সাম্প্ৰতিক বিত্তীয় অৱস্থা তথা মূল্যবৃদ্ধিয়ে দেশক জুৰুলা কৰিলেও শাসকীয় দলৰ ৰাজনেতাক স্পৰ্শ নকৰে এই পৰিস্থিতিয়ে। ক্ষমতা আহৰণৰ আকাঙ্খাত ৰাজহুৱা পুঁজিৰ অবাধ ব্যয়ৰ বাবে সাজু ৰাজনেতাসকল।
মধ্য প্ৰদেশত ১৫ নৱেম্বৰত বিৰচা মুণ্ডাৰ স্মৃতিত ‘জনজাতীয় গৌৰৱ দিৱস’ উদযাপন কৰা হ’ব। এই উপলক্ষে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ভূপালৰ জাম্বুৰি ময়দানত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। চৰকাৰী সূত্ৰঅনুসৰি, অনুষ্ঠানটোত মাত্ৰ ডেৰ ঘণ্টাৰ ভিতৰতে ২৩ কোটি টকাতকৈও অধিক টকা ব্যয় হ’ব।
মধ্য প্ৰদেশৰ বিভিন্ন প্ৰান্তৰ পৰা দুই লাখ জনজাতীয় লোকক জাম্বুৰি ময়দানত অনুষ্ঠানটোলৈ অনা হ’ব। সমগ্ৰ ময়দানখন জনজাতীয় ব্যক্তিত্বৰ ছবিৰে সজোৱা হ’ব। মধ্য প্ৰদেশৰ দৰে কেন্দ্ৰইও ১৫ ৰ পৰা ২২ নৱেম্বৰৰ ভিতৰত জনজাতীয় যোদ্ধাসকলক সন্মান জনোৱাৰ বাবে বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে।
প্ৰধানমন্ত্ৰী মোদী চাৰি ঘণ্টাৰ বাবে ভূপালত থাকিব।’জনজাতীয় গৌৰৱ দিৱস’ অনুষ্ঠানটোত ডেৰ ঘণ্টাৰ বাবে মঞ্চত থাকিব মোদী। মোদীয়ে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্বত নিৰ্মাণ কৰা দেশৰ প্ৰথমখন ষ্টেচন হাবিবগঞ্জ ৰে’ল ষ্টেচনও উদ্বোধন কৰিব।
তেওঁৰ আগমনৰ বাবে জাকজমকতাৰে সজোৱা হৈছে অনুষ্ঠান অনুষ্ঠিত হ’বলগীয়া মঞ্চগৃহ। ৩০০ তকৈও অধিক শ্ৰমিকে এসপ্তাহ ধৰি মঞ্চগৃহ নিৰ্মাণৰ কাম কৰি আছে।
চৰকাৰী সূত্ৰঅনুসৰি, মধ্য প্ৰদেশ চৰকাৰে অনুষ্ঠানটোৰ বাবে ২৩ কোটি টকাতকৈও অধিক ব্যয় কৰিছে। ইয়াৰ ভিতৰত ১২ কোটি টকা কেৱল মানুহক অনুষ্ঠানটোলৈ অনাৰ বাবে ব্যয় কৰা হ’ব। অনুষ্ঠানলৈ অহা লোকসকলৰ ভ্ৰমণ, খাদ্য আৰু বাসস্থানৰ নামত এই ধনৰাশি ব্যয় হ’ব। অনুষ্ঠানটোৰ তম্বু, ইয়াৰ প্ৰচাৰৰ নামত ব্যয় হৈছে ৯ কোটি টকা।
মধ্য প্ৰদেশত জনজাতীয় লোকৰ আধিপত্য থকা ৪৭ খন বিধানসভা আসন আছে। ২০০৯ চনত এই ৪৭ খন আসনৰ ভিতৰত বিজেপিয়ে ২৯ খন আসন লাভ কৰিছিল। ২০১৩ চনত ই ৩১ লৈ বৃদ্ধি পাইছিল। কিন্তু ২০১৮ চনত বিজেপিৰ আসন ১৬ লৈ হ্ৰাস হৈছিল।
এই বাবেই জনজাতীয় ভোটাৰক আকৃষ্ট কৰিবৰ বাবে এনে বৃহৎ পুঁজি ব্যয়েৰে জাক-জমকতাৰে এই অনুষ্ঠান আয়োজন কৰিছে শাসকীয় বিজেপি দলে।