যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ কাকজান বনগাঁও নিবাসী থুনুমনি দত্ত আজি পাঁচ বছৰে বৃক্কৰ জটিল ৰোগত আক্রান্ত হৈ আছে। তেওঁ পূব যোৰহাট প্ৰেছ ক্লাৱৰ প্ৰাক্তন সভাপতি তথা আমাৰ অসম কাকতৰ কাকজানৰ জেষ্ঠ সাংবাদিক দিলীপ দত্তৰ সহধৰ্মিনী।
ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ শিল্পী থুনুমনি দত্ত লোক বাদ্যৰ লগতে বৰগীত বিশাৰদত নিজস্ব প্ৰতিভাৰে ১৯৯৬-৯৭চনতে স্বীকৃতি লাভ কৰি প্ৰতিভাৰ চিনাকি দিছিল।
উল্লেখ্য যে এই গৰাকী মহিলা শিল্পীয়ে বৰ্তমান বৃক্কৰ এক জটিল ৰোগত আক্রান্ত হৈ যোৰহাট খ্ৰীষ্টান মিছনেৰী হস্পিটেলত আই চি ইউত চিকিৎসাধীন হৈ আছে।
পৰিয়ালৰ তৰফৰ পৰা বহু চিকিৎসা কৰিছে যদিও সুফল পোৱা নাই মহিলা শিল্পী গৰাকীয়ে। দীৰ্ঘদিন চিকিৎসা কৰি এতিয়া দিশহাৰা হৈ পৰিছে দুৰ্ভগীয়া পৰিয়ালটি।
দুগৰাকী উচ্চ শিক্ষিত কন্যাসহ জীৱন নিৰ্বাহ কৰা পৰিয়ালটিত এতিয়া আৰ্থিক সমস্যাৰ দেখা দিছে।
এই গৰাকী শিল্পীয়ে বৰগীতত বিশাৰদ ডিগ্ৰী লোৱাৰ উপৰিও এটা সময়ত সংগীতত বহু সন্মানৰ অধিকাৰী আছিল।
বৰ্তমানে এই মহিলা শিল্পী গৰাকী বৃক্কৰ সংস্থাপনৰ বাবে বহু পৰিমাণে ধনৰ আৱশ্যক হৈছে।
কোনো সু-হৃদয়ৱান ব্যক্তি তথা দল-সংগঠনে সহায় আগবঢ়াব বিচাৰিলে ভাৰতীয় মেলেং ফেঁচুৱালস্থিত ষ্টেট বেংক একাউণ্ট No-34518032591 IFSC NO – SBINo-0009436 অথবা যোগাযোগ কৰিব বিচাৰিলে 9101653892 নম্বৰত পৰিয়ালৰ লগত যোগাযোগ কৰিব পাৰিব।