• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপৰীয়া লোক-সংস্কৃতিৰ গৱেষক দ্বিজেন নাথৰ দেহাৱসান

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 21, 2021 2:03 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ সাহিত্য-সংস্কৃতি জগতৰ আন এগৰাকী পুৰোধা ব্যক্তিৰ দেহাৱসান । সাহিত্যিক তথা গোৱালপৰীয়া লোক সংস্কৃতিৰ গৱেষক দ্বিজেন নাথ আৰু নাই ।

৮১ বছৰ বয়সত বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীৰ বাঁশবাৰী উলুবাৰীপাৰা গাঁৱৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে তেওঁৰ। সাহিত্যিক গৰাকী কিছুদিনৰ পৰা বাৰ্ধক্যজনিত ৰোগত অসুস্থ হৈ আছিল । তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছত বহু গুণমুগ্ধই তেখেতৰ বাসভৱনত গৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

বঙাইগাঁও জিলা সাহিত্য সভা, বঙাইগাঁও জিলা ছাত্ৰ সন্থা, বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে বাসগৃহ চৌহদতে সাহিত্যিক গৰাকীৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

তাৰ পিছত তেখেতৰ নশ্বৰ দেহ পূৰ্বতে তেওঁ শিক্ষকতা কৰা নৰ্থ বইটামাৰী হাইস্কুললৈ নিয়ে । তাত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা ৰাইজে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

পিছত ডেকলিমাৰীত বইটামাৰী আঞ্চলিক যোগী সমিতি, বঙাইগাঁও জিলা নাথ-যোগী ছাত্ৰ সন্থা, ডেকলিমাৰী ৰূপজ্যোতি সংঘ আদিয়ে শেষ শ্ৰদ্ধা নিবেদন কৰে ।

স্থানীয় শ্মশানত বৰেণ্য সাহিত্যিক গৰাকীৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন হয় । সাহিত্যিক গৰাকীৰ মৃত্যুত জিলাখনত শোঁকৰ ছা পৰিছে। সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

নাথৰ মৃত্যুৰ লগে লগে সমাপ্তি ঘটিল এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ । ১৯৪০ চনৰ ৬ এপ্ৰিলত নৰ্থ বইটামাৰীৰ বাঁশবাৰী উলুবাৰীপাৰা গাঁৱত জন্মগ্ৰহণ কৰা নাথে আনুষ্ঠানিক শিক্ষাগ্ৰহণ সমাপ্ত কৰি নৰ্থ বইটামাৰী হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে ।

পিছত প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰি ১৯৯৯ চনৰ ২৮ ফেব্ৰুৱাৰীত বিদ্যালয়ৰ পৰা অৱসৰগ্ৰহন কৰে । শিক্ষকতা কৰাৰ সমান্তৰালকৈ তেওঁ সাহিত্য-সংস্কৃতি সাধনাত নিমগ্ন হয় । ১৯৭১ চনত ‘গোৱালপাৰাৰ ডায়েৰী’ নামেৰে অৱিভক্ত গোৱালপাৰা জিলাৰ সামাজিক-সাংস্কৃতিক ইতিহাস সম্বলিত তেওঁৰ ৰচিত এখন গ্ৰন্থ প্ৰকাশ হয় । গোৱালপৰীয়া ভাষা-সংস্কৃতিৰ ওপৰত তেওঁ ৰচিত আন মূল্যবান গ্ৰন্থসমূহ হ’ল- ‘গোৱালপৰীয়া লোকগীত’, ‘গোৱালপৰীয়া লোক-সাহিত্যত দৃষ্টিপাত’, ‘গোৱালপৰীয়া লোক-সংস্কৃতি’ , ‘গোৱালপৰীয়া লোককথাৰ সুগন্ধি সৌৰভ’, ‘গোৱালপৰীয়া লোককথাৰ মৌকোঁহ’ আৰু ‘ গোৱালপৰীয়া ভাৱাইয়া গীতত দৃষ্টিপাত’ ।

গৱেষণাধৰ্মী প্ৰতিখন গ্ৰন্থই গোৱালপৰীয়া ভাষা-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰসাৰত অনবদ্য অৰিহনা যোগাইছে । ইয়াৰ উপৰি ‘ জীৱন বীণাৰ সুৰ’ নামৰ গীতি-কবিতা পুথি ৰ লগতে ‘তুমি আৰু মই ‘ আৰু ‘ দৃষ্টিৰ আঁৰে আঁৰে’ দুখন উপন্যাসৰ স্ৰষ্টা দ্বিজেন নাথ । ‘কাঁচি জোন’ নামৰ গল্প সংকলন এখনো ৰচনা কৰিছিল সাহিত্যিক গৰাকীয়ে । গ্ৰন্থ সমূহৰ উপৰি আন বহু লিখনি বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে ।

তেওঁ এনেদৰে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়াই গ’ল অনবদ্য বৰঙণি। স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো ওত:প্ৰোত জড়িত আছিল নাথ । অসম সাহিত্য সভাৰ লগতো ওত:প্ৰোতভাৱে জড়িত নাথে ১৯৮৩ চনত বঙাইগাঁৱত অনুষ্ঠিত সাহিত্য সভাৰ সোণালী জয়ন্তী অধিৱেশনৰ স্মৃতিগ্ৰন্থৰ মুখ্য সম্পাদকৰ দৰে দায়িত্বও পালন কৰিছিল ।

তেওঁৰ মৃত্যুৰ লগে লগে অভিভাৱকহীন হ’ল নৰ্থ বইটামাৰী অঞ্চল । অঞ্চলবাসীৰ এটাই আক্ষেপ- সাহিত্যিক গৰাকীক চৰকাৰে কেৱল সাহিত্যিক পেঞ্চন দিয়েই দায়িত্ব সামৰিলে ।

বহু ক্ষেত্ৰত উপেক্ষিত-অৱহেলিত হৈয়ো স্ব-গৰিমাৰে উজলি কীৰ্তিময় জীৱন পৰিক্ৰমা সামৰি তেওঁ গুচি গ’লগৈ অজান দেশলৈ । মৃত্যুৰ সময়ত তেওঁ পত্নী-পুত্ৰ-বোৱাৰী-নাতি-নাতিনী আদি আত্মীয়-স্বজনক এৰি থৈ যায় ।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

মোডীৰ কৰ্পৰেট বন্ধুক মাত্ৰ ১ টকাত ১০০০ একৰ মাটি; বিহাৰত ডাবল ইঞ্জিন চৰকাৰৰ ডাবল লুট!

September 16, 2025 9:19 am
কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

কাৰিকৰী সমস্যাৰ বাবে আয়কৰ ৰিটাৰ্ণৰ দাখিলৰ সময়সীমা বৃদ্ধি

September 16, 2025 8:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd