• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোৱালপৰীয়া লোক-সংস্কৃতিৰ গৱেষক দ্বিজেন নাথৰ দেহাৱসান

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও by প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও
November 21, 2021 2:03 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ সাহিত্য-সংস্কৃতি জগতৰ আন এগৰাকী পুৰোধা ব্যক্তিৰ দেহাৱসান । সাহিত্যিক তথা গোৱালপৰীয়া লোক সংস্কৃতিৰ গৱেষক দ্বিজেন নাথ আৰু নাই ।

৮১ বছৰ বয়সত বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰীৰ বাঁশবাৰী উলুবাৰীপাৰা গাঁৱৰ নিজা বাসভৱনত পৰলোকপ্ৰাপ্তি ঘটে তেওঁৰ। সাহিত্যিক গৰাকী কিছুদিনৰ পৰা বাৰ্ধক্যজনিত ৰোগত অসুস্থ হৈ আছিল । তেওঁৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছত বহু গুণমুগ্ধই তেখেতৰ বাসভৱনত গৈ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

Apply Now

বঙাইগাঁও জিলা সাহিত্য সভা, বঙাইগাঁও জিলা ছাত্ৰ সন্থা, বইটামাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধিয়ে বাসগৃহ চৌহদতে সাহিত্যিক গৰাকীৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।

তাৰ পিছত তেখেতৰ নশ্বৰ দেহ পূৰ্বতে তেওঁ শিক্ষকতা কৰা নৰ্থ বইটামাৰী হাইস্কুললৈ নিয়ে । তাত শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী তথা ৰাইজে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।

পিছত ডেকলিমাৰীত বইটামাৰী আঞ্চলিক যোগী সমিতি, বঙাইগাঁও জিলা নাথ-যোগী ছাত্ৰ সন্থা, ডেকলিমাৰী ৰূপজ্যোতি সংঘ আদিয়ে শেষ শ্ৰদ্ধা নিবেদন কৰে ।

স্থানীয় শ্মশানত বৰেণ্য সাহিত্যিক গৰাকীৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন হয় । সাহিত্যিক গৰাকীৰ মৃত্যুত জিলাখনত শোঁকৰ ছা পৰিছে। সাহিত্যিক গৰাকীৰ মৃত্যুত ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱেও শোক প্ৰকাশ কৰাৰ লগতে পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ।

নাথৰ মৃত্যুৰ লগে লগে সমাপ্তি ঘটিল এক বৰ্ণিল জীৱন পৰিক্ৰমাৰ । ১৯৪০ চনৰ ৬ এপ্ৰিলত নৰ্থ বইটামাৰীৰ বাঁশবাৰী উলুবাৰীপাৰা গাঁৱত জন্মগ্ৰহণ কৰা নাথে আনুষ্ঠানিক শিক্ষাগ্ৰহণ সমাপ্ত কৰি নৰ্থ বইটামাৰী হাইস্কুলত শিক্ষক হিচাপে কৰ্মজীৱনৰ পাতনি মেলে ।

পিছত প্ৰধান শিক্ষক হিচাপে দায়িত্ব পালন কৰি ১৯৯৯ চনৰ ২৮ ফেব্ৰুৱাৰীত বিদ্যালয়ৰ পৰা অৱসৰগ্ৰহন কৰে । শিক্ষকতা কৰাৰ সমান্তৰালকৈ তেওঁ সাহিত্য-সংস্কৃতি সাধনাত নিমগ্ন হয় । ১৯৭১ চনত ‘গোৱালপাৰাৰ ডায়েৰী’ নামেৰে অৱিভক্ত গোৱালপাৰা জিলাৰ সামাজিক-সাংস্কৃতিক ইতিহাস সম্বলিত তেওঁৰ ৰচিত এখন গ্ৰন্থ প্ৰকাশ হয় । গোৱালপৰীয়া ভাষা-সংস্কৃতিৰ ওপৰত তেওঁ ৰচিত আন মূল্যবান গ্ৰন্থসমূহ হ’ল- ‘গোৱালপৰীয়া লোকগীত’, ‘গোৱালপৰীয়া লোক-সাহিত্যত দৃষ্টিপাত’, ‘গোৱালপৰীয়া লোক-সংস্কৃতি’ , ‘গোৱালপৰীয়া লোককথাৰ সুগন্ধি সৌৰভ’, ‘গোৱালপৰীয়া লোককথাৰ মৌকোঁহ’ আৰু ‘ গোৱালপৰীয়া ভাৱাইয়া গীতত দৃষ্টিপাত’ ।

গৱেষণাধৰ্মী প্ৰতিখন গ্ৰন্থই গোৱালপৰীয়া ভাষা-সংস্কৃতিক বিশ্ব দৰবাৰত প্ৰসাৰত অনবদ্য অৰিহনা যোগাইছে । ইয়াৰ উপৰি ‘ জীৱন বীণাৰ সুৰ’ নামৰ গীতি-কবিতা পুথি ৰ লগতে ‘তুমি আৰু মই ‘ আৰু ‘ দৃষ্টিৰ আঁৰে আঁৰে’ দুখন উপন্যাসৰ স্ৰষ্টা দ্বিজেন নাথ । ‘কাঁচি জোন’ নামৰ গল্প সংকলন এখনো ৰচনা কৰিছিল সাহিত্যিক গৰাকীয়ে । গ্ৰন্থ সমূহৰ উপৰি আন বহু লিখনি বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পাইছে ।

তেওঁ এনেদৰে অসমীয়া ভাষা-সাহিত্যলৈ আগবঢ়াই গ’ল অনবদ্য বৰঙণি। স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো ওত:প্ৰোত জড়িত আছিল নাথ । অসম সাহিত্য সভাৰ লগতো ওত:প্ৰোতভাৱে জড়িত নাথে ১৯৮৩ চনত বঙাইগাঁৱত অনুষ্ঠিত সাহিত্য সভাৰ সোণালী জয়ন্তী অধিৱেশনৰ স্মৃতিগ্ৰন্থৰ মুখ্য সম্পাদকৰ দৰে দায়িত্বও পালন কৰিছিল ।

তেওঁৰ মৃত্যুৰ লগে লগে অভিভাৱকহীন হ’ল নৰ্থ বইটামাৰী অঞ্চল । অঞ্চলবাসীৰ এটাই আক্ষেপ- সাহিত্যিক গৰাকীক চৰকাৰে কেৱল সাহিত্যিক পেঞ্চন দিয়েই দায়িত্ব সামৰিলে ।

বহু ক্ষেত্ৰত উপেক্ষিত-অৱহেলিত হৈয়ো স্ব-গৰিমাৰে উজলি কীৰ্তিময় জীৱন পৰিক্ৰমা সামৰি তেওঁ গুচি গ’লগৈ অজান দেশলৈ । মৃত্যুৰ সময়ত তেওঁ পত্নী-পুত্ৰ-বোৱাৰী-নাতি-নাতিনী আদি আত্মীয়-স্বজনক এৰি থৈ যায় ।

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

প্রণৱ কুমাৰ ডেকা,বঙাইগাঁও

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

উইকেণ্ড পাৰ্টিত সুৰাৰ আড্ডা, ইজনৰ পিছত সিজনকৈ ৯ জন লোকৰ মৃত্যু; আঁৰত বিষাক্ত মদ?

September 6, 2026 12:41 pm
হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd