• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক্ৰিকেট কেৰিয়াৰ সামৰিলে Mr. 360 এবি ডে ভিলিয়াৰ্চে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2021 4:12 pm
AB de Villiers Announces His Retirement "From All Cricket"
171
VIEWS
Share on FacebookShare on Twitter

আধুনিক ক্ৰিকেট জগতৰ আটাইতকৈ আক্ৰমণাত্মক খেলুৱৈ সকলৰ অন্যতম, ক্ৰিকেট জগতত Mr. 360 হিচাপে পৰিচিত দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেটাৰ এবি ডে ভিলিয়াৰ্চে সকলো প্ৰকাৰৰ ক্ৰিকেটৰ পৰা আজি অৱসৰ ঘোষণা কৰিছে।

টুইটাৰ যোগে অৱসৰৰ কথা সদৰী কৰি ক্ৰিকেটাৰ গৰাকীয়ে কয়, “মই সকলো ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছো। এইটো এটা অবিশ্বাস্য যাত্ৰা আছিল। মোৰ জেষ্ঠ ভাতৃ সকলৰ সৈতে চোতালত খেলাৰ পৰা মই বিশুদ্ধ উপভোগ আৰু নিয়ন্ত্ৰণহীন উৎসাহেৰে ক্ৰিকেট খেলিছো। এতিয়া ৩৭ বছৰ বয়সত সেই ধাৰাটো আৰু উজ্জ্বলভাৱে অব্যাহত নাথাকে।”

“ক্ৰিকেট মোৰ প্ৰতি অসাধাৰণ দয়ালু” বুলি উল্লেখ কৰি ভিলিয়াৰ্চে কয়, “টাইটানছ, প্ৰটিয়া, আৰচিবি, বা সমগ্ৰ বিশ্বতেই হওক, ক্ৰিকেটে মোক অকল্পিত অভিজ্ঞতা আৰু সুযোগ প্ৰদান কৰিছে আৰু মই সদায় কৃতজ্ঞ হৈ থাকিম।”

 

It has been an incredible journey, but I have decided to retire from all cricket.

Ever since the back yard matches with my older brothers, I have played the game with pure enjoyment and unbridled enthusiasm. Now, at the age of 37, that flame no longer burns so brightly. pic.twitter.com/W1Z41wFeli

— AB de Villiers (@ABdeVilliers17) November 19, 2021

তেওঁৰ কেৰিয়াৰত পৰিয়ালৰ ত্যাগৰ কথা স্বীকাৰ কৰি ভিলিয়াৰ্চে ক্ৰিকেট জীৱনৰ প্ৰতিজন সতীৰ্থ, প্ৰতিজন প্ৰতিদ্বন্দী, প্ৰতিজন প্ৰশিক্ষক, প্ৰতিজন ফিজিঅ’ আৰু ক্ৰিকেটৰ লগত জড়িত প্ৰতিজন কৰ্মচাৰীক ধন্যবাদ জনায় আৰু ক্ৰিকেট অনুৰাগীৰ দ্বাৰ লাভ কৰা সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

উল্লেখ্য যে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ দল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ এজন গুৰুত্বপূৰ্ণ সদস্য ডে ভিলিয়াৰ্চে দলটোৰ হৈ ১৮৪ খন আই পি এল খেলত অংশগ্ৰহণ কৰিছিল।

ভিলিয়াৰ্ছে আই পি এলত সৰ্বকালৰ ৰাণ সংগ্ৰহকাৰীৰ তালিকাত ৩৯.৭০ গড়ে ১৮৪ খন খেলত ৫,১৬২ ৰাণ সংগ্ৰহ কৰি ষষ্ঠ স্থানত আছে।

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন বেটাৰজনে বিশ্বৰ বিভিন্ন লীগত ৩৪০ খন টি-২০ খেলত অংশগ্ৰহণ কৰিছিল।

অৱশ্যে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা ডে ভিলিয়াৰ্চে ২০১৮ চনৰ মে’ মাহতে অৱসৰ লৈছিল। দক্ষিণ আফ্ৰিকাৰ হৈ খেলুৱৈজনে ১১৪ খন টেষ্ট, ২২৮ খন এদিনীয়া আৰু ৭৮ খন টি-২০ খেলত অংশগ্ৰহণ কৰিছিল।

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd