• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী মহোদয়, আমি মানুহ নহয় নেকি? হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন অংগনৱাড়ী কৰ্মী আৰু সহায়িকাৰ

'পৰিপূৰক পুষ্টিকৰ খাদ্যৰ নামত মকৰা জাল বন্ধা চাউল আৰু পোকে ধৰা মটৰ দি চৰকাৰে জয় ঢোল কোৱাই আছে' , বঞ্চনাৰ প্ৰতিবাদত ২৩ নৱেম্বৰত গুৱাহাটীত বিক্ষোভ কাৰ্যসূচী

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 22, 2021 6:46 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বৰ্তমান দুখ আৰু দুৰ্গতিৰ সীমা নোহোৱা হৈছে ৷ দিনৰ দিনটো কাম কৰি কৰি আহৰি নোপোৱা হৈছো ৷ তথাপিতো কিন্তু আমাৰ দাবী চৰকাৰে মানি নলয় ৷ আনকি বঙাইগাঁওলৈ আহিবলগীয়া মুখ্যমন্ত্ৰীকো আমাক সাক্ষাৎ কৰিব নিদিয়ে ৷ এই মন্তব্য অসম ৰাজ্যিক অংগনৱাড়ী কৰ্মী-সহায়িকা সন্থাৰ সভানেত্ৰী জয়মতী দাসৰ ৷
শনিবাৰে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবত বঙাইগাঁও জিলা অংগনৱাড়ী কৰ্মী – সহায়িকা সন্থাই আয়োজন কৰা এখন সংবাদ মেলত উপস্থিত থাকি সন্থাৰ ৰাজ্যিক সভানেত্ৰীগৰাকীয়ে এইদৰে কয় ৷

উল্লেখ্য যে জিলা সমিতিয়ে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদানৰ বাবে জিলা প্ৰশাসন আৰু বিধায়কৰ ওচৰত আবেদন কৰিও সাক্ষাতৰ বাবে জনোৱা আবেদন অগ্ৰাহ্য কৰা বুলি জনোৱাত শেষত এই সংবাদ মেলৰ আয়োজন কৰে ।
সংবাদ মেলত সন্থাৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাসে কয় যে ১৯৭২ চনতে কেন্দ্ৰীয় চৰকাৰৰ এই আঁচনিখনৰ জন্ম হৈছিল৷ তেতিয়া ১২৫ টকা মাননীৰে পূৰ্বৰ চামে নিযুক্তি পাই ছয়টা সেৱাৰে ৰাইজৰ সেৱা কৰি আছিল ৷

Apply Now

এই সেৱা ছয়টা শিশু আৰু মাতৃসকলকলৈয়ে আছিল ৷ কিন্তু দিনক দিনে আমাৰ ওপৰত কামৰ বোজা বাঢ়ি গৈ আছে ৷ কাম কৰি কৰি আমি ভাগৰি পৰিছো যদিও কাম অনুপাতে আমাক যিখিনি মাননী দি আছে সেইখিনিৰে চলাতো সম্ভৱ নহয় ৷
সেয়ে আমাক চৰকাৰী কৰ্মচাৰীৰ মৰ্যদা দিয়ক ৷ যেতিয়ালৈকে আমাক কৰ্মচাৰীৰ মৰ্যদা দিব নোৱাৰে তেতিয়ালৈকে ২১ হেজাৰ টকাকৈ মজুৰী দিবলৈ দাবী জনাইছো ৷

কিন্তু চৰকাৰে সেইখিনিও কৰিব নোৱাৰে ৷ তাৰোপৰি ৬০ বছৰ হোৱাৰ হোৱাৰ লগে লগে আমাৰ কৰ্মী – সহায়িকাসকলক এনেই কামৰ পৰা অৱসৰ দিয়ে ৷ কোনো টকা – পইচা নিদিয়াকৈ ৷ এগৰাকী কৰ্মী বা সহায়িকাই ৩০ ৰ পৰা ৩৫ বছৰ কাম কৰি ৬০ বছৰ হোৱাৰ লগে লগে খালী হাতে কামৰ পৰা আতৰি যাবলগীয়া হৈছে ৷ তাৰ মাজতো কোনোবাই কোনোবাই টকাৰ অভাৱত থৰক বৰক অৱস্থাৰেও কাম কৰি আছে ৷ এনেকৈ কাম কৰি কৰি কৰ্মী – সহায়িকাসকলে অতিষ্ঠ হৈ পৰিছে৷
সেয়ে আমি চৰকাৰৰ ওচৰত দাবী জনাইছো যে যিহেতু আমাক মাননীৰ সলনি মজুৰীও দিয়া নাই ,গতিকে ৬০ বছৰ বয়সত কামৰ পৰা বাদ দিয়া কৰ্মীসকলক এককালীনভাৱে ৫ লাখ টকা দিয়ক আৰু সহায়িকাসকলক ৩ লাখ ৫০ হেজাৰ টকা প্ৰদান কৰক ৷

কিন্তু এই দাবী মানি লোৱা নাই চৰকাৰে ৷ ইপিনে সমাজ কল্যাণ মন্ত্ৰীয়ে কিছুদিন পূৰ্বে অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী- সহায়িকাসকলে বিভাগীয় কাৰ্যালয়ৰ পৰা যি চাউল , দাইল আদিকে ধৰি সামগ্ৰীসমূহ পায় সেইবোৰ তেওঁলোকে ঘৰত নিব নোৱাৰিব বুলি কৰা মন্তব্য সন্দৰ্ভত কয় যে খোদ অসমৰ ৰাজধানী গুৱাহাটীতে বহু অংগনৱাড়ী কৰ্মী – সহায়িকাই কেন্দ্ৰ নথকাৰ বাবে নিজৰ ঘৰৰ বাৰাণ্ডা আৰু ড্ৰয়িং ৰূমত কেন্দ্ৰ চলাবলগীয়া হৈছে কেন্দ্ৰৰ অভাৱত ৷

চৰকাৰে এতিয়াও অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণ কৰি দিব পৰা নাই ৷ তেনেস্থলত কৰ্মী- সহায়িকাসকলে বস্তুবিলাক ঘৰত নাৰাখি ৰাজপথত ৰাখিব নেকি বুলি প্ৰশ্ন উত্থাপন কৰে ৷ এয়াই চৰকাৰৰ কথা ৷ কেন্দ্ৰ নথকাৰ বাবে আমাৰ কষ্ট হৈছে আৰু নথি পত্ৰ আদি ৰখাৰ ঠাই নাই , নাই কোনো আলমিৰা ৷ ফলত ঘৰত ৰাখিবলগীয়া হয় ৷ বঙাইগাঁও জিলাত ১১ শ কেন্দ্ৰ আছে যদিও ইয়াৰ ভিতৰত ৮০০ শ মান কেন্দ্ৰৰে অৱস্থা জৰাজীৰ্ণ আৰু বহু কেন্দ্ৰই নাই ৷ অ’ত ত’ত চলি আছে ৷ এইবাৰ বাজেটত বিত্ত তথা সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগে অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে ধন ধাৰ্য কৰিছে যদিও এতিয়াও একো হৈ উঠা নাই ৷

সেইদৰে চৰকাৰে দিয়া খাদ্য সামগ্ৰীকলৈও এখন নাটক চলি আছে বুলি মন্তব্য কৰি সম্পাদিকা গৰাকীয়ে কয় যে ছয় মাহৰ পৰা তিনি বছৰীয়া শিশুক অংগনৱাড়ী কৰ্মী- সহায়িকাসকলে ঘৰে ঘৰে গৈ ৰেচন দিব লাগে৷

কিন্তু ৰেচনৰ নামত যিখিনি খাদ্য আহে সেইখিনিও সিমান খাবৰ যোগ্য নহয় ৷ মটৰ আৰু চাউল দিয়ে ৷ চাউলত কেতিয়াবা মকৰাৰ জাল বান্ধি থাকে আৰু মটৰবোৰ গোটেই পোকে খোৱা৷

কিন্তু চৰকাৰে জয় ঢোল বজাই আছে যে আমি পৰিপূৰক পুষ্টিকৰ খাদ্য দি আছো, কিন্তু অংগনৱাড়ী কৰ্মী- সহায়িকাসকলে খাই আছে ৷ সেই ফুটা মটৰ , মকৰাই জাল বন্ধা চাউল যেতিয়া বিলাব যাও তেতিয়া আমি ৰাইজৰ কিমান কথা শুনিব লাগে বিভাগীয় বিষয়াসকলে গম নেপায় ৷ এয়াই চৰকাৰৰ পৰিপূৰক পুষ্টিকৰ খাদ্যৰ নমুনা ৷

সম্পাদিকাগৰাকীয়ে আৰু কয় যে ক’ভিড কালৰ সময়চোৱাত অংগনৱাড়ী কৰ্মী- সহায়িকাসকলক ওপৰৰ পৰা নিৰ্দেশনা দিয়া হৈছিল যে নিজৰ নিজৰ এলেকাত যাব লাগিব ৷বাহিৰৰ পৰা কোনো লোক আহিছে নেকি চাব লাগিব আৰু কাৰ্যালয়ত সেই খবৰ দিব লাগিব ৷ কিন্তু সেই কামখিনি কৰিবলৈ দিয়াৰ সময়ত আমাক দিয়া হৈছিল কেৱল দুযোৰ গ্ল’ভছ ৷ যি গ্ল’ভছত আঙুলিত সোমালেই গ্ল’ভছ চিঙি যায় ৷

সেইদৰে আমাক দিয়া হৈছিল ৫০ গ্ৰাম ছেনিটাইজাৰ ৷ সেই ভয়াৱহ সময়ত এদিনতে হাতত লগালেই শেষ হৈ যায় ৷ সেই তেতিয়াই দিয়া গ্ল’ভছ আৰু ছেনিটাইজাৰ যেন এতিয়ালৈকে আমি ব্যৱহাৰ কৰি আছো আৰু চলিয়ে আছে ৷ অথচ আমি কাম কৰিয়ে আছো ৷ সেই সময়ত আমি নিজৰ সুৰক্ষাৰ বাবে নিজৰ গাঁঠিৰ ধন ভাঙি গ্ল’ভছ, ছেনিটাইজাৰ আদি কিনি কাম কৰিছো ৷ গতিকে চৰকাৰৰ আমাৰ নিচিনা মানুহৰ কথা ভাবিবলৈ সময় নাই ৷ আম্বানীৰ দৰে মানুহক লৈহে ব্যস্ত তেওঁলোক ৷ মাজতে মুখ্যমন্ত্ৰীয়ে ক’ভিড কালত সেৱা আগবঢ়োৱা অংগনৱাড়ী কৰ্মী আৰু সহায়িকাসকলক ৫০০ টকাকৈ আগবঢ়াব বুলি ঘোষণা কৰিছিল ৷ কিন্তু আজিলৈকে আমি পোৱা নাই ৷ এয়াও কিজানি ফুটুকাৰ ফেনহে হ’ব ৷ চৰকাৰে আমাক দিয়া মোৱাইলৰ বাবেও এতিয়া আমি যন্ত্ৰণাত ভুগিবলগীয়া হৈছে ৷ তেওঁলোকে মোৱাইলৰ লগত এখন চুক্তি পত্ৰ দিছে ৷

মোৱাইলটোৱে অসুবিধা দিলেও নিজৰ গাঁঠিৰ ধন ভাঙি হলেও কাম কৰি দিব লাগিবই ৷ এইদৰেই আমাৰ ওপৰত কামৰ বোজা জাপি দিয়া হৈছে ৷ পোষণ আঁচনিৰ নামটো যোৱা চেপ্টেম্বৰ মাহটোত আমি জ্বালা যন্ত্ৰণা ভূগিবলগীয়া হৈছে ৷ চৰকাৰৰ পৰা কিন্তু আমাক এটকাও দিয়া হোৱা নাই ৷ আমি পুৱা ৮ বজাতে কেন্দ্ৰলৈ গৈ গাঁৱৰ প্ৰসূতী ,গৰ্ভৱতী মহিলা, শিশুসকল আৰু ৰাইজক মাতি আনি নানা কাৰ্যসূচী কৰিব লাগে ৷ গাঁঠিৰ ধন ভাঙি কাৰ্যসূচী কৰিবলগীয়া হৈছে ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অচ্ছে দিনৰ যি পোহাৰ মেলিলে সেই অচ্ছে দিনে আমাক এতিয়া জোলকে জোলকে পানী খুৱাইছে ৷ অচ্ছে দিনত আমি ধুঁৱলি কুঁৱলি দেখিছো ৷ ভাৰতবৰ্ষত প্ৰায় ২৮ লক্ষ অংগনৱাড়ী কৰ্মী- সহায়িকা আছে ৷ অসমত ১ লাখ ২১ হেজাৰ অংগনৱাড়ী কৰ্মী- সহায়িকাই কাম কৰি আছে ৷ প্ৰধানমন্ত্ৰীয়ে যে বেটী বাচাও বেটী পঢ়াও বুলি কৈ থাকে এই ২৯ লক্ষ ২১ হেজাৰ অংগনৱাড়ী কৰ্মী- সহায়িকা কি তেওঁৰ বেটীৰ শাৰীত নপৰিলো নেকি বুলি প্ৰশ্ন কৰে নেত্ৰীগৰাকীয়ে।

২৩ নৱেম্বৰত গুৱাহাটীৰ বিভাগীয় সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি তেওঁ কয় ৷ বিশেষকৈ কৰ্মী- সহায়িকাসকলক মাননীৰ সলনি মজুৰী প্ৰদান কৰা , কৰ্মী – সহায়িকাক মাহিলী ২১ হেজাৰ টকাকৈ মজুৰী প্ৰদান কৰা ,সহায়িকাৰ পদোন্নতিৰ ক্ষেত্ৰত বয়সৰ সীমা উঠাই লোৱা আৰু অৱসৰৰ সময়ত কৰ্মী – সহায়িকাক পেঞ্চন প্ৰদানৰ দাবীত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি সন্থাৰ ৰাজ্যিক সভানেত্ৰী জয়মতী দাসে উল্লেখ কৰে ৷

আনহাতে জিলা সমিতিৰ সম্পাদিকা জমিলা খাতুনে কয় যে আজি অসম চৰকাৰে আঁচনিৰ ওপৰত আঁচনি দিছে ৷ ইমান কষ্ট কৰি আমি কেন্দ্ৰবোৰ চলাই আছো ৷ কৰ্মীসকলে পায় ৬,৫০০ টকা, মিনি কৰ্মীসকলে পাই আছে ৪,৭৫০ টকা আৰু সহায়িকাসকলে পাই আছে ৩,২৫০ টকা ৷ তাকো নিয়মীয়াকৈ নাপাও ৷ চৰকাৰৰ সকলো আঁচনিতে আমাক কামত খটুৱায় ৷

কিন্তু আমাক মাননীৰ সলনি মজুৰী নিদিয়ে ৷ বঙাইগাঁও জিলাত ২,২৫০গৰাকী অংগনৱাড়ী কৰ্মী- সহায়িকা আছে বুলি কৈ বঙাইগাঁৱত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকলৈ আহিবলগীয়া অসমৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰিব বিচাৰিছিল যদিও শেহতীয়াভাৱে সাক্ষাত কৰাৰ বাবে দিয়া আবেদনখন গ্ৰহণ কৰা নাই বুলি প্ৰকল্প বিষয়াই অৱগত কৰিছে বুলি কয় ৷ যোৱা ৬ নৱেম্বৰত মুখ্যমন্ত্ৰীৰ সাক্ষাৎ বিচাৰি বিধায়ক ফণীভূষণ চৌধুৰী আৰু জিলা উপায়ুক্তক আবেদন জনাইছিল ৷ সেয়ে আমি মানুহ নহয় নেকি যে আমাক সাক্ষাৎ কৰিবলৈকো নিদিয়ে ?

আমি আমাৰ মনৰ বেদনাখিনি প্ৰকাশ কৰিব বিচাৰিছিলো ৷ তাকো নিদিলে ৷ যাৰ বাবে এই সংবাদ মেলৰ আয়োজন কৰিছো বুলি কয় ৷ সংবাদ মেলত জিলা সমিতিৰ বিষয়ববীয়া সকলৰ লগতে কৰ্মী – সহায়িকাও উপস্থিত আছিল ৷

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd