ্টিৰ নিৰ্বাচনী সভাত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ কৰিলে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে।

সেয়েহে, নিৰ্বাচনী আয়োগলৈ এই বিষয়ত স্মাৰক পত্ৰ প্ৰদান কৰিছে প্ৰদেশ কংগ্রেছে।

উল্লেখযোগ্য যে, মৰিয়নিত প্ৰতিখন চাহ বাগিচাত ১কোটি টকা দিয়াৰ ঘোষণা কৰিছিল মুখ্যমন্ত্রীয়ে।

থাওৰাত মেডিকেল কলেজ আৰু দলং নিৰ্মাণৰ কথাও ঘোষণা কৰিছিল । ভৱানীপুৰত হিতাধিকাৰীক ৰাজহুৱা সভাত আবাস গৃহ নিৰ্মাণৰ কথা ঘোষণা কৰিছিল ।

Apply Now

কংগ্ৰেছৰ মতে “মৰিয়নি সমষ্টিৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত সমষ্টিটোৰ অন্তৰ্গত ৪০ খন চাহ বাগিচাৰ বাবে কেতবোৰ ঘোষণা কৰিছে। ৪০ খন বাগিচাৰ প্ৰতিখন বাগিচাৰ বাবে ১ কোটি টকাৰ পেকেজেৰে সৰ্বমুঠ ৪০ কোটি টকা আবন্টনেৰে চাহ বাগিচা সমূহৰ পথ উন্নয়নৰ ঘোষণা কৰিছে।

“তেখেতে এইটোও প্ৰতিশ্ৰুতি দিছে যে উক্ত চাহ বাগিচা সমূহ জল জীৱন মিছনৰ অধীনলৈ আনি পানী যোগানৰ ব্যৱস্থা কৰি দিব। ডঃ শৰ্মাই ঘোষণা কৰিছে যে চাহ বাগিচাত ১০ খন নতুন উচ্চ বিদ্যালয় নিৰ্মাণ কৰিব।

ডঃ শৰ্মাই লগতে প্ৰতিশ্ৰুতি দিছে যে চাহ বাগিচাৰ আত্ম সহায়ক গোট আৰু চাহ বাগিচাৰ মহিলা শ্ৰমিক সকলক আৰ্থিক সাহায্য আগবঢ়াব।

লগতে তেখেতে এইটোও ঘোষণা কৰিছে যে অসংগঠিত চাহ শ্ৰমিক সকলক MGNREGA আঁচনিৰ অন্তৰ্ভুক্ত কৰি MGNREGA ৰ কাৰ্ড দিয়া হ’ব। চিকিৎসা মহাবিদ্যালয় সমূহত ৰোগীৰ পৰিচাৰক সকলৰ থকা ব্যৱস্থাৰ বাবে গেষ্ট হাউচ নিৰ্মাণ কৰা হ’ব।” স্মাৰক পত্ৰত উল্লেখ কৰে প্ৰদেশ কংগ্ৰেছে।

ইয়াৰোপৰি, ভৱানীপুৰ সমষ্টিৰ এখন নিৰ্বাচনী সভাত এগৰাকী ব্যক্তিলৈ আঙুলিয়াই তেওঁক PMAY আঁচনিৰ গৃহ দিয়া হব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল।

Latest news : Assam youth missing: বহিঃৰাজ্যলৈ কাম বিচাৰি গৈ সন্ধানহীন লাওখোৱাৰ যুৱক

আমি সকলোৱে জানো যে সামাজিক-অৰ্থনৈতিক দিশৰ ওপৰত ভিত্তি কৰি পঞ্চায়তৰ অধীনৰ গাঁও সভাৰ অনুমোদন অনুসৰি প্ৰাপ্য সকলো ব্যক্তিকে PMAY আঁচনিৰ গৃহ নিৰ্মাণ কৰি দিয়াটো চৰকাৰ খনৰ নিয়ম।

মুখ্যমন্ত্ৰী গৰাকীয়ে এনেয়ে যিকোনো ব্যক্তিক গৃহ দিয়াৰ বাবে অনুমোদন দিব নোৱাৰে। এনেকুৱা ক্ষেত্ৰত মুখ্যমন্ত্ৰী গৰাকীয়ে চৰকাৰী নিয়ম উলংঘা কৰিব নোৱাৰে। তেখেতে মানুহৰ বিশ্বাস আদায় কৰাৰ স্বাৰ্থত নিৰ্বাচনী বিধি উলংঘা কৰি যাকে তাকে ঘৰ দিম বুলি কৈ নিজৰ এক বিশেষ ভাৱমূৰ্তি তৈয়াৰ কৰিব বিচাৰিছে।

থাওৰা সমষ্টিৰ ৫ খন নিৰ্বাচনী সভাত ডঃ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা মহাবিদ্যালয় এখন নিৰ্মাণ কৰাৰ ঘোষণা কৰিছে আৰু দুখন নদীৰ ওপৰত দুখন দলং নিৰ্মাণৰ ঘোষণা কৰি নিৰ্বাচনী বিধি উলংঘা কৰিছে।
মুখ্যমন্ত্ৰী গৰাকীয়ে নিৰ্বাচনী সভা সমূহত বাৰে বাৰে মন্তব্য ৰাখি আহিছে যে এটা বিধানসভা সমষ্টিৰ উন্নতিৰ বাবে বিধায়ক জন শাসকীয় পক্ষৰ হোৱাটো জৰুৰী।

তেখেতে লগতে ঘোষণা কৰিছে যে বিৰোধী দলৰ যদি কোনোবা বিধায়কে বিজেপি দলত যোগদান কৰে তেন্তে সেই নির্দিষ্ট সমষ্টিৰ উন্নয়নৰ বাবে ২০০০ কৌটি টকীয়া পেকেজ দিয়া হ’ব। সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়াই কংগ্রেছৰ দলৰ প্ৰাৰ্থী হিচাপে যোৱা নিৰ্বাচনত জয় হোৱাৰ পিছত কংগ্রেছ দলৰ পৰা পদত্যাগ কৰি এইবাৰ বিজেপি প্ৰাৰ্থী হিচাপে উপ নিৰ্বাচনত অৱতীৰ্ণ হৈছে।

Latest news : Matchboxes will be costlier: ১৪ বছৰৰ পিছত ১ ডিচেম্বৰৰ পৰা দাম বৃদ্ধি পাব দিয়াচলাইৰো, কিমান হব দাম?

যিহেতু সুশান্ত বুঢ়াগোহাঁই ডাঙৰীয়াই বিৰোধী দলৰ পৰা শাসকীয় দলত যোগদান কৰিছে অনাগত দিনত সমষ্টিটোৰ উন্নয়ন অধিক কৰিব পাৰিব বুলি মন্তব্য ৰাখে। এইটোৱেই দেশৰ সংবিধান সম্পূৰ্ণৰূপে উলংঘা কৰিছে।
এগৰাকী বিধায়ক শাসকীয় দল নতুবা বিৰোধী দলৰ নহওক কিয় তেখেত সকলৰ সমষ্টি উন্নয়নৰ পুঁজি আবন্টন পোৱাটো অধিকাৰ। তেখেত সকলৰ প্ৰাপ্য কোনেও বাধা দি ৰাখিব নোৱাৰে।

মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টকৈ কৈছে যে শাসকীয় দলত নাথাকিলে কোনো বিধায়কে সমষ্টিৰ উন্নয়ন কৰিব নোৱাৰে।

ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী গৰাকীয়ে জনসাধাৰণক মুকলিকৈ সকীয়াই দিছে যে যদিহে তেওঁলোকে শাসকীয় দলৰ প্ৰাৰ্থীক ভোট নিদিয়ে, তেওঁলোক সকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হ’ব। এক এনেকুৱা মানসিকতা তৈয়াৰ কৰিব বিচাৰিছে যে অনাগত ভৱিষ্যতত বিৰোধীৰ ভূমিকা নোহোৱা কৰি দেশৰ সংবিধান একেবাৰে ধ্বংস কৰি পেলাব। এনেকৈয়ে বিৰোধীৰ ভূমিকাত নস্যাৎ কৰি একানায়ত্ববাদ প্ৰতিষ্ঠা কৰিব বিচাৰিছে আৰু ভাৰতবর্ষৰ গণতন্ত্ৰ বিপদাপন্ন কৰি তুলিব বিচাৰিছে।

ওপৰত উল্লেখ কৰা বিষয় কেইটাই স্পষ্ট কৰিছে যে মুখ্যমন্ত্ৰী গৰাকীয়ে ভাৰতীয় সংসদীয় ব্যৱস্থা, ভাৰতীয় নিৰ্বাচনী ব্যৱস্থা আৰু ভাৰতবৰ্ষৰ সংবিধানৰ সন্মান লাঘৱ কৰিছে। এনেকুৱা বক্তব্য এগৰাকী মুখ্যমন্ত্ৰীৰ মুখত কেতিয়াও শোভা নাপায়, কাৰণ কেৱল তেখেতক ভোট দি জয়ী কৰা সকলৰ মুখ্যমন্ত্ৰী নহয়, তেখেত সমগ্ৰ অসমৰ জনসাধাৰণৰ মুখ্যমন্ত্ৰী।
কংগ্ৰেছৰ মতে “ৰাজ্যখনৰ সাংবিধানিক মুৰব্বীৰ পদত অধিষ্ঠিত মুখ্যমন্ত্ৰী গৰাকীৰ এই বক্তব্য সমূহে সংবিধান প্ৰদত্ত নীতি-নিয়মক চূড়ান্ত অসন্মান, অৱজ্ঞা আৰু উপেক্ষা কৰিছে।

নিৰ্বাচনী বিধি উলংঘা কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দাঙি ধৰা মন্তব্যক অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে তীব্ৰ গৰিহণা দিছে।

Also read : বৃক্কৰ জটিল ৰোগত আক্রান্ত অনাতাঁৰ শিল্পী কাকজানৰ থুনুমনি দত্ত; সহায়ৰ আহ্বান পৰিয়ালৰ

অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে দাবী জনাই কয় “নিৰ্বাচনী আয়োগে নিৰ্বাচনী বিধি উলংঘা কৰাৰ অপৰাধত বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু উপনিৰ্বাচনলৈ বাকী থকা দিন সমূহত নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিষেধাজ্ঞা জাৰি কৰিব লাগে। “

অসম প্ৰদেশ কংগ্রেছ কমিটিয়ে আশা কৰে যে, যিহেতু মহামান্য নিৰ্বাচনী আয়োগ এক সম্পূৰ্ণ স্বতন্ত্ৰ আৰু নিৰপেক্ষ ব্যৱস্থা আৰু এই ব্যৱস্থাই ভাৰতবৰ্ষই গৌৰৱেৰে প্ৰতিষ্ঠিত হৈ থাকিবলৈ দেশৰ সাংবিধানিক প্ৰমূল্য ৰক্ষা কৰিব আৰু নিৰ্বাচনী বিধি উলংঘা কৰা কাৰ্যৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিব।

কংগ্ৰেছৰ মতে “এই ঘোষণা নিৰ্বাচনী আচৰণ বিধিৰ পৰিপন্থী।

প্ৰশ্ন হয় “ব্যৱস্থা গ্ৰহণ হ’ব নে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে? সাহস হ’ব নে নিৰ্বাচন আয়োগৰ?

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

কল্পজ্যোতি শইকীয়া, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd