Chinese village in Arunachal Pradesh চীনৰ আগ্ৰাসনক লৈ পুনৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী অঞ্চলত এখন গাঁও পাতি পেলাইছে চীনে। মাৰ্কিন প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য।
ভাৰত আৰু চীনৰ মাজত ইয়াকে লৈ আকৌ এবাৰ সম্পৰ্কৰ অৱনতি ঘটাৰ আশংকা প্ৰকাশ কৰিছে আমেৰিকাই।
বিডেন প্রশাসনৰ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ৰ বাৰ্ষিক প্ৰতিবেদনত চীনৰ সামৰিক প্ৰস্তুতি তথা ভূমি আগ্ৰাসনৰ বিষয়ে বিতং ব্যাখ্যা আগবঢ়োৱা হৈছে। এই প্ৰতিবেদন শীঘ্ৰেই মাৰ্কিন কংগ্ৰেছত জমা কৰা হ’ব।
প্ৰতিবেদন অনুসৰি, কেবল অৰুণাচলতে নহয়, তিব্বতৰ অংশও দখল কৰাৰ চেষ্টা চলাইছে চীনে।
প্ৰতিবেদনত উল্লেখ কৰা মতে ২০২০চনৰ কোনো এটা সময়ত অৰুণাচলত গাওঁখন নিৰ্মাণ কৰা হৈছে। গাঁওখনত কমেও ১০০টা ঘৰ আছে।
মাৰ্কিন প্ৰতিবেদন মতে গাওঁখন অসামৰিক কামকাজত ব্যৱহাৰ কৰা হৈছে। অৰুণাচলৰ সোৱণশিৰি জিলাত ছাৰি চু নদীৰ পাৰত চীনে গাওঁখন নিৰ্মাণ কৰিছে।
সূত্ৰসমূহৰ মতে এতিয়াও তাত উন্নয়নৰ কাম চলি আছে। অঞ্চলটোত বহুদিন ধৰি এটা চীনৰ চেকপ’ষ্ট আছিল বুলি কোৱা হৈছে।
চীনে এইদৰে অৰুণাচলত সামৰিক সংঘাত অব্যাহত ৰখাৰ মাজতে গাওঁপাতি বহাৰ ঘটনাই স্বাভাৱিকতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।