• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বঙাইগাঁও শোধনাগাৰ সম্প্ৰসাৰণৰ বাবে চৰকাৰে বিচাৰি আছে এহেজাৰ বিঘা মাটি,কিন্তু পাইছেনে বিচাৰি?

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 18, 2021 6:42 am
253
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে বঙাইগাঁও শোধনাগাৰৰ সম্প্ৰসাৰণ আৰু বিটিআৰত হিন্দুস্থান পেট্ৰোলিয়ামৰ এটি ৰিজাৰ্ভাৰ স্থাপনৰ প্ৰক্ৰিয়া অব্যাহত থকাৰ কথা প্ৰকাশ কৰি ইয়াৰ বাবে প্ৰয়োজনীয় মাটি বিচাৰি নোপোৱাৰ বাবে কাম আগবঢ়া নাই বুলি মন্তব্য কৰিছে ৷

বঙাইগাঁও পৰিভ্ৰমণলৈ অহা মন্ত্ৰী তেলীয়ে সংবাদ মাধ্যমৰ প্ৰতিনিধিৰ সৈতে হোৱা বাৰ্তালাপত কয় যে বঙাইগাঁও শোধনাগাৰৰ সম্প্ৰসাৰণৰ বাবে এহেজাৰ বিঘা মাটিৰ প্ৰয়োজন যদিও মাটিখিনি অদ্যাপি পোৱা নাই ৷

ইতিমধ্যে বি টি আৰ প্ৰমুখ প্ৰমোদ বড়ো, বিজিআৰ আৰু চিৰাং জিলা প্ৰশাসনৰ বৈঠক অনুষ্ঠিত হৈছে আৰু শীঘ্ৰেই মাটিখিনি পাব বুলি প্ৰকাশ কৰে৷

বিটিআৰ প্ৰমুখ প্ৰমোদ বড়োই এই সন্দৰ্ভত কথা দিয়া বুলিও কয় ৷ আনহাতে বিটিআৰত হিন্দুস্থান পেট্ৰলিয়ামৰ এটি ৰিজাৰ্ভাৰ স্থাপনৰ প্ৰক্ৰিয়া অব্যাহত আছে আৰু তাৰ বাবেও দুশ বিঘা মাটিৰ প্ৰয়োজন হ’ব বুলি মন্তব্য কৰি মন্ত্ৰী তেলীয়ে ডাংতলত ক্ষেত্ৰ পৰিদৰ্শন কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷

ইপিনে পেট্ৰ’ল- ডিজেলৰ মূল্যবৃদ্ধি হ্ৰাস হ’ব নেকি আৰু বিৰোধীয়ে চৰকাৰে ১২ টকা হ্ৰাস কৰি ৩০ টকা বঢ়াই দিয়া বুলি কৰা মন্তব্য সম্পৰ্কত মন্ত্ৰী গৰাকীক সাংবাদিকে সোধাত কয় যে মহাৰাষ্ট্ৰ,পশ্চিমবংগ , ৰাজস্থান আদি বিৰোধী দলৰ দখলত থকা ৰাজ্যত প্ৰথমে পেট্ৰ’ল – ডিজেলৰ ওপৰত থকা ৰাজ্যৰ কৰ হ্ৰাস কৰক ৷ তাৰ পিছত আমি বুলি উত্তৰ দিম ৷

মন্ত্ৰীগৰাকীয়ে বঙাইগাঁও শোধনাগাৰত ‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি চিৰাং আৰু বঙাইগাঁও জিলাৰ সাংবাদিক, শিক্ষাবিদ, খেলুৱৈ, স্বাস্থ্য কৰ্মী, চিকিৎসক, সমাজকৰ্মী, কৃষি আদি বিভিন্ন ক্ষেত্ৰৰ সৈতে জড়িত হৈ সমাজলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ৭৫ গৰাকী ব্যক্তিক সম্বৰ্ধনা জনায় ৷

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd